টি-২০ ফৰ্মেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন কে এল ৰাহুল: বিক্ৰম ৰাথোড়

author img

By

Published : Mar 17, 2021, 4:24 PM IST

টি-২০ ফৰ্মেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন কে এল ৰাহুল:বিক্ৰম ৰাথোৰ

দুৰ্বল ফৰ্মত থকা ভাৰতীয় অ'পেনাৰ কে এল ৰাহুলক লৈ বহুতে প্ৰশ্ন তুলিছে । ইয়াৰ পিছতে ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ে কয় যে ৰাহুল সীমিত অভাৰৰ বাবে সৰ্বশ্ৰেষ্ঠ ভাৰতীয়সকলৰ ভিতৰত অন্যতম । ৰাহুলে বিগত তিনিখন খেলত কম ৰাণ কৰিলেও তেওঁৰ ক্ষেত্ৰত এই সত্য কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি ।

স্পৰ্টছ ডেস্ক,১৭ মাৰ্চ: ভাৰত-ইংলেণ্ডৰ মাজত চলি আছে টি-২০ শৃংখলা । ইতিমধ্যে তিনিখন খেলৰ ভিতৰত ইংলেণ্ডে দুখন বিজয় সাব্যস্ত কৰিছে । বৃহস্পতিবাৰে পুনৰ দুয়োটা দল মুখামুখি হ'ব চতুৰ্থখন খেলৰ বাবে ।

কিন্তু ইয়াৰ মাজতে ভাৰতৰ বেটিং অৰ্ডাৰক লৈ বিভিন্ন মহলত প্ৰশ্ন উদয় হৈছে । সম্প্ৰতি দুৰ্বল ফৰ্মত থকা ভাৰতীয় অ'পেনাৰ কে এল ৰাহুলক লৈ বহুতে প্ৰশ্ন তুলিছে । ইয়াৰ পিছতে ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ে কয় যে, ৰাহুল সীমিত অভাৰৰ বাবে সৰ্বশ্ৰেষ্ঠ ভাৰতীয়সকলৰ ভিতৰত অন্যতম । ৰাহুলে বিগত তিনিখন খেলত কম ৰাণ কৰিলেও তেওঁৰ ক্ষেত্ৰত এই সত্য কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি ।

উল্লেখ্য যে, ইংলেণ্ডৰ বিৰুদ্ধে যোৱা তিনিখন খেলত কে এল ৰাহুলে এখনত ১ ৰাণ আৰু বাকী দুখন ১ ৰাণ কৰিবলৈও ব্যৰ্থ হয় । সংবাদমেল সম্বোধন কৰি বিক্ৰম ৰাথোড়ে কয় যে সকলো মানুহেই কেতিয়াবা বিফল হ'ব পাৰে । যোৱ বছৰত টি-২০ ফৰ্মেটত কে এল ৰাহুল ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন আছিল বুলিও মন্তব্য কৰে প্ৰশিক্ষক গৰাকীয়ে । ৰাহুলৰ এই বিফলতাৰ সময়ত তেওঁক সকলোৱে সমৰ্থন কৰিব লাগে বুলিও অনুৰোধ জনাই আশা প্ৰকাশ কৰে যে শীঘ্ৰে ৰাহুল আগৰ ফৰ্মলৈ ঘূৰি আহিব ।

দীৰ্ঘদিন ধৰি টি-২০ ক্ৰিকেটত কোহলীয়ে ৪ নম্বৰত বেটিং কৰা সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নত ৰাথোড়ে কয় যে যিহেতু বিশ্বকাপৰ পূৰ্বে এইটো অন্তিম শৃংখলা সেয়ে আচলতে দলে পৰীক্ষাহে কৰি আছে । লগতে তেওঁ কয় যে নতুন বিকল্পৰ সন্ধানতো আছে দলটো । বিৰাট কোহলীৰ প্ৰশংসা কৰি প্ৰশিক্ষক গৰাকীয়ে কয় যে তেওঁ ইমান অভিজ্ঞ যে যিকোনো নম্বৰতে বিৰাট কোহলীয়ে বেটিং কৰিব পাৰে ।

প্ৰথমে বেটিং কৰাৰ সময়ত ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা বিষয়ত প্ৰশ্ন কৰাত ৰাথোড়ে কয় যে আগন্তুক খেল কেইখনত আশা কৰিছে যে দলে ভাল ফলাফল দেখুৱাব পাৰিব ।

লগতে পঢ়ক: তৃতীয় টি-20 ত জয়েৰে ইংলেণ্ডৰ 2-1 ত অগ্ৰগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.