World Boxing Championship 2022 : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ

author img

By

Published : May 20, 2022, 12:59 PM IST

World Boxing Championship

তেলেংগনাত বিজয় উৎসৱ । তেলেগু নিখাত জাৰিনে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় (Nikhat Zareen wins gold at Boxing Championships) কৰাৰ পাছতে ৰাজ্যজুৰি উখল মাখল পৰিৱেশ । মুখ্যমন্ত্ৰী, ৰাজ্যপালেও শুভেচ্ছা জনাইছে জাৰিনক । মন্ত্ৰী প্ৰশান্ত ৰেড্ডীৰ ১ লাখ টকাৰ উপহাৰ ঘোষণা ।

নেশ্যনেল ডেস্ক, ২০ মে' : বিশ্ব ক্ৰীড়াত পুনৰ উজলিল ভাৰত । এইবাৰ বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ (Nikhat Zareen wins gold at Boxing Championships)। ইস্তানবুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫২ কেজি শাখাত স্বৰ্ণ জয় কৰি ইতিহাস ৰচিলে নিখাত জাৰিনে ।

ফাইনেলত থাইলেণ্ডৰ বক্সাৰ জিতপাঙক ৫-০ পইণ্টত পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে (Nikhat Zareen wins gold at World Boxing Championship)। ইয়াৰ লগে লগে বিশ্ব চেম্পিয়ন হোৱা তেলেংগনাৰ প্ৰথম মহিলা হিচাপে অভিলেখ গঢ়িলে নিখাতে । নিখাত জাৰিন হৈছে বিশ্ব চেম্পিয়নশ্বিপত (World Boxing Championship 2022) সোণৰ পদক অৰ্জন কৰা ভাৰতৰ পঞ্চমগৰাকী বক্সাৰ । ইয়াৰ পূৰ্বে মেৰী কম, সৰিতা দেৱী, জেনি আৰ এল আৰু লেখা কেচিয়ে সোণৰ পদক লাভ কৰিছিল ।

নিখাত জাৰিনৰ এই সফলতাৰ পাছতে সমগ্ৰ তেলেংগনাত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । বিশেষকৈ, খেলুৱৈগৰাকীৰ জন্মস্থান নিজামাবাদত বিজয় উদযাপন কৰা দেখা গৈছে । নিখাতৰ পৰিয়াল, বন্ধুবৰ্গ, চুবুৰীয়া, আত্মীয় আৰু প্ৰশিক্ষকসকলে হায়দৰাবাদৰ মানিকোণ্ডাত থকা তেওঁলোকৰ বাসগৃহত বিজয় উদযাপন কৰে ।

নিখাতৰ পিতৃ জলিল আহমেদ আজি নিজৰ কন্যাক লৈ গৌৰৱান্বিত । যাৰ বাবে পিতৃয়ে চুবুৰীয়াৰ মাজত মিঠাই বিতৰণ কৰিছে । মাতৃৰ চকুতো দেখা গৈছে আনন্দৰ চকুপানী ।

ইফালে তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে নিখাত জাৰিনৰ প্ৰশংসা কৰিছে (Telangana CM praises Nikhat Zareen)। তেওঁ কয় যে, তেলেংগনাৰ জীয়ৰীয়ে সমগ্ৰ দেশক গৌৰৱান্বিত কৰাৰ বাবে তেওঁ অত্যন্ত আনন্দিত । তেওঁ কয় লগতে কয় যে চৰকাৰে সকলো ধৰণৰ ক্ৰীড়াক উৎসাহিত কৰি আহিছে ।

তেলেংগনাৰ ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনেও নিখাত জাৰিনক বিজয়ৰ বাবে অভিনন্দন জনায় । নিজামাবাদৰ বাসিন্দা তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ৰেড্ডীয়ে বক্সিং চেম্পিয়ন নিখাত জাৰিনক শুভেচ্ছা জ্ঞাপন কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে নিখাত তেলেংগনা আৰু নিজামাবাদ জিলাৰ গৌৰৱ । আনহাতে নিখাতক উপহাৰ হিচাপে ১ লাখ টকা দিয়াৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :India Wins Thomas Cup: থমাছ কাপৰ ফাইনেলত ইতিহাস ৰচিলে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.