ICC Men's T20 World Cup 2021ৰ আনুষ্ঠানিক সংগীত মুকলি

author img

By

Published : Sep 23, 2021, 9:33 PM IST

ICC launches T20 World Cup anthem

মুকলি হ'ল ICC Men's T20 World Cup 2021ৰ আনুষ্ঠানিক সংগীত ৷ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে(International Cricket Council) বৃহস্পতিবাৰে মুকলি কৰে ICC Men's T20 World Cup 2021ৰ আনুষ্ঠানিক সংগীত ৷

স্পৰ্টছ ডেস্ক , 23 ছেপ্টেম্বৰ : আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে মুকলি কৰিলে ICC Men's T20 World Cup 2021ৰ আনুষ্ঠানিক সংগীত ৷ বৃহস্পতিবাৰে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে(International Cricket Council) ICC Men's T20 World Cup 2021ৰ আনুষ্ঠানিক সংগীত মুকলি কৰে ৷ এই সংগীতৰ লগতে ICCয়ে বিৰাট কোহলী(Virat Kohli) আৰু ৱেষ্ট ইণ্ডিজ(West Indies)ৰ অধিনায়ক Kieron Pollardৰ অৱতাৰেৰে এখন আনুষ্ঠানিক প্ৰচাৰ চলচ্চিত্ৰ(official campaign film) মুকলি কৰে ৷

২০২১ ৰ 17 অক্টোবৰৰ পৰা Oman আৰু UAE ত ICC Men's T20 World Cup 2021 আৰম্ভ হ'ব ৷ 14 নৱেম্বৰত ডুবাইত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব ৷ 'Live the Game' শীৰ্ষক নামৰ সংগীতটো প্ৰখ্যাত ভাৰতীয় সংগীত পৰিচালক অমিত ত্ৰিবেদী(Indian music director Amit Trivedi)য়ে ৰচনা কৰিছে ৷

কোহলী আৰু প'লাৰ্ডৰ 'অৱতাৰ'ৰ উপৰিও প্ৰচাৰ ছবিখনত আফগানিস্তানৰ ace spinner ৰছিদ খান আৰু অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ Glenn Maxwellও আছে ৷ চলচ্চিত্ৰখনত যুৱ অনুৰাগীসকলক টি-২০ ক্ৰিকেটৰ ৰোমাঞ্চকৰ পৃথিৱীখনত তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলৰ সৈতে খেলি থকা দেখুওৱা হৈছে ৷

লগতে পঢ়ক : টি-২০ ক্ৰিকেটত ৪ হাজাৰ ৰাণ সম্পূৰ্ণ শ্ৰেয়াছ আয়াৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.