Vijay Hazare Trophy: বিজয় হাজাৰে ট্ৰফীত নাৰায়ণ জগদীচানৰ অভিলেখ

author img

By

Published : Nov 21, 2022, 11:00 PM IST

Vijay Hazare Trophy

বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টত অভিলেখ তামিলনাডুৰ বেটছমেন নাৰায়ণ জগদীচানৰ (Narayan Jagadeesan) ৷ ১৪১ টা বলত ২৭৭ ৰাণ কৰি তালিকা Aৰ ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত স্ক'ৰৰ অভিলেখ গঢ়ে নাৰায়ণ জগদীচানে ।

স্পৰ্টছ ডেস্ক, ২১ নৱেম্বৰ: তামিলনাডুৰ বেটছমেন নাৰায়ণ জগদীচানে(২৬) সোমবাৰে বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে অভিলেখ গঢ়িবলৈ সক্ষম হয়(Vijay Hazare Trophy) ৷ ক্ৰিকেটাৰগৰাকীয়ে ১৪১ টা বলত ২৭৭ ৰাণ কৰি তালিকা Aৰ ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত স্ক'ৰৰ অভিলেখ গঢ়ে ।

জগদীচানে তালিকা Aৰ স্ক’ৰৰ এলিষ্টাৰ ব্ৰাউনৰ (২০০২) সৰ্বাধিক ২৬৮ ৰাণৰ অভিলেখ ভংগ কৰে(Jagadeesan sets world record in List A) । জগদীচানে এই ইনিংছৰ সময়ত ভাৰতৰ হৈ সৰ্বাধিক তালিকা Aৰ স্ক'ৰৰ ৰোহিত শৰ্মাৰো অভিলেখ ভংগ কৰে ৷ ৰোহিত শৰ্মাই শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়াত ২৬৪ ৰাণ সংগ্ৰহ কৰিছিল ।

জগদীচানে মাত্ৰ ১১৪ টা বলত ২০০ ৰাণ অতিক্ৰম কৰে আৰু এই সময়ছোৱাত তেওঁ তালিকা Aৰ ইতিহাসত দ্বিশতক অৰ্জন কৰা দ্ৰুততম বেটছমেন হিচাপেও পৰিগণিত হয় । সোঁহাতৰ বেটছমেনজনে একেৰাহে পঞ্চম তালিকা Aৰ শতক অৰ্জন কৰি আন এটা নতুন অভিলেখ গঢ়ে ।

জগদীচানে বিজয় হাজাৰে ট্ৰফীত সৰ্বাধিক ব্যক্তিগত স্ক'ৰৰ বাবে পৃথ্বি শ্ব’ৱে পুডুচেৰীৰ বিপক্ষে কৰা ২২৭ ৰাণৰ অভিলেখো ভংগ কৰে । তামিলনাডুৰ উইকেটকিপাৰ বেটছমেনজনে ভাৰতৰ শীৰ্ষ এদিনীয়াত দ্বিশতক অৰ্জন কৰা ষষ্ঠজন বেটছমেন হিচাপে পৰিগণিত হয় ।

জগদীচানে বি চাই সুদৰ্শনৰ সৈতে ৪১৬ ৰাণ সংগ্ৰহ কৰে ৷ ই তালিকা A ক্ৰিকেটৰ যিকোনো উইকেটৰ বাবে সৰ্বাধিক অংশীদাৰিত্বৰ অভিলেখ । সুদৰ্শনে ১৯ টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ১০২ টা বলত ১৫৪ ৰাণ সংগ্ৰহ কৰিছিল ।

জগদীচানে শনিবাৰে একেৰাহে চতুৰ্থটো শতক অৰ্জন কৰি কুমাৰ চাংগাকাৰা, আলভিৰো পিটাৰচেন আৰু দেৱদত্ত পাডিক্কালৰ সৈতে তালিকা A ক্ৰিকেটত একেৰাহে সৰ্বাধিক শতক অৰ্জন কৰাৰ খেলুৱৈ হিচাপে পৰিগণিত হয় । সোমবাৰে চলিত বিজয় হাজাৰে টুৰ্ণামেণ্টত অৰুণাচলৰ বিৰুদ্ধে ২৭৭ ৰাণ কৰাৰ পূৰ্বে জগদীচানে হাৰিয়ানা, ছত্তীশগড়, অন্ধ্ৰ আৰু গোৱাৰ বিৰুদ্ধেও শতক অৰ্জন কৰে । অহা মাহৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলামৰ পূৰ্বে জগদীচানক চেন্নাই চুপাৰ কিংছে নিজৰ লগত ধৰি ৰাখিব পৰা নাই ।

চলিত ছিজনত বিজয় হাজাৰে ট্ৰফীত জগদীচানৰ প্ৰদৰ্শন:

প্ৰথম খেল: বিহাৰৰ বিৰুদ্ধে ছয়টা বলত পাঁচ ৰাণ সংগ্ৰহ

দ্বিতীয়খন খেল: অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে ১১২ টা বলত অপৰাজিত ১১৪ ৰাণ সংগ্ৰহ । তেওঁ ১২ টা চাৰি আৰু দুটা ছয় মাৰিছিল

তৃতীয়খন খেল: ছত্তীশগড়ৰ বিৰুদ্ধে ১১৩ টা বলত ১০৭ ৰাণ সংগ্ৰহ

চতুৰ্থ খন খেল: গোৱাৰ বিৰুদ্ধে ১৪০ টা বলত ১৬৮ ৰাণ সংগ্ৰহ

পঞ্চমখন খেল: হাৰিয়ানাৰ বিৰুদ্ধে ১২৩ টা বলত ১২৮ ৰাণ সংগ্ৰহ

ছয়টা চাৰি আৰু ছয়টা ছয়

ষষ্ঠ খন খেল: অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ১৪১ টা বলত ২৭৭ ৰাণ সংগ্ৰহ

তেওঁ খেলখনত ২৫ টা চাৰি আৰু ১৫ টা ছয় মাৰিছিল

তালিকা A ক্ৰিকেটত সৰ্বোচ্চ স্ক'ৰ:

নাৰায়ণ জগদীচান - ২৭৭ (১৪১)

এলিষ্টাৰ ব্ৰাউন - ২৬৮ (১৬০)

ৰোহিত শৰ্মা - ২৬৪ (১৭৩)

ডি'আৰ্চি শ্বৰ্ট - ২৫৭ (১৪০)

শেখৰ ধাৱান - ২৪৮ (১৫০)

লগতে পঢ়ক: FIFA World Cup 2022: 92 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৰাণ পাঠেৰে আৰম্ভ ফিফা বিশ্বকাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.