FIFA World Cup 2022: 92 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৰাণ পাঠেৰে আৰম্ভ ফিফা বিশ্বকাপ

author img

By

Published : Nov 21, 2022, 10:33 PM IST

FIFA World Cup 2022

ৰণশিঙা বাজিল ফুটবলৰ মহাৰণৰ ৷ বিজয় মুকুট পিন্ধিবলৈ সাজু বিশ্বৰ 32 খনকৈ দেশ(FIFA World Cup 2022) ৷ উদ্বোধনী অনুষ্ঠানৰ মাজতে সমগ্ৰ বিশ্বতে আলোচ্য বিষয় হৈ পৰিছিল কাটাৰৰ ফিফা বিশ্বকাপ 2022 ৷ পোন প্ৰথমবাৰৰ বাবে আৰৱ দেশত আয়োজন হোৱা কাটাৰ ফিফা বিশ্বকাপৰ শুভাৰম্ভণি হয় কোৰাণ পৰিবেশনেৰে ৷

স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ: কাটাৰত দেওবাৰৰ পৰা আৰম্ভ হয় ফুটবলৰ মহাৰণ (2022 FIFA World Cup in Qatar) ৷ দেওবাৰে সন্ধিয়া ৰণশিঙা বাজে এই মহাৰণৰ (2022 FIFA World Cup in Qatar) । ইয়াৰ লগতে ৰণভূমিত অৱতীৰ্ণ হ'বলৈ সাজু বিশ্বৰ 32 খনকৈ দেশ । এই মহাৰণৰ ৰণশিঙা বজাৰ লগে লগে ইতিহাসত লিপিবদ্ধ হ’ল 22 তম কাটাৰ ফিফা বিশ্বকাপ 2022 (FIFA World Cup 2022) ৷

আৰব দেশত অনুষ্ঠিত হোৱা প্ৰথমখন ফিফা বিশ্বকাপ হৈছে 2022 কাটাৰ বিশ্বকাপ (First FIFA world cup in Arab country) । কাটাৰ বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান আল-বেইট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । উদ্বোধনী অনুষ্ঠানত প্ৰথমে কাটাৰৰ মৰুভূমি দেখুওৱা হৈছিল । ইয়াৰ পিছত, হলিউড অভিনেতা মৰ্গান ফ্ৰীমেনে ভিডিঅ'ৰ জৰিয়তে কাটাৰৰ ফুটবলৰ লগত জড়িত ইতিহাস বৰ্ণনা কৰে ।

উদ্বোধনী অনুষ্ঠানত বিটিএছৰ মুখ্য গায়ক জাংকুকেক ধৰি প্ৰায় 900 ৰো অধিক শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰে । শিল্পীসকলে অনুষ্ঠানৰ শেষত বিভিন্ন দলৰ জাৰ্চী পৰিধান কৰি পতাকা উৰুৱাই নৃত্য প্ৰদৰ্শন কৰিছিল । আতচবাজীৰে সামৰণি পৰে উদ্বোধনী অনুষ্ঠানটো (FIFA world cup 2022 updates) ।

উদ্বোধনী অনুষ্ঠানৰ মাজতে সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছিল কাটাৰৰ ফিফা বিশ্বকাপ 2022 ৷ 92 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৰাণ পৰিবেশনেৰে আৰম্ভ হয় ফিফা বিশ্বকাপ 2022 (Quran recitation in FIFA World Cup 2022) ৷ উদ্বোধনী অনুষ্ঠানটোৰ বাবে কোৰাণ-ই-পাক পাঠ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল শিশুসকলক । এই দৃশ্যটো সমগ্ৰ বিশ্বতে আলোচ্য বিষয় হৈ পৰিছিল ।

ফিফা বিশ্বকাপ 2022 ৰ প্ৰথমখন খেল আল বায়াত ষ্টেডিয়ামত গ্ৰুপ Aৰ কাটাৰ আৰু ইকুৱেডৰৰ(FIFA World Cup First Match) মাজত অনুষ্ঠিত হৈছিল । উদ্বোধনী খেলখনত আয়োজক দল কাটাৰক 2-0 গ'লত পৰাস্ত কৰে ইকুৱেডৰে(FIFA World Cup 2022 Football News) ৷

লগতে পঢ়ক: Pranay Sharma scripts history: কাৰাটে 1 শৃংখলাত স্বৰ্ণ জয় প্ৰণয় শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.