বিশ্বকাপৰ কোৱালিফায়াৰত অংশ ল'বলৈ মেছি সম্পূৰ্ণ সুস্থ নে ?

author img

By

Published : Oct 7, 2021, 3:09 PM IST

Argentina boss

চেপ্টেম্বৰ মাহত এখন খেলৰ মাজতে আঁঠুত আঘাত পাইছিল তাৰকা লিঅ'নেল মেছিয়ে । তাৰ পাছতে বহুতে সন্দেহ কৰিছিল যে খেলুৱৈগৰাকীয়ে কোৱালিফায়াৰত অংশ ল'ব নোৱাৰিব । কিন্তু দলৰ মেনেজাৰে যি ঘোষণা কৰিলে তাক জানিলে আপুনিও আনন্দিত হ'ব ।

স্পৰ্টছ ডেস্ক,৭ অক্টোবৰ : আহি আছে বিশ্ব কাপ ফুটবল । বিশ্বৰ বৃহৎ ফুটবলৰ দলবোৰে সম্প্ৰতি যোগ্যতা অৰ্জনৰ যুঁজ অব্যাহত ৰাখিছে । এইবাৰ আৰ্জেণ্টিনাৰ দলক নেতৃত্ব দিব বিশ্ববিখ্যাত ফুটবল তাৰকা লিঅ'নেল মেছিয়ে । ইয়াৰ মাজতে আৰ্জেণ্টিনা আৰু মেছিৰ অনুৰাগীৰ বাবে এক ভাল খবৰ । কোৱালিফায়াৰ গেমছৰ বাবে মেছি সম্পূৰ্ণৰূপে ফিট আৰু সাজু ।

মেনেজাৰ লিয়োনেল স্কালোনিয়ে (manager Lionel Scaloni) এই কথা ঘোষণা কৰি কয় যে পাৰাগুৱে, উৰুগুৱে আৰু পেৰুৰ বিৰুদ্ধে দক্ষিণ আমেৰিকাৰ বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ খেলৰ বাবে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে মেছি । উল্লেখ্য যে চেপ্টেম্বৰৰ শেষৰ ফালে পেৰিছ ছেইণ্ট জাৰ্মেইনৰ হৈ খেলি থাকোতে আঁঠুত আঘাত পাইছিল ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে । তাৰ পাছতে তেওঁ বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ খেলত অংশ ল'ব পাৰিব নে নাই তাক লৈ চৰ্চা চলি আছিল ।

অৱশ্যে সেই আশংকা দূৰ কৰি মেছিয়ে বুধবাৰে দলৰ সতীৰ্থসকলৰ সৈতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে । মেনেজাৰ লিয়োনেল স্কালোনিয়ে কয় যে মেছিয়ে কোনো অসুবিধা নোহোৱাকৈ প্ৰশিক্ষণত অংশ লৈছে । আঘাতৰ পাছত তেওঁ দুখন খেল খেলিছে আৰু সকলো ঠিকেই আছে বুলি মন্তব্য কৰে দলটোৰ মেনেজাৰে ।

আৰ্জেণ্টিনাই বৃহস্পতিবাৰে আচুনচিয়নত পাৰাগুৱেৰ বিৰুদ্ধে খেলিব লগতে অহা ১০ আৰু ১৪ অক্টোবৰত উৰুগুৱে আৰু পেৰুৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ'ব । দক্ষিণ আমেৰিকাৰ ১০ টা দলৰ কোৱালিফায়াৰ গ্ৰুপটোত সম্প্ৰতি ১৮ পইণ্টৰ সৈতে আৰ্জেণ্টিনা দলটো দ্বিতীয় স্থানত আছে । আনহাতে দলটোৰ শীৰ্ষ স্থানত আছে ব্ৰাজিল । স্কালোনিয়ে জনোৱা মতে কোপা আমেৰিকাৰ ফাইনেলত ব্ৰাজিলক পৰাস্ত কৰা খেলখনত দলটোৰ খেলুৱৈৰ সৈতে পাৰাগুৱেৰ বিৰুদ্ধে হ'বলগীয়া খেলখনৰ লাইন আপ প্ৰায় একে হ'ব ।

তেওঁ লগতে কয় যে আৰ্জেণ্টিনাৰ খেলুৱৈসকলে পাৰাগুৱেৰ বিৰুদ্ধে সতৰ্ক হৈ থকা প্ৰয়োজন । কিয়নো যোৱা ৯ খন খেলৰ পৰা ১১ পইণ্টৰ সৈতে তালিকাৰ ষষ্ঠ স্থানত আছে দলটো । আনহাতে পাৰাগুৱে ঘৰুৱা ষ্টেডিয়ামত খেলিব আৰু তেওঁলোকৰ বাবে খেলখনত জয়ী হোৱাটো অতি প্ৰয়োজন । সেয়ে স্কালোনিয়ে আশা কৰা মতে দলটোৱে আক্ৰমণাত্মকভাৱে খেলখনত অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক :আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব লাগিব ক্ৰিকেটাৰ যুৱৰাজ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.