Ricky Ponting suffers health scare : প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ৰিকি পণ্টিং অসুস্থ

author img

By

Published : Dec 2, 2022, 5:33 PM IST

Ricky Ponting suffers health scare

অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত প্ৰথম টেষ্টৰ তৃতীয় দিনটোতে ধাৰা বিৱৰণি দি থকাৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী (Ponting suffers health scare)। হৃদযন্ত্ৰৰ সাৱধানতামূলক পৰীক্ষাৰ বাবে চিকিৎসকৰ কাষ চাপিছে ক্ৰিকেটাৰগৰাকী । ক্ৰিকেট অনুৰাগীসকল উদ্বিগ্ন হৈ পৰিছে ।

স্পৰ্টছ ডেস্ক,২ ডিচেম্বৰ : ক্ৰিকেটপ্ৰেমীৰ উদ্বেগৰ খবৰ । অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং অসুস্থ (Ricky Ponting suffered a health scare)। ধাৰা বিৱৰণি দি থকাৰ সময়তে অসুস্থ হৈ পৰে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰগৰাকী (Ponting suffers health scare during commentary)। লগে লগে হাস্পতালত ভৰ্তি প্ৰাক্তন ক্ৰিকেটাৰগৰাকী । ৰিকি পণ্টিং অসুস্থ হোৱাৰ খবৰ পোৱাৰ লগে লগে অষ্ট্ৰেলিয়া ক্ৰিকেটত উদ্বেগৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছে টেষ্ট শৃংখলা । প্ৰথম টেষ্টৰ তৃতীয় দিনটোতে ধাৰা বিৱৰণি দি থকাৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী । তেওঁ হৃদযন্ত্ৰৰ সাৱধানতামূলক পৰীক্ষা কৰিবলৈ চিকিৎসকৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে । ছেভেন স্পৰ্টছৰ এগৰাকী মুখপাত্ৰই বিবৃতিত কয় যে ৰিকি পন্টিং অসুস্থ হোৱাৰ বাবে খেলখনৰ বাকী কভাৰেজত তেওঁ ধাৰা বিৱৰণ দিব নোৱাৰিব ।

ইফালে হৃদৰোগ অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ বাবে অভিশপ্ত হিচাপে দেখা দিছে । চলিত বছৰতে অষ্ট্ৰেলিয়াৰ দুগৰাকী তাৰকা ক্ৰিকেটাৰ ক্ৰমে ৰড মাৰ্ছ আৰু শ্বেন ৱাৰ্ণক হেৰুৱাইছে ক্ৰিকেটপ্ৰেমীয়ে (Shane Warne died)। যাৰ বাবে ৰিকি পণ্টিং অসুস্থ হোৱাৰ লগে লগে তেওঁৰ আৰু অষ্ট্ৰেলিয়া ক্ৰিকেটৰ অনুৰাগীসকল শংকিত হৈ পৰিছে ।

২০২০ চনৰ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ ডিন জ'নছ নামৰ আন এগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ হঠাতে মৃত্যু হৈছিল । পশ্চিম অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেট কিপাৰ তথা নেডাৰলেণ্ডৰ প্ৰশিক্ষক ৰিয়ান কেম্পবেলেও এই বছৰৰ এপ্ৰিলত হৃদৰোগত আক্ৰান্ত হৈছিল ।

পণ্টিঙৰ সুস্বাস্থ্য কামনা কৰি ইতিমধ্যে তেওঁৰ অনুৰাগীসকলে প্ৰাৰ্থনা কৰা দেখা গৈছে । উল্লেখ্য যে পণ্টিঙে ১৬৮ খন টেষ্টত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছিল (Ricky Ponting cricket record)। য'ত ৪১ টা শতক আৰু ৬২ টা অৰ্ধশতকৰ সৈতে ৫১.৮৫ গড়ে ১৩,৩৭৮ ৰাণ সংগ্ৰহ কৰিছিল । আনহাতে ৩৭৫ খন এদিনীয়াত, তেওঁ ৩০ টা শতক আৰু ৮২ টা অৰ্ধশতকৰ সৈতে ৪২.০৩ গড়ে ১৩,৭০৪ ৰাণ সংগ্ৰহ কৰিছিল । ১৭ খন টি-২০ত, তেওঁ ২৮.৬৪ গড়ে ৪০১ ৰাণ কৰিছিল য'ত তেওঁৰ নামত আছে দুটা অৰ্ধশতক ।

৫০ অভাৰৰ বিশ্বকাপত তিনিবাৰকৈ জয়ী হোৱাৰ সময়তো তেওঁ অষ্ট্ৰেলিয়া দলৰ অংশ আছিল । ক্ৰমে ১৯৯৯, ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপত জয়ী হোৱা অষ্ট্ৰেলিয়া দলটোৰ তেওঁ অংশ আছিল । তেওঁ অষ্ট্ৰেলিয়াৰ সফল অধিনায়ক হিচাপেও জনাজাত ।

লগতে পঢ়ক :FIFA World Cup 2022 : চার্জ দিব লাগে বিশ্বকাপৰ বলত ! ৰহস্য কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.