অন্তিম অ'ভাৰত যাদু দেখুৱালে শ্বাৰদুল ঠাকুৰে

author img

By

Published : Mar 19, 2021, 7:09 PM IST

অন্তিম অ'ভাৰত যাদু দেখুৱালে শ্বাৰ্দুল ঠাকুৰে

শ্বাৰদুল ঠাকুৰৰ অন্তিম অ'ভাৰত সুন্দৰ প্ৰদৰ্শনে ভাৰতক দেখুৱালে জয়ৰ মুখ । ঠাকুৰে ৪ অ'ভাৰত ৪২ ৰাণ দি ৩ টা উইকেট লাভ কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়া আৰু দীপক চাহাৰেও দুটাকৈ উইকেট লাভ কৰে ।

স্পৰ্টছ ডেস্ক,১৯ মাৰ্চ: বৃহস্পতিবাৰে অনুষ্ঠিত ভাৰত বনাম ইংলেণ্ডৰ চতুৰ্থ টি-২০ত বিজয় সাব্যস্ত কৰে ঘৰুৱা দল ভাৰতে । এই খেলৰ অন্তিম অ'ভাৰ আছিল শ্বাসৰুদ্ধকৰ । ভাৰতৰ হৈ শ্বাৰদুল ঠাকুৰে এই অন্তিম অ'ভাৰত নিজৰ উন্নত প্ৰদৰ্শন দেখুৱাইছিল যাৰ বাবে খেলখনত জয়ৰ মুখ দেখিবলৈ সক্ষম হয় ভাৰতীয় দলটো । অন্তিম অ'ভাৰত উন্নত প্ৰদৰ্শন কৰি শ্বাৰদুল ঠাকুৰে কয় যে তেওঁক সংকটপূৰ্ণ অভাৰটোত বলিং কৰাৰ সময়ত ৰোহিত শৰ্মাই বিশেষ উৎসাহ আৰু প্ৰেৰণা দিছিল ।

ঠাকুৰে ১৬ সংখ্য়ক অ'ভাৰত দুটাকৈ বলত ষ্টকছ আৰু ম'ৰ্গানৰ দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰাৰ লগে লগে খেলখন ভাৰতৰ হাতলৈ ঘূৰি আহিছিল । ঠাকুৰে ৪ অ'ভাৰত ৪২ ৰাণ দি ৩ টা উইকেট লাভ কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়া আৰু দীপক চাহাৰেও উভয়ে দুটাকৈ উইকেট লাভ কৰে ।

আনহাতে বিপদৰ সময়ত দলটোক উদ্ধাৰ কৰি আনন্দিত শ্বাৰদুল ঠাকুৰ । তেওঁ উল্লেখ কৰা মতে যিটো সময়ত বেটছমেন সকলে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে সেই গুৰুত্বপূৰ্ণ সময়ত বলিং কৰিবলৈ পাই তেওঁ আনন্দিত । খেলখনৰ অন্তিম অ'ভাৰৰ বাবে হাৰ্দিক পাণ্ডিয়াৰ কিছুমান পৰিকল্পনা আছিল কিন্তু তাৰ পিছতো ৰোহিত শৰ্মাই ঠাকুৰক বলিং কৰিবলৈ দিছিল ।

ঠাকুৰে খেলৰ অন্তত কয় যে খেলপথাৰ খনৰ এটা দিশ সৰু সেই কথা মনত ৰাখি ৰোহিতে তেওঁক বলিং কৰাৰ বাবে আহ্বান জনাইছিল । অৱশ্যে কুঁৱলীৰ বাবে বলটো নিয়ন্ত্ৰণত কিছু কঠিন হোৱা কথাও স্বীকাৰ কৰে ২৯ বছৰীয়া খেলুৱৈ গৰাকীয়ে ।

লগতে পঢ়ক:ভাৰতীয় দলটো জয়ৰ যোগ্য : ইয়ন ম'ৰ্গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.