Tokyo Olympics : ছেমি ফাইনেলত স্তব্ধ ভাৰতীয় মহিলা হকী দলৰ জয় যাত্ৰা

author img

By

Published : Aug 4, 2021, 5:28 PM IST

Updated : Aug 4, 2021, 6:07 PM IST

Tokyo Olympics: Indian women's hockey team loses to Argentina in semifinal

টকিঅ’ অলিম্পিকৰ মহিলা হকীৰ ছেমি ফাইনেলত আৰ্জেণ্টিনাৰ হাতত ২-১ গ'লত পৰাস্ত ভাৰতীয় মহিলা হকী দল ৷ ৬ আগষ্টত ব্ৰঞ্জৰ পদকৰ বাবে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দলটো ।

স্প’ৰ্টছ ডেস্ক, 4 আগষ্ট : প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমি ফাইনেল পৰ্যায়ত প্ৰৱেশ কৰি ইতিহাস ৰচা ভাৰতীয় মহিলা হকী দলটো থমকিব লগীয়া হ’ল বুধবাৰৰ ছেমি ফাইনেল খেলখনত ৷ টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা(Argentina)ৰ হাতত পৰাস্ত হয় ভাৰতীয় মহিলা হকী দল(Indian women's Hockey team)৷

আৰ্জেণ্টিনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়ায়ো অৱশেষত ২-১ গ'লত হাৰ মানিব লগা হ’ল ৰাণী ৰামপাল নেতৃত্বধীন দলটোৱে । এতিয়া ভাৰতীয় দলটোৱে ৬ আগষ্টত ব্ৰঞ্জৰ পদকৰ বাবে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ।

কোৱাৰ্টাৰ ফাইনেলত ভাৰতে প্ৰৱল প্ৰতাপী অষ্ট্ৰেলিয়াক ১-০ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । মহিলা দলটোৱে মাত্ৰ তৃতীয়বাৰৰ বাবে অলিম্পিকত প্ৰতিদ্বন্দিতা কৰিছিল । দলটোৱে ২০১৬ RIO অলিম্পিকত দ্বাদশ স্থান লাভ কৰিছিল । তাৰ পূৰ্বে ১৯৮০ চনত দলটো চতুৰ্থ স্থানত আছিল অলিম্পিকত ।

লগতে পঢ়ক : টকিঅ’ অলিম্পিকত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ ৰবি কুমাৰ দহিয়াৰ

Last Updated :Aug 4, 2021, 6:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.