টি-২০ ত সৰ্বাধিক উইকেট লাভ কৰা ভাৰতীয়ৰ শীৰ্ষত চাহাল

author img

By

Published : Mar 13, 2021, 5:44 PM IST

টি-২০ত সৰ্বাধিক উইকেট লাভ কৰা ভাৰতীয়ৰ শীৰ্ষত চাহাল

যশপ্ৰীত বুমৰাহক অতিক্ৰম কৰি টি-২০ ত সৰ্বাধিক উইকেট লাভ কৰা ভাৰতীয়ৰ শীৰ্ষত য়ুজৱেন্দ্ৰ চাহাল । নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে হোৱা প্ৰথম টি-২০ ত ইংলেণ্ডৰ অপেনাৰ জছ বাটলাৰৰ উইকেট লাভ কৰাৰ লগে লগে ৬০ টা উইকেটেৰে শীৰ্ষস্থান লাভ কৰে চাহালে ।

স্পৰ্টছ ডেস্ক,১৩ মাৰ্চ: টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট লাভ কৰা বলাৰৰ তালিকাৰ শীৰ্ষত অৱতীৰ্ণ হ'ল য়ুজৱেন্দ্ৰ চাহাল । ইংলেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে অনুষ্ঠিত প্ৰথমখন টি-২০ ত এটা উইকেট দখল কৰাৰ লগে লগে তালিকাৰ শীৰ্ষত অৱতীৰ্ণ হ'ল খেলুৱৈগৰাকী । নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে হোৱা প্ৰথম টি-২০ত ইংলেণ্ডৰ অপেনাৰ জছ বাটলাৰৰ উইকেট লাভ কৰাৰ লগে লগে ৬০ টা উইকেটেৰে শীৰ্ষ স্থান লাভ কৰে চাহালে । আনহাতে ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহক অতিক্ৰম কৰে স্পীনাৰ গৰাকীয়ে ।

বুমৰাহে ৫০ খন টি-২০ ৰ ভিতৰত ৫৯ টা উইকেট লাভ কৰিছিল আৰু চাহালে ৪৬ খন টি-২০ খেলি ৬০ টা উইকেট লাভ কৰে । ইংলেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে খেলা এই খন খেলৰ জৰিয়তে ১০০ খন আন্তঃৰাষ্ট্ৰীয় খেলত ভৰি দিছে চাহালে । লেগ স্পীনাৰজনে ২০১৬ চনত হাৰাৰেত জিম্বাবৱেৰ বিৰুদ্ধে প্ৰথমখন টি-২০ খেলিছিল । এদিনীয়া ক্ৰিকেটত চাহালৰ ৫৪ খন খেলত মুঠ ৯২ টা উইকেট লাভ কৰে ।

ইফালে, ৫ দিনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলতে ভাৰতীয় দলটো ৮ টা উইকেটৰ ব্যৱধানত ইংলেণ্ডৰ হাতত পৰাজিত হয় । ভাৰতীয় দলটোৰ দুৰ্বল বেটিঙৰ বাবে পৰাজিত হোৱা বুলি খেলৰ অন্তত স্বীকাৰ কৰে অধিনায়ক বিৰাট কোহলীয়ে । আনহাতে ভাৰত আৰু ইংলেণ্ড দেওবাৰে একেটা স্থানত দ্বিতীয় টি-২০ ত মুখামুখি হ'ব ।

লগতে পঢ়ক: গোৱাত বিবাহপাশত আৱদ্ধ হ'ব যশপ্ৰীত বুমৰাহ-সঞ্জনা গণেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.