ভাৰতীয় দলটো জয়ৰ যোগ্য : ইয়ন ম'ৰ্গান

author img

By

Published : Mar 19, 2021, 5:13 PM IST

ভাৰতীয় দলটো জয়ৰ যোগ্য : ইয়ন ম'ৰ্গান

৫ খনায়ৈ টি-২০ শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতৰ জয় । ইয়াৰ লগে লগে দুয়োটা দলে ২ খনকৈ খেলত জয়ী হৈছে । সূৰ্যকুমাৰ যাদৱৰ এক বিস্ফোৰক অৰ্ধশতক আৰু তাৰ পিছত বলাৰসকলৰ চমকপ্ৰদ প্ৰদৰ্শনে ভাৰতক শৃংখলাটোত বৰ্তি থকাত সহায় কৰে । ৰোমাঞ্চকৰ খেলখনত পৰাজিত হোৱাৰ পিছতে ইয়ন ম'ৰ্গানৰ মন্তব্য ভাৰতীয় দলটো জয়ৰ যোগ্য ।

স্পৰ্টছ ডেস্ক,১৯ মাৰ্চ: বহু প্ৰত্যাশিত চতুৰ্থ টি-২০ ত বিজয় সাব্যস্ত কৰিলে ভাৰতীয় দলে । সূৰ্যকুমাৰ যাদৱৰ এক বিস্ফোৰক অৰ্ধশতক আৰু তাৰ পিছত বলাৰসকলৰ চমকপ্ৰদ প্ৰদৰ্শনে ভাৰতক শৃংখলাটোত বৰ্তি থকাত সহায় কৰে ।

ইফালে তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আঠ ৰাণত ভাৰতৰ হাতত পৰাজিত হোৱাৰ পিছত ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গানে কয় যে, তেওঁলোকে এই বছৰৰ শেষৰ ফালে টি-২০ বিশ্বকাপৰ পূৰ্বে এই শৃংখলাৰ পৰা বহু কথাই শিকিছে । এইখন শৃংখলাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেল হিচাপে অভিহিত কৰি ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে ভাৰতীয় দলটো জয়ৰ যোগ্য বুলি মন্তব্য কৰে ।

খেলখনৰ মুহূৰ্তত যথেষ্ট কুঁৱলী আছিল যাৰ বাবে খেলত প্ৰভাৱ পৰা বুলিও মন্তব্য কৰে মৰ্গানে । খেলৰ ১৬ আৰু ১৭ নম্বৰ অ'ভাৰৰ ৮ টা বলত ইংলেণ্ডৰ দলটোৱে তিনিটা উইকেট হেৰুৱাইছিল যাৰ বাবে খেলখনত তেওঁলোক পিছপৰি গৈছিল । তেওঁ লগতে কয় যে, ঘৰৰ পৰা আঁতৰি থাকি খেলা আৰু জয় হোৱাটো অতি মহান ।

উল্লেখ্য যে, শ্বাৰদুল ঠাকুৰে ১৬ নম্বৰ অ'ভাৰত ষ্টকছ আৰু মৰ্গানৰ গুৰুত্বপূৰ্ণ উইকেট দখল কৰি খেলখনত ভাৰতক জয়ী হোৱাত যথেষ্ট পৰিমাণে অৰিহণা যোগায় । ঠাকুৰে মুঠ ৪ অ'ভাৰত ৪২ ৰাণ দি ৩ টা উইকেট দখল কৰে । আনহাতে হাৰ্দিক পাণ্ডিয়া আৰু দীপক চাহাৰে ২ টাকৈ উইকেট দখল কৰি ইংলেণ্ডক ১৭৭ ৰাণতে আবদ্ধ কৰি ৰাখে । ইফালে শনিবাৰে নিৰ্ণায়ক খেলত মুখামুখি হ'ব দুয়োটা দল ।

লগতে পঢ়ক:ভাৰতে যিকোনো প্ৰকাৰে জয়ী হ'ব লাগিব চতুৰ্থ টি-২০ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.