নীৰজ চোপ্ৰাৰ আন এক কি আশা পূৰণ হ'ল ?

author img

By

Published : Sep 11, 2021, 5:38 PM IST

Neeraj Chopra

টকিঅ'ত সোণৰ পদ লাভ কৰি সপোন পূৰণ কৰিলে জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই । অলিম্পিকৰ পাছত এইবাৰ পুনৰ টুইটযোগে নীৰজ চোপ্ৰাই আন এক আশা পূৰণ হোৱাৰ কথা উল্লেখ কৰিছে । পিছে নীৰজ চোপ্ৰাৰ আন এক আশা কি আছিল ?

স্পৰ্টছ ডেস্ক,১১ ছেপ্টেম্বৰ : টকিঅ' অলিম্পিকত (Tokyo Olympics) সোণৰ পদক অৰ্জন কৰাৰ লগে লগে দেশবাসীৰ মাজত চৰ্চা লাভ কৰিছে নীৰজ চোপ্ৰাই (Neeraj Chopra) । অৱশ্যে জেভলিন থ্ৰোৱাৰ গৰাকী সলনি হোৱা নাই এতিয়াও পূৰ্বৰ দৰেই আছে । শনিবাৰে খেলুৱৈগৰাকীৰ আন এটা আশা পূৰণ হ'ল ।

প্ৰথমবাৰৰ বাবে নীৰজ চোপ্ৰাই নিজৰ পিতৃ-মাতৃক বিমান যাত্ৰা কৰোৱাই । পিতৃ-মাতৃক বিমান যাত্ৰা কৰোৱাই যথেষ্ট সুখী খেলুৱৈগৰাকী । খেলুৱৈ গৰাকীয়ে টুইটযোগে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে পিতৃ-মাতৃক বিমানত লৈ গৈ তেওঁৰ দীৰ্ঘদিনীয়া এক সপোন পূৰণ হ'ল ।

Neeraj Chopra
নীৰজ চোপ্ৰাৰ আন এক পূৰণ হ'ল

যোৱা মাহত তেওঁ কৈছিল যে, ২০২১ চনৰ বাকী প্ৰতিযোগিতাবোৰত তেওঁ অংশগ্ৰহণ নকৰে । অৱশ্যে ২০২২ চনত এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত তেওঁ অংশগ্ৰহণ কৰিব ।ইফালে সোণৰ পদক লাভ কৰাৰ পাছতে দেশবাসীয়ে যিধৰণে নীৰজ চোপ্ৰাক আদৰণী জনালে তাকলৈ আনন্দিত খেলুৱৈ গৰাকী । খেলুৱৈগৰাকীক সমৰ্থন কৰা বাবে ইনষ্টাগ্ৰাম পোষ্টত সকলো ভাৰতীয়কে ধন্যবাদ জ্ঞাপন কৰে খেলুৱৈগৰাকীয়ে ।

ইফালে শেহতীয়াকৈ টকিঅ' অলিম্পিকৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে । যিটো ভিডিঅ'ত পাকিস্তানৰ খেলুৱৈ আৰ্শাদ নাদিমৰ (Pakistan athlete Arshad Nadeem) হাতত নীৰজৰ জেভলিন দেখা গৈছে । ফাইনেলৰ পূৰ্বে নীৰজ চোপ্ৰাই নিজৰ জেভলিন তেওঁৰ হাতৰ পৰা অনা পৰিলক্ষিত হৈছে ।

এই ভিডিঅ'টোকলৈ সামাজিক মাধ্যমত বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । বহুতে কৈছে পাকিস্তানৰ খেলুৱৈগৰাকীয়ে নীৰজ চোপ্ৰাৰ জেভলিন চুৰি কৰাৰ চেষ্টা কৰিছিল । আন বহুতে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে । কিন্তু নীৰজ চোপ্ৰাই লোকসকলৰ এনে মন্তব্যকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :শচীন তেণ্ডুলকাৰে কেতিয়া সংগ্ৰহ কৰিছিল প্ৰথম এদিনীয়া শতক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.