Tokyo Olympics: মল্লযুঁজত ৰূপৰ পদক লাভ ৰবি কুমাৰৰ

author img

By

Published : Aug 5, 2021, 5:46 PM IST

Tokyo Olympics: Ravi Kumar Dahiya settles for silver in 57kg wrestling final

ভাৰোত্তোলক মীৰাবাই চানু (Mirabai Chanu)ৰ পাছত টকিঅ’ অলিম্পিকত পুনৰ ৰূপৰ পদক অৰ্জন আন এজন ভাৰতীয়ৰ ৷ মল্লযুঁজত ভাৰতীয় মল্লযুদ্ধা ৰবি কুমাৰ দহিয়াই লাভ কৰিছে ৰূপৰ পদক ৷

স্প’ৰ্টছ ডেস্ক, 5 আগষ্ট : টকিঅ’ অলিম্পিক (Tokyo Olympic)ত মল্লযুঁজত ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় ভাৰত ৷ ভাৰতীয় মল্লযুদ্ধা ৰবি কুমাৰ দহিয়া(Ravi Kumar Dahiya)ই বৃহস্পতিবাৰে টকিঅ’ অলিম্পিকৰ ফাইনেলত ৰাছিয়াৰ জাভুৰ উগুয়েভ(Zavur Uguev of Russian)ৰ হাতত ৪-৭ পইন্টত পৰাস্ত হয় । ৰবি কুমাৰ সুশীল কুমাৰ (Sushil Kumar)ৰ পিছত অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মল্লযোদ্ধা । সুশীল কুমাৰে ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল ।

টকিঅ’ অলিম্পিক (Tokyo Olympics)ত বুধবাৰে কাজাখস্তানৰ নুৰইছলাম ছানায়েভ(Nurislam Sanayev of Kazakhstan)ক পৰাস্ত কৰি ৰবি কুমাৰ দহিয়াই (Ravi Kumar Dahiya) পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰী ষ্টাইলৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷ ৰবি কুমাৰ দহিয়া ২০১২ চনত সুশীল কুমাৰৰ পিছত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ ৷

আনহাতে বুধবাৰে পুৰুষৰ ফ্ৰী ষ্টাইল ৮৬ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত ভাৰতৰ মল্লযুদ্ধা দীপক পুনিয়া (Wrestler Deepak Punia) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেভিদ টেইলৰ(USA's David Taylor)ৰ হাতত ১০-০ পইন্টত পৰাস্ত হয় । ইয়াৰ পূৰ্বে, টকিঅ' অলিম্পিকত ভাৰোত্তোলক মীৰাবাই চানু(Mirabai Chanu)ৱে ৰূপৰ পদক অৰ্জন কৰিছিল ৷

লগতে পঢ়ক : টকিঅ’ অলিম্পিকত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ ৰবি কুমাৰ দহিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.