চক দে ইণ্ডিয়া : এটা দশকৰ পিছত হকীৰ ছেমি ফাইনেলত ভাৰত

author img

By

Published : Aug 1, 2021, 8:35 PM IST

Tokyo Olympics: Indian men's hockey team qualifies for semifinal

টকিঅ’ অলিম্পিকত ইতিহাস ৰচনা কৰি অন্তিম চাৰিটা স্থানত স্থান নিশ্চিত কৰিছে ভাৰতীয় হকী দলে (পুৰুষ) ।

স্প’ৰ্টছ ডেস্ক, ১ আগষ্ট : টকিঅ’ অলিম্পিকত ইতিহাস ৰচনা কৰি হকীৰ অন্তিম চাৰিটা স্থানত নিজৰ স্থান নিশ্চিত কৰিছে ভাৰতীয় হকী দলে (পুৰুষ) । টীম ইণ্ডিয়াই দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক ৩-১ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে । প্ৰায় চাৰি দশকৰ পিছত এইবাৰ অলিম্পিকৰ ছেমি ফাইনেলত অৱৰ্তীণ হ’ব দলটো । ভাৰতীয় হকী দলে ইয়াৰ পূৰ্বে ১৯৮০ চনৰ অলিম্পিকৰ ছেমি ফাইনেল খেলিছিল আৰু স্বৰ্ণ পদক অৰ্জন কৰিছিল ।

1980 চনৰ পাছত এইবাৰ ভাৰতীয় দলে অলিম্পিকৰ ছেমি ফাইনেলত উপনীত হৈছে ৷ বিশ্বৰ তৃতীয় স্থানত থকা ভাৰতীয় পুৰুষ হকী দলে এইবাৰ অলিম্পিকত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৷ ভাৰতীয় দলটোৱে পুল পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখন বাহিৰে সকলো দলৰ বিৰুদ্ধে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই গ্ৰুপত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হয় ৷

দেওবাৰৰ খেলখনৰ বিজয়ৰ মূল নায়ক আছিল গ’লৰক্ষক পী শ্ৰীজেষ ৷

এটা দশকৰ পিছত হকীৰ ছেমি ফাইনেলত ভাৰত
এটা দশকৰ পিছত হকীৰ ছেমি ফাইনেলত ভাৰত

গ’লৰক্ষক পী শ্ৰীজেষে এটা পেনাল্টি কৰ্ণাৰ ৰক্ষা কৰি ব্ৰিটেইনক গ’ল কৰাত বাধা দি ভাৰতীয় দলক বিজয়ৰ দিশে আগবঢ়াই নিয়ে ৷ আনহাতে গুৰজন্ত আৰু দিলপ্ৰীত সিঙে এটাকৈ গ'ল কৰি ভাৰতক হাফ টাইমত ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে । ইয়াৰ পিছত হাৰ্দিক সিঙে শেষ মুহুৰ্তত গ'ল কৰি ভাৰতক ৩-১ ৰ অগ্ৰগতি প্ৰদান কৰে ।

ইয়াৰ লগতে ভাৰতীয় দল পদক অৰ্জনৰ দৌৰত মাত্ৰ এটা খোজ দূৰৈত আছে ৷ উল্লেখ্য যে, অলিম্পিকৰ ইতিহাসত ভাৰতীয় হকী দলৰ নাম এতিয়াও সোণালী আখৰেৰে লিখা আছে । 1980 চনৰ পৰা 41 বছৰৰ পিছত পুনৰ ভাৰতীয় হকী দলে হেৰুওৱা খ্যাতি পুনৰুদ্ধাৰ সুবিধা লাভ কৰিছে ।

লগতে পঢ়ক : Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলেৰে ইতিহাস ৰচিলে পি ভি সিন্ধুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.