World Wrestling Championships: বজৰং পুনিয়াৰ ব্ৰঞ্জ পদক জয়

author img

By

Published : Sep 19, 2022, 10:18 AM IST

World Wrestling Championships

কুস্তি চেম্পিয়নশ্বিপত বজৰং পুনিয়াৰ ব্ৰঞ্জৰ পদক জয় (Bajrang Punia won bronze medal in WWC) । পুনিয়াই পুয়েৰ্টো ৰিকোৰ চেবাষ্টিয়ান ৰিভেৰাক ১১-৯ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ ৬৫ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

স্পৰ্টছ ডেস্ক, ১৯ ছেপ্টেম্বৰ : অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বজৰং পুনিয়াই বিশ্ব কুস্তি চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰিছে (Bajrang Punia won bronze medal in WWC) । পুনিয়াই ০-৬ ব্যৱধানত উভতি ধৰি পুয়েৰ্টো ৰিকোৰ চেবাষ্টিয়ান ৰিভেৰাক ১১-৯ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ ৬৫ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

বিশ্ব কুস্তি চেম্পিয়নশ্বিপত এইটো হৈছে ভাৰতৰ দ্বিতীয় পদক । ইয়াৰ পূৰ্বে মহিলা মল্লযোদ্ধা ভিনেশ ফোগটে ব্ৰঞ্জৰ পদক জয় কৰিছিল (World Wrestling Championships 2022) ।

উল্লেখ্য়, ইয়াৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন ডায়কোমিহালিছে বজৰঙক পৰাজিত কৰিছিল । তাৰ পিছত বজৰঙে ৰেপচেজৰ জৰিয়তে ব্ৰঞ্জৰ পদকৰ খেলখনত উপনীত হৈ জয়লাভ কৰে । ৰেপচেজৰ প্ৰথমখন খেলত বজৰঙে আৰ্মেনিয়াৰ ভেগেন টেভানিয়ানক কঠিন যুঁজত পৰাস্ত কৰে । উল্লেখ্য, বজৰঙে তেওঁৰ অভিযান প্ৰথমখন খেলত মূৰৰ আঘাত লৈয়েই আৰম্ভ কৰিছিল ।

অৱশ্যে তেওঁক সমগ্ৰ প্ৰতিযোগিতাখনত বিশেষ এটা ভাল প্ৰদৰ্শন কৰা দেখা যোৱা নাছিল । কিন্তু গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁৰ অভিজ্ঞতা ব্যৱহাৰ কৰি তেওঁৰ বিপক্ষক পৰাস্ত কৰি ভাৰতৰ বাবে পদক অৰ্জন কৰে । বিশ্ব কুস্তি চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক প্লে অফ মেচত অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ীগৰাকী ৬-০ ব্যৱধানত পিছ পৰি আছিল । ইয়াৰ পিছত বজৰঙে প্ৰত্যাৱৰ্তন কৰে আৰু ১১-৯ ত জয়লাভ কৰে (Olympic bronze medalist Bajrang Punia)।

উল্লেখ্য যে অলিম্পিকত ৰূপৰ পদক বিজয়ী ৰবি দাহিয়াৰ প্ৰদৰ্শনে এইবাৰ বিশ্ব চেম্পিয়শ্বিপত নিৰাশ কৰে ভাৰতীয় দৰ্শকক । শুকুৰবাৰে ৫৭ কিলোগ্ৰাম অৰ্হতা ৰাউণ্ডত উজবেকিস্তানৰ গুলোমজন আব্দুল্লায়েভৰ হাতত পৰাস্ত হয় খেলুৱৈগৰাকী । লগে লগে কুস্তি বিশ্ব চেম্পিয়নশ্বিপত পদকৰ আশা ভংগ হয় ৰবি দহিয়াৰ (Ravi Dahiya out of medal contention) ।

দাহিয়াই প্ৰথম ৰাউণ্ডত ১০-০ ত ৰোমানিয়াৰ ৰাজভান মাৰিয়ান কোভাক্সক কাৰিকৰী শ্ৰেষ্ঠতাৰ (১০-০) দ্বাৰা পৰাস্ত কৰিছিল । কিন্তু পৰৱৰ্তী খেলখন দাহিয়াৰ বাবে সহজ নাছিল । কিয়নো ইয়াৰ পূৰ্বেও একাধিকবাৰ বিশ্বৰ ৩০ নম্বৰ আব্দুল্লায়েভৰ হাতত তেওঁ পৰাজিত হৈছিল (Ravi Dahiya loses to Gulomjon Abdullaev) ।

লগতে পঢ়ক :World Wrestling Championships : বিশ্ব কুস্তি চেম্পিয়নশ্বিপত নিৰাশ ৰবি দাহিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.