20 অক্টোবৰৰ পৰা ১১ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকী চেম্পিয়নশ্বিপ আৰম্ভ

author img

By

Published : Oct 18, 2021, 3:57 PM IST

11th National Junior Women Hockey

11 সংখ্যক মহিলা হকী চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ঝাৰখণ্ড ৷ 20 অক্টোবৰৰ পৰা ঝাৰখণ্ডৰ Simdega ত 11 সংখ্যক মহিলা হকী চেম্পিয়নশ্বিপ আৰম্ভ হ'ব ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেৰন্ত সুৰেণে এই চেম্পিয়নশ্বিপ উদ্বোধন কৰিব ৷

নেশ্যনেল ডেস্ক , 18 অক্টোবৰ : 20 অক্টোবৰৰ পৰা আৰম্ভ হ'ব ১১ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকী চেম্পিয়নশ্বিপ ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেৰন্ত সুৰেণে এই 11 সংখ্যক মহিলা হকী চেম্পিয়নশ্বিপ উদ্বোধন কৰিব ৷ একেটা দিনতে সুৰেণে ঝাৰখণ্ডৰ অন্য এখন জিলা খুণ্টিত হকীৰ এক নতুন এষ্ট্ৰো টাৰ্ফ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব ৷

ঝাৰখণ্ড হকীৰ অধ্যক্ষ ভোলানাথ সিঙে জানিবলৈ দিয়া মতে, বিভিন্ন অঞ্চলৰ 500 তকৈও অধিক খেলুৱৈয়ে এই খেলত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিব ৷ প্ৰত্যেকখন খেলেই কেইবাটাও ক্ৰীড়া চেনেলত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ উদ্বোধনী খেলখন আয়োজক ঝাৰখণ্ড আৰু তামিলনাডুৰ মাজত অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, একে দিনাই কৰ্ণাটক বনাম বংগ, পঞ্জাৱ বনাম লক্ষদ্বীপ পণ্ডিচেৰী আৰু অসম বনাম ৰাজস্থানৰ মাজৰ খেলসমূহো অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ দলসমূহ প্ৰতিযোগিতালৈ অহা আৰম্ভ কৰিছে ৷

দল সমূহক মুঠ আঠটা পুলত বিভক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত পুল-A ত আছে কেৰালা আৰু তামিলনাডুৰ লগতে ঝাৰখণ্ড, পুল-B ত আছে হাৰিয়ানা আৰু পুল-C ত মিজোৰাম, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৷

পুল-D ত আছে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু মণিপুৰ, পুল-E ত মহাৰাষ্ট্ৰ, দিল্লী আৰু গুজৰাট, পুল-F ত চণ্ডিগড়, বিহাৰ, গোৱা, জম্মু আৰু কাশ্মীৰ, পুল-Gত ছট্টীশগড়, হিমাচল, মধ্য প্ৰদেশ আৰু পুল-H ত আছে কৰ্ণাটক, পঞ্জাৱ, পশ্চিম বংগ আৰু লক্ষদ্বীপ পণ্ডিচেৰী ৷

উল্লেখ্য যে, এই প্ৰতিযোগিতাখন এপ্ৰিল মাহতে অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক'ভিডৰ বাবে ইয়াক বাতিল কৰা হৈছিল ৷

লগতে পঢ়ক : গ্ৰেপ্তাৰ কৰা হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.