টকিঅ' অলিম্পিক: কেনেকৈ কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িব ভাৰতীয় মহিলা হকী দল

author img

By

Published : Jul 31, 2021, 5:55 PM IST

Tokyo Olympic

ভাৰতৰ ভাগ্য এতিয়া গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ মাজত হ'বলগীয়া পুল এ খেলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব । কোৱাৰ্টাৰ ফাইনেলত ভাৰতে নিজৰ স্থান নিশ্চিত কৰিবলৈ আয়াৰলেণ্ডৰ পৰাজয় বা ড্ৰ'য়ে যথেষ্ট হ'ব ।

স্পৰ্টছ ডেস্ক, ৩১ জুলাই : টকিঅ' অলিম্পিকত (Tokyo Olympic) মহিলাৰ ভাৰতীয় হকী দলৰ প্ৰদৰ্শনকলৈ বিভিন্ন মহলত প্ৰশ্ন উদয় হৈছিল । অলিম্পিকত নকআউট ৰাউণ্ডলৈ (knock out round) যাব পাৰিব নে নাই তাকলৈও বহুতে উদ্বিগ্নতা প্ৰকাশ কৰিছিল । কিন্তু, শনিবাৰে এখন হাই ভল্টেজ মেচত জয়ী হৈ অলিম্পিকত নিজৰ স্থিতি পুনৰ সবল কৰিলে ভাৰতৰ মহিলা হকী দলটোৱে (Indian Women hockey team) ।

অৱশ্যে এতিয়াও নকআউট ৰাউণ্ডলৈ যোৱা নাই দলটো । এতিয়া সকলোৱে গভীৰ উৎকণ্ঠাৰে অপেক্ষা কৰি আছে সন্ধিয়াৰ গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ খেলখনকলৈ । কাৰণ খেলখনত আয়াৰলেণ্ডৰ প্ৰদৰ্শনৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰতীয় দলটোৱে পৰৱৰ্তী খেলত অৱতীৰ্ণ হ'ব পাৰিব নে অলিম্পিক যাত্ৰা ইমানতে শেষ কৰিব ।

ভাৰতৰ ভাগ্য এতিয়া গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ মাজত হ'বলগীয়া পুল এ খেলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব । কোৱাৰ্টাৰ ফাইনেলত (Quarter final) ভাৰতে নিজৰ স্থান নিশ্চিত কৰিবলৈ আয়াৰলেণ্ডৰ পৰাজয় বা ড্ৰ'য়ে যথেষ্ট হ'ব । আয়াৰলেণ্ড আৰু ভাৰত দুয়োটা দলে তিনিখনকৈ খেলত পৰাজিত হৈ আছে । কিন্তু আইৰিছ দলতকৈ ভাৰতৰ এখন খেল বেছি হৈ আছে ।

ইফালে প্ৰতিটো পুলৰ শীৰ্ষ চাৰিটা দলে নকআউট ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব । যদি আয়াৰলেণ্ড দলটোৱে এই খেলত পৰাজিত হয় বা খেলখন ড্ৰ' হয় তেনেহ'লে ভাৰতীয় দলটো চাৰি নম্বৰ স্থানত থাকিব । লগে লগে নকআউট ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব ভাৰতে ।

উল্লেখ্য যে, শনিবাৰে দক্ষিণ আফ্ৰিকা দলটোক ৪-৩ গ'লত পৰাস্ত কৰি ভাৰতীয় দলটোৱে কিছু আশাৰ ৰেঙনি দেখিছে । মাষ্ট-উইন মেচখনত ভাৰতৰ বন্দনা কাটাৰিয়াই (Vandana Katariya) শিহৰণকাৰী হেট্ৰিক গ'ল কৰিবলৈ সক্ষম হৈছে লগতে নেহা গোৱেলেও ভাৰতৰ ফলাফলত এটা গ'ল যোগ দিছে । আয়াৰলেণ্ডৰ বিৰুদ্ধে ১-০ গ'লৰ জয়ৰ পিছত অলিম্পিক গেমছত এইটো ভাৰতৰ ক্ৰমাগত দ্বিতীয় জয় আছিল ।

লগতে পঢ়ক :টকিঅ' অলিম্পিক: নকআউটৰ আশাত বন্দী ভাৰতৰ মহিলা হকী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.