IPL eliminator : বাংগালোৰু বনাম কলকাতা

author img

By

Published : Oct 11, 2021, 7:08 PM IST

IPL eliminator: RCB vs KKR

আজি IPLৰ আনখন Eliminator মেছত ৰয়েল চেলেঞ্চাৰ্ছ বাংগালোৰুৰ মুখামুখী হ’ব কলকাতা নাইট ৰাইডাৰ্ছ ৷ আজিৰ মেছখনৰ ওপৰত যথেষ্ট আশা আছে RCBৰ অধিনায়ক বিৰাট কোহলীৰ ৷ অধিনায়ক হিচাপে দলটোক IPL ট্ৰফী হাতত তুলি দিবলৈ কোহলীৰ হাতত এইটোৱেই শেষ সুযোগ ৷

স্পৰ্টছ ডেস্ক, 11 অক্টোবৰ : আজি IPLৰ আনখন Eliminator মেছত ৰয়েল চেলেঞ্চাৰ্ছ বাংগালোৰুৰ মুখামুখী হ’ল কলকাতা নাইট ৰাইডাৰ্ছ ৷ ইয়াৰ মাজতে KKRৰ সমৰ্থক সকলৰ বাবে সুখবৰ ৷ আজিৰ মেছখনত দেখিবলৈ পোৱা যাব এণ্ড্ৰে ৰাছেলক ৷ RCBৰ বিৰুদ্ধে পথাৰত নামিবলৈ বৰ্তমান ৰাছেল সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে ৷ কিন্তু এইখন মেছৰ পৰা বাদ পৰাৰ সম্ভাৱনা চাকিব অল হাছানৰ ৷

এইবাৰ IPLত KKRৰ বলাৰ সকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে ৷ যোৱাখন মেছত দলটোৰ হৈ লোকী ফাৰ্গাছন আৰু শিৱম মাভীৰ যুটিয়ে 7 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও স্পিনাৰ বৰুণ চক্ৰৱৰ্তী, সুনীল নাৰিনে আৰু চাকিব অল হাছানেও সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৷

আনহাতে, RCBৰ হৈ বলিঙত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে হৰ্ষল পেটেলে ৷ হৰ্ষলে 14 খন মেছত 30 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে, য’ত অন্তৰ্ভূক্ত হৈ আছে মু্ম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে তেওঁৰ হেট্ৰিক ৷ ইয়াৰ উপৰিও মহম্মদ চিৰাজ আৰু জৰ্জ কাৰ্টনেও সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৷ আনহাতে, সমালোচকক শৃংখলাত 16 টা উইকেট দখলেৰে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিছে যুযৱেন্দ্ৰ চহলে ৷

RCBৰ হৈ থিয় দিয়া এজন ব্যক্তি হৈছে গ্লেন মেক্সৱেল । অষ্ট্ৰেলিয়ান পাৱাৰ-হিটাৰ গৰাকীৰ তাত 498 ৰাণ আছে আৰু এই সংস্কৰণত তেওঁ কোহলী বাহিনীত যোগদান কৰিছে ।

আজিৰ Eliminatorৰ মেছখনৰ পূৰ্বে অতীতৰ ৰেকৰ্ডবোৰ অলপ গণনা কৰা হ'ব, যিটো বিৰাট কোহলী আৰু ইয়ন মৰ্গানে ভালদৰে জানিব । দুয়োজন অধিনায়কৰ হাতত পৰ্যাপ্ত শক্তি আৰু সম্পদ আছে আৰু এই পৰ্যালোচনা সম্পদবোৰ পৰিচালনা কৰাৰ বিষয়ে হ'ব ।

আজিৰ মেছখনৰ ওপৰত যথেষ্ট আশা আছে RCBৰ অধিনায়ক বিৰাট কোহলীৰ ৷ অধিনায়ক হিচাপে দলটোক IPL ট্ৰফী হাতত তুলি দিবলৈ কোহলীৰ হাতত এইটোৱেই শেষ সুযোগ ৷ কাৰণ ইতিমধ্যে এই চিজনৰ পিছতে RBCৰ অধিনায়কৰ পদৰ পৰা পদত্যাগ ঘোষণা কৰিছে কোহলীয়ে ৷ গতিকে আজিৰ মেছখনে কোহলীৰ বাবে যথেষ্ট গুৰুত্ব বহন কৰিব ৷

উল্লেখ্য যে, 10 অক্টোবৰৰ প্ৰথমখন Eliminator মেছত দিল্লী কেপিটেলছক পৰাজিত কৰি ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন চেন্নাই চুপাৰ কিংগছে ৷

লগতে পঢ়ক : ক্ৰমাগত নৱমবাৰলৈ IPL ৰ ফাইনেলত চেন্নাই চুপাৰ কিংছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.