ভাৰতীয় সমৰ্থকৰ কটু সমালোচনাৰ প্ৰত্যুত্তৰ দিলে গ্লেন মেক্সৱেলৰ পত্নী ৱিনিয়ে
Published: Nov 20, 2023, 9:09 PM

ভাৰতীয় সমৰ্থকৰ কটু সমালোচনাৰ প্ৰত্যুত্তৰ দিলে গ্লেন মেক্সৱেলৰ পত্নী ৱিনিয়ে
Published: Nov 20, 2023, 9:09 PM
দেওবাৰে আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰাৰ পিছত লাভ কৰা ঘৃণনীয় বাৰ্তাৰ উত্তৰত অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন গ্লেন মেক্সৱেলৰ পত্নী ৱিনি ৰমনে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে ।
স্প’ৰ্টছ ডেস্ক, ২০ নৱেম্বৰ: অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন গ্লেন মেক্সৱেলৰ পত্নী ভাৰতীয় মূলৰ নিনি ৰমন শেহতীয়াকৈ একাংশ নেটিজেনৰ সমালোচনাৰ সন্মুখীন হৈছে ৷ অষ্ট্ৰেলিয়াৰ হাতত বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাচতে ভাৰতীয় বংশোদ্ভৱ ৱিনি একাংশ লোকৰ সমালোচনাৰ বলি হৈছে ৷ সামাজিক মাধ্যমত ট্ৰ’ল কৰা হৈছে ৱিনিক ৷ অষ্ট্ৰেলিয়াৰ বিজয়ত আনন্দ প্ৰকাশ কৰাৰ বাবেই ৱিনিক একাংশ ভাৰতীয়ই সমালোচনা কৰিছে ৷ কিয়নো ভাৰত হৈছে ৱিনিৰ পিতৃ-মাতৃৰ দেশ ৷
ৱিনিয়ে লিখিছে যে এজন লোক ভাৰতীয় হ’ব পাৰে কিন্তু তেওঁ নিজৰ জন্ম হোৱা দেশখনকো সমৰ্থন জনাব পাৰে ৷ নিজৰ জন্মভূমি অষ্ট্ৰেলিয়াৰ কথা উল্লেখ কৰি এইদৰে কয় অষ্ট্ৰেলিয়ান অল্ ৰাউণ্ডাৰগৰাকীৰ পত্নীয়ে ৷ আপুনি ভাৰতীয় হ'ব পাৰে আৰু লগতে আপোনাৰ জন্মৰ দেশখনকো সমৰ্থন কৰিব পাৰে য'ত আপুনি ডাঙৰ-দীঘল হৈছে ৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ স্বামী আৰু পিতৃৰ দলটো ।" ৱিনিয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰে ।
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই টীম ইণ্ডিয়াক পৰাস্ত কৰি দেওবাৰে লাখ লাখ ভাৰতীয়ৰ হৃদয় ভাঙি দিয়ে । পিতৃ-মাতৃ তামিলনাডুৰ যদিও ভিনিৰ জন্ম আৰু ডাঙৰ-দীঘল হয় মেলবৰ্ণত । অষ্ট্ৰেলিয়াক সমৰ্থন কৰাৰ বাবে ট্ৰলিং কৰাসকলক তেওঁ উত্তৰ দিয়ে আৰু বুজাই দিয়ে যে এইখনেই তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল হোৱা দেশ ।
২০২২ চনৰ ১৮ মাৰ্চত অষ্ট্ৰেলিয়াত খ্ৰীষ্টান ধৰ্মৰ নিয়মানুসৰি গ্লেন মেক্সৱেলৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ২৭ মাৰ্চত চেন্নাইত পৰম্পৰাগত তামিল ৰীতি-নীতিৰে বিয়াত বিবাহপাশত আবদ্ধ হয় । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ পুত্ৰ লগানৰ জন্ম হোৱাৰ লগে লগে অতি সোনকালেই এই দম্পতীটোৱে পিতৃ-মাতৃৰ গৌৰৱেৰে গৌৰাম্বিত হয় ।
আমোদজনক কথাটো হ’ল ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতৰ বিৰুদ্ধে ফাইনেলত মেক্সৱেলে মেচ বিজয়ী ৰান সংগ্ৰহ কৰে । আফগানিস্তানৰ বিৰুদ্ধে দ্বি-শতক আৰু ধৰ্মশালাত নিউজীলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ আটাইতকৈ দ্ৰুততম শতক (৪০ বলত) অৰ্জন কৰাকে ধৰি প্ৰতিযোগিতাখনত তেওঁ কিছুমান অসাধাৰণ প্ৰদৰ্শন কৰে । মেক্সৱেলে ১৫০.৩৭ ষ্ট্ৰাইক ৰেট আৰু গড়ে ৬৬.৬৬ ৰাণেৰে দুটা শতকৰ সহায়ত ৯ টা ইনিংছত ৪০০ ৰান সংগ্ৰহ কৰে ।
