জয়-পৰাজয় জীৱনৰ অংশ: পুৰুষ হকী দলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোডীৰ টুইট

author img

By

Published : Aug 3, 2021, 2:05 PM IST

PM Modi on mens hockey team

অষ্ট্ৰেলিয়া আৰু জাৰ্মানীৰ মাজত হ'বলগীয়া পৰৱৰ্তী চেমিফাইনেলত যিটো দল পৰাজিত হ'ব সেই দলটোৰ সৈতে ব্ৰঞ্জৰ পদকৰ বাবে খেলত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো ।

স্পৰ্টছ ডেস্ক,৩ আগষ্ট: অৱশেষত টকিঅ' অলিম্পিকত (Tokyo Olympic) স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ'ল ভাৰতৰ পুৰুষ হকী দলৰ (Indian Hockey Man's Team) । বেলজিয়ামৰ (Belgium) বিৰুদ্ধে মঙলবাৰে চেমিফাইনেলত পৰাজয়ৰ পাছতে ক্ৰীড়া অনুৰাগীসকলক নিৰাশ কৰিলে হকী দলটোৱে । অৱশ্যে টকিঅ'ত পদক লাভৰ আশা এতিয়াও সম্পূৰ্ণৰূপে নিঃশেষ হোৱা নাই ভাৰতীয় দলটোৰ বাবে । কিয়নো অষ্ট্ৰেলিয়া আৰু জাৰ্মানীৰ মাজত হ'বলগীয়া পৰৱৰ্তী চেমিফাইনেলত যিটো দল পৰাজিত হ'ব সেই দলটোৰ সৈতে ব্ৰঞ্জৰ পদকৰ বাবে খেলত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো ।

অৱশ্যে চেমিফাইনেলত পৰাজিত হ'লেও ভাৰতীয় দলটোৰ চেষ্টাক সকলোৱে প্ৰশংসা কৰিছে । কিয়নো ভাৰতীয় খেলুৱৈখিনিয়ে সুন্দৰ আৰম্ভণি কৰিছিল আৰু উন্নত প্ৰদৰ্শন অব্যাহত ৰাখিছিল, কিন্তু শেষৰ ফালে এই প্ৰদৰ্শনৰ ধাৰা কিছু হ্ৰাস পাইছিল যাৰ সুযোগ গ্ৰহণ কৰিছিল বেলজিয়ামৰ খেলুৱৈখিনিয়ে । লক্ষণীয়ভাৱে শেষৰ ১৫ মিনিটত ভাৰতৰ বিৰুদ্ধে বেলজিয়ামে ৩ টা গ'ল কৰিছিল ।

  • Wins and losses are a part of life. Our Men’s Hockey Team at #Tokyo2020 gave their best and that is what counts. Wishing the Team the very best for the next match and their future endeavours. India is proud of our players.

    — Narendra Modi (@narendramodi) August 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

খেল সমাপ্তিৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও (Prime Minister Narendra Modi) টুইটযোগে দলটোক শুভেচ্ছা জ্ঞাপন কৰে । এতিয়ালৈ টকিঅ'ত ভাৰতীয় দলটোৱে যি ধৰণৰ প্ৰদৰ্শন দেখুৱাইছে তাক লৈ দেশবাসী গৌৰৱান্বিত বুলিও তেওঁ কয় ।

তেওঁ লগতে কয় যে, খেলত জয় আৰু পৰাজয় থাকে । কিন্তু দলটোৱে যিধৰণে টকিঅ'ত প্ৰদৰ্শন দেখুৱাইছে সেয়াহে গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে । প্ৰধানমন্ত্ৰী গৰাকীয়ে দলটোক প্ৰশংসা কৰাৰ লগতে পৰৱৰ্তী খেলখনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

উল্লেখ্য যে, চেমিফাইনেলত বেলজিয়ামে ভাৰতক ৫-২ গ'লত পৰাস্ত কৰে আৰু বৃহস্পতিবাৰে সোণৰ পদকৰ খেলখনত দলটোৱে অষ্ট্ৰেলিয়া অথবা জাৰ্মানীৰ মুখামুখি হ'ব । ইফালে ভাৰতেও বৃহস্পতিবাৰে ব্ৰঞ্জৰ পদকৰ খেলখনত অষ্ট্ৰেলিয়া আৰু জাৰ্মানীৰ মাজত হোৱা খেলত পৰাজিত হোৱা দলটোৰ সৈতে খেলিব ।

লগতে পঢ়ক :অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’ল ভাৰতীয় পুৰুষ হকী দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.