Champions League 2022 : ৰিয়েল মাদ্ৰিদে পুনৰ আঁজুৰি আনিলে চেম্পিয়নছ লীগৰ খিতাপ

author img

By

Published : May 29, 2022, 10:45 AM IST

Champions League 2022

পেৰিছৰ ষ্টেড ডি ফ্ৰান্সত চেম্পিয়নছ লীগৰ ফাইনেল খেলখন অনুষ্ঠিত হয় (Champions League 2022 final)। অতি ৰোমাঞ্চকৰ খেলখনত একমাত্ৰ গলটো কৰিবলৈ সক্ষম হয় ব্ৰাজিলিয়ান উইঙ্গাৰ ভিনিচিয়াছ জুনিয়ৰে । ৰিয়েল মাদ্ৰিদে চতুৰ্দশ ইউৰোপীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।

স্পৰ্টছ ডেস্ক,২৯ মে' : চেম্পিয়নছ লীগৰ ফাইনেলত স্পেনিছ ফুটবল ক্লাৱ ৰিয়েল মাদ্ৰিদে লিভাৰপুলক পৰাস্ত কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় (Real Madrid beat Liverpool in the Champions League final)। এই জয়ৰ লগে লগে দলটোৱে চতুৰ্দশ ইউৰোপীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । চেম্পিয়নছ লীগৰ অন্তিম খেলখনত 1:0 গলত পৰাস্ত বিশ্বৰ জনপ্ৰিয় ফুটবল ক্লাৱ লিভাৰপুল ।

পেৰিছৰ ষ্টেড ডি ফ্ৰান্সত অনুষ্ঠিত খেলখনত ৰিয়েল মাদ্ৰিদৰ হৈ ৫৯ মিনিটত ব্ৰাজিলিয়ান উইঙ্গাৰ ভিনিচিয়াছ জুনিয়ৰে একমাত্ৰ গলটো কৰিবলৈ সক্ষম হয় (Winger Vinicius Junior scoring the only goal)। ইফালে ৰিয়েল মাদ্ৰিদৰ জয় দলটোৰ মুখ্য প্ৰশিক্ষক ইটালীৰ কাৰ্লো আন্চেলোটিৰ বাবেও গুৰুত্বপূৰ্ণ আছিল । কাৰণ এই জয়ৰ পাছতে কাৰ্লো আন্চেলোটি প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল মেনেজাৰ হিচাপে পৰিগণিত হয় । এতিয়ালৈ তেওঁৰ ৰেকৰ্ডত চাৰিটা চেম্পিয়নছ লীগৰ খিতাপ আছে ।

আনহাতে ৰিয়েল মাদ্ৰিদৰ বাবে এইখন ১৭ তম ইউৰোপিয়ান কাপৰ ফাইনেল আছিল আৰু তৃতীয়বাৰৰ বাবে তেওঁলোকে লিভাৰপুলৰ সৈতে মুখামুখি হৈছিল । যাৰবাবে প্ৰতিযোগিতাৰ ইতিহাসত এইখন খেল অতি ৰোমাঞ্চকৰ আছিল । ২০১৮ চনত এই দুয়োটা ক্লাৱৰ মাজত হোৱা চেম্পিয়নছ লীগৰ ফাইনেলত, মাদ্ৰিদে ডেচিমোটেৰচেৰা দখল কৰিছিল ।

দলটোৰ সফলতাৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দলটোৰ অন্যতম সফল ষ্ট্ৰাইকাৰ কৰিম বেঞ্জেমাৰ প্ৰশংসা কৰি মুখ্য প্ৰশিক্ষক কাৰ্লো আন্চেলোটিয়ে কয় যে ফৰাচী খেলুৱৈজনৰ বাবে অতি সফল ছিজন আছিল আৰু এই ছিজনত ১৫ টা গলৰ সৈতে চেম্পিয়নছ লীগৰ শীৰ্ষ গল সংগ্ৰাহক হিচাপে তেওঁ কৃতিত্ব অৰ্জন কৰিছে । মাদ্ৰিদে ক্লাৱৰ ৩৫ তম লা লিগা খিতাপ অৰ্জন কৰাৰ পাছতে চেম্পিয়নছ লীগৰ খিতাপ অৰ্জন কৰে ।

লগতে পঢ়ক :Assam daughter set record by swimming: সুদূৰ ভাৰত মহাসাগৰত অসম কন্যাৰ কৃতিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.