Asian cup table tennis tournament 2022: ছেমি ফাইনেলত পৰাস্ত ভাৰতৰ মণিকা বাত্ৰা

author img

By

Published : Nov 19, 2022, 3:36 PM IST

Asian cup table tennis tournament 2022

এছিয়ান কাপ টেবুল টেনিছ টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত জাপানৰ মিমা ইটোৰ হাতত পৰাস্ত ভাৰতীয় টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাৰ । মণিকাই ২-৪ পইণ্টৰ ব্যৱধানত ছেমি ফাইনেলত পৰাস্ত হয় (Manika Batra loses in semi finals)। ১৭ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ বেংককত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ।

স্পৰ্টছ ডেস্ক,১৯ নৱেম্বৰ : ভাৰতৰ ক্ৰীড়াপ্ৰেমীক নিৰাশ কৰিলে ভাৰতীয় টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাই । এছিয়ান কাপ টেবুল টেনিছ টুৰ্ণামেণ্টত জাপানৰ খেলুৱৈৰ হাতত পৰাস্ত বাত্ৰা । লগে লগে এছিয়ান কাপ টেবুল টেনিছ টুৰ্ণামেণ্ট বিজয়ৰ আশা ভংগ হ'ল খেলুৱৈগৰাকীৰ ।

মহাদেশীয় টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হোৱা বাত্ৰাই শনিবাৰে বিশ্বৰ পঞ্চম ৰেংকিঙৰ খেলুৱৈ মিমা ইটোৰ হাতত পৰাস্ত হয় । মণিকাই ২-৪ পইণ্টৰ ব্যৱধানত ছেমি ফাইনেলত পৰাস্ত হয় (Manika Batra loses in semi finals)। ইয়াৰ পূৰ্বে হুয়া মাক ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ৪৪ নম্বৰ মণিকাই বিশ্বৰ ২৩ নম্বৰ চীনা টাইপেইৰ চেন স্জু-য়ুক ৪-৩ ব্যৱধানত পৰাস্ত কৰিছিল ।

উল্লেখ্য যে ২০১৫ আৰু ২০১৯ চনত অচন্ত শৰৎ কমল আৰু জি সাথিয়ানে ক্ৰমান্বয়ে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । মণিকাই এছিয়ান কাপৰ ৩৯ বছৰীয়া ইতিহাসত সৰ্বশ্ৰেষ্ঠ সমাপ্তি হিচাপে ছেমি ফাইনেললৈ অৱতীৰ্ণ হৈ অভিলেখ গঢ়িছে যদিও খিতাপ অৰ্জনত ব্যৰ্থ হ'ল (Indian to reach semis of Asian Cup table tennis)। অৱশ্যে ব্ৰঞ্জৰ পদক লাভ কৰাৰ আশা এতিয়াও সজীৱ কৰি ৰাখিছে মণিকা বাত্ৰাই ।

বৃহস্পতিবাৰে ১৬ ৰাউণ্ডৰ খেলখনত চীনৰ ৭ নং চেন জিংটঙক পৰাস্ত কৰিছিল ভাৰতীয় মহিলা খেলুৱৈগৰাকীয়ে । উল্লেখ্য যে ১৭ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ বেংককত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা । ২,০০,০০০ আমেৰিকান ডলাৰৰ ইভেণ্টত বিশ্ব ৰেংকিং আৰু অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰি মহাদেশৰ পুৰুষ আৰু মহিলা এককৰ শীৰ্ষ ১৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক :FIFA Qatar World Cup : দুই ভৰিৰ মহাৰণৰ বাবে সাজু বিশ্বৰ ৩২ খন দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.