অন্তিম মেচত পৰাজয়েৰে বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰ’জাৰ ফেডাৰেৰ

author img

By

Published : Sep 24, 2022, 2:10 PM IST

federara

অৱসৰৰ অন্তিম মেচখন সুখকৰ নহ'ল ৰ'জাৰ ফেডাৰেৰ । পৰাজয়েৰে নিজৰ বৰ্ণিল টেনিছ জীৱন সামৰণি মাৰিলে ফেডাৰেৰে । উল্লেখ্য, ছুইজাৰলেণ্ডৰ তাৰকা টেনিছ খেলুৱৈ ৰজাৰ ফেডাৰেৰে অলপতে অৱসৰ ঘোষণা কৰিছিল (Roger Federer announced his retirement) ।

স্পৰ্টছ ডেস্ক, ২৪ ছেপ্টেম্বৰ : অৱসৰৰ অন্তিম মেচখন সুখকৰ নহ'ল ৰ'জাৰ ফেডাৰেৰ । পৰাজয়েৰে নিজৰ বৰ্ণিল টেনিছ জীৱন সামৰণি মাৰিলে ফেডাৰেৰে । উল্লেখ্য, ছুইজাৰলেণ্ডৰ তাৰকা টেনিছ খেলুৱৈ ৰজাৰ ফেডাৰেৰে অলপতে অৱসৰ ঘোষণা কৰিছিল (Roger Federer announced his retirement) । ৪১ বছৰীয়া ফেডাৰেৰে শুকুৰবাৰে নিজৰ পেছাদাৰী টেনিছ জীৱনৰ অন্তিমখন খেলত অংশগ্ৰহণ কৰে (Federer played last match in doubles) ।

বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ
বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ

ফেডাৰেৰে উক্ত মেচত ডাবলছত অংশগ্ৰহণ কৰে । মেচখনত তেওঁৰ সংগী আছিল স্পেনিছ টেনিছ তাৰকা ৰাফেল নাডাল (Spanish tennis star Rafael Nadal) । অৱশ্যে লণ্ডনত অনুষ্ঠিত মেচখনত ৰজাৰ ফেডাৰেৰে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচত জয়লাভ কৰিব নোৱাৰিলে । তেওঁৰ যুটিটোৱে আমেৰিকাৰ ফ্ৰান্সেছ টিয়াফো আৰু জেক চকৰ বিৰুদ্ধে 4-6, 7-6(2), 11-9 ত ব্যৱধানত পৰাজয়বৰণ কৰে । মেচখনৰ পিছত ফেডাৰেৰে এক আৱেগিক বিদায় লয় (Federer emotional farewell) ।

বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ
বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ

উক্ত মেচখনৰ পিছত ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে । য'ত স্পষ্টকৈ দেখা গৈছে যে ফেডাৰেৰৰ অন্তিম মেচখনৰ পিছত তেওঁৰ চকুৰে নিগৰিছে চকুলো । তেওঁক কান্দি থকা দেখা গৈছিল । এই সময়ছোৱাত নাডালৰ উপৰি ছাৰ্বিয়াৰ তাৰকা খেলুৱৈ নোভাক জকোভিচো তেওঁৰ সৈতে উপস্থিত আছিল (Serbia star player Novak Djokovic) । তাৰ উপৰি আন বহুকেইজন তাৰকা খেলুৱৈও তাত উপস্থিত আছিল । ফেডাৰেৰে তেওঁলোক সকলোকে সাৱটি ধৰি টেনিছক বিদায় জনাইছিল । উক্ত সময়ত তেওঁৰ মন্তব্য আছিল, এইটো এটা সুন্দৰ দিন আছিল (Federer goodbye to tennis) ।

বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ
বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ

"মই সুখী, দুখী নহয় । ইয়াত উপস্থিত হৈ ভাল লাগিছে, আৰু মই শেষবাৰৰ বাবে সকলোবোৰ কৰি ভাল পাইছোঁ । বৰ ধেমেলীয়া, সকলো মেচ, অনুৰাগী, পৰিয়াল, বন্ধুবৰ্গৰ সৈতে, মই বেছি চাপ অনুভৱ কৰা নাই । আনন্দিত যে মই আজিও খেলখন খেলিবলৈ সক্ষম হৈছোঁ । যদি মই খেলিব নোৱাৰিলোঁহেঁতেনে, তেন্তে মই সুখী হ'ব নোৱাৰিলোঁহেঁতেন ।" ফেডাৰেৰে কয় ।

এই সময়ছোৱাত ৰাফেল নাডালকে ধৰি আন খেলুৱৈসকলকো আৱেগিক দেখা গৈছিল । উল্লেখ্য, পুৰুষৰ ছিংগলছত সৰ্বাধিক গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰাৰ ক্ষেত্ৰত ৰজাৰ ফেডাৰেৰ তিনি নম্বৰত আছে । তেওঁ এতিয়ালৈকে ২০ টা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰিছে । অৱশ্যে ৰাফেল নাডাল এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে । তেওঁ সৰ্বাধিক 22 টা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰিছে (Rafael Nadal Grand Slam titles) ।

বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ
বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ

২০১৮ চনত ৰ'জাৰ ফাডাৰেৰে অন্তিমটো গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰিছিল । ৰজাৰ ফেডাৰেৰে ২৮ জানুৱাৰী ২০১৮ ত অষ্ট্ৰেলিয়ান অ'পেনত তেওঁৰ অন্তিম গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰিছিল । তেওঁ উক্ত খিতাপ দখলকাৰী মেচখনত ক্ৰোৱেছিয়াৰ মাৰিন চিলিক পৰাস্ত কৰে । সেই সময়ত তেওঁ ২০ টা গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম পুৰুষ টেনিছ তাৰকাৰ সন্মান লাভ কৰিছিল । অৱশ্যে এই বছৰৰ শেষৰ ফালে ৰাফেল নাডালে তেওঁৰ অভিলেখ ভংগ কৰে ।

উক্ত খিতাপৰ পিছত ফেডাৰেৰৰ ওপৰত বয়সৰ প্ৰভাৱ স্পষ্টভাৱে দেখা পোৱা আৰম্ভ হয় আৰু তেওঁৰ ফৰ্ম হ্ৰাস পাবলৈ ধৰে । আঘাতৰ বাবে ফেডাৰেৰে চলিত বছৰত এটাও গ্ৰেণ্ড শ্লেমত অংশগ্ৰহণ কৰিব নোৱাৰিলে । অন্তিমবাৰৰ বাবে ফেডাৰেৰে ২০২১ চনৰ ফ্ৰেন্স অ'পেনত অংশগ্ৰহণ কৰিছিল ।

বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ
বৰ্ণিল কেৰিয়াৰৰ সামৰণি ৰজাৰ ফেডাৰেৰৰ

চলিত মাহত ফেডাৰেৰে টেনিছ জীৱনৰ পৰা অৱসৰ ঘোষণা কৰে । ফেডাৰেৰে ১৫ ছেপ্টেম্বৰত এটা ছ'চিয়েল মিডিয়া পোষ্ট শ্বেয়াৰ কৰি টেনিছৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে । তেওঁ কয় যে 41 বছৰ বয়সত তেওঁ অনুভৱ কৰে যে টেনিছক বিদায় জনোৱাৰ সময় আহি পৰিছে । ফেডাৰেৰে লিখিছিল, "মোৰ বয়স ৪১ বছৰ । মই ২৪ বছৰত ১৫০০ তকৈও অধিক মেচ খেলিছোঁ । টেনিছে মোক আগতকৈ অধিক উদাৰ ব্যৱহাৰ কৰিছে আৰু এতিয়া মই চিনাক্ত কৰিব লাগিব যে কেতিয়া মোৰ প্ৰতিযোগিতামূলক কেৰিয়াৰৰ সমাপ্তি ।"

পুৰুষৰ সৰ্বাধিক একক গ্ৰেণ্ড শ্লেম খিতাপ :

1. ৰাফেল নাচাল (স্পেইন) - 22 (অষ্ট্ৰেলিয়ান-2, ফৰাচী-14, উইম্বলডন-2, আমেৰিকান-4)

2. নোভাক জকোভিচ (ছাৰ্বিয়া) - 21 (অষ্ট্ৰেলিয়ান-9, ফৰাচী-2, উইম্বলডন-7, আমেৰিকান-3)

3. ৰ'জাৰ ফেডাৰেৰ (ছুইজাৰলেণ্ড) - 20 (অষ্ট্ৰেলিয়ান-6, ফৰাচী-1, উইম্বলডন-8, আমেৰিকান-5)

4. পিট চাম্প্ৰাছ (আমেৰিকা যুক্তৰাষ্ট্ৰ)-14 (অষ্ট্ৰেলিয়ান-2, ফৰাচী-0, উইম্বলডন-7, আমেৰিকান-5)

লগতে পঢ়ক :নৰ্থ চেনেল সাঁতুৰি প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিলে এলভিছ আলী হাজৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.