Ricky Ponting sharp chest pains : কমেন্ট্ৰী বক্সলৈ পুনৰ উভতিল ৰিকি পণ্টিং

author img

By

Published : Dec 3, 2022, 5:20 PM IST

Ricky Ponting

অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত প্ৰথম টেষ্টৰ তৃতীয় দিনটোতে ধাৰা বিৱৰণি দি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকী (Ponting suffers health scare)। হৃদযন্ত্ৰৰ সাৱধানতামূলক পৰীক্ষাৰ বাবে চিকিৎসকৰ কাষ চাপিছিল ক্ৰিকেটাৰগৰাকী । অৱশেষত সুস্থ হৈ পুনৰ ধাৰা বিৱৰণী আৰম্ভ কৰিছে তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে ।

স্পৰ্টছ ডেস্ক,৩ ডিচেম্বৰ : অষ্ট্ৰেলিয়াৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ । সুস্থ হৈ পুনৰ কমেন্ট্ৰী বক্সলৈ উভতিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং (Ricky Ponting returns to commentary)। শনিবাৰে অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত প্ৰথম খন টেষ্ট ক্ৰিকেট খেলৰ চতুৰ্থ দিনা কমেন্ট্ৰী বক্সত পুনৰ দেখা গৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ।

  • I had my little mate JL looking after me and I'm back here shiny and new this morning. Ready for a good day of Test cricket after missing the best part of yesterday. https://t.co/w98EUZCS8E

    — Ricky Ponting AO (@RickyPonting) December 3, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

টেষ্ট শৃংখলা চলি থকাৰ মাজতে হৃদযন্ত্ৰৰ সমস্যাৰ বাবে চিকিৎসকৰ কাষ চাপিব লগীয়া হৈছিল ক্ৰীড়া তাৰকাগৰাকী । জানিব পৰা মতে বুকুত বিষ আৰু মূৰ ঘূৰোৱা অনুভৱ কৰিছিল খেলুৱৈগৰাকী । তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল (Ponting suffers health scare during commentary)।

খেলখনৰ চতুৰ্থ দিনা শনিবাৰে পণ্টিঙে চেনেল ছেভেনক কয় যে তেওঁৰ বাবে শুকুৰবাৰে বহুলোকে ভয় খাইছিল । এইটো তেওঁৰ বাবে অতি ভয়ংকৰ মুহূৰ্ত আছিল । তৃতীয় দিনাৰ খেলৰ সময়ত তেওঁ কমেন্ট্ৰী বক্সত বহি আছিল । পণ্টিঙে কোৱা মতে যেতিয়া তেওঁ বুকুৰ তীব্ৰ বিষ অনুভৱ কৰিছিল ইয়াক আওকাণ কৰিব বিচাৰিছিল যদিও সেয়া সম্ভৱ হোৱা নাছিল ।

সেই সময়ত পন্টিঙৰ সৈতে কমেন্ট্ৰী বক্সত আছিল তেওঁৰ প্ৰাক্তন সতীৰ্থ জাষ্টিন লেংগাৰ । পন্টিঙক তেওঁ চিৰিৰে নমাই আনিছিল আৰু অষ্ট্ৰেলিয়া দলৰ চিকিৎসক লেই গোল্ডিঙৰ ওচৰলৈ লৈ গৈছিল । পাছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । আনকি খেলখনৰ বাকী কভাৰেজত তেওঁ ধাৰা বিৱৰণ দিব পৰা নাছিল ।

পন্টিঙে কোৱা মতে তেওঁ চিকিৎসালয়ত কিছু সময় আছিল আৰু ভালদৰে শুইছিল । যিহেতু শ্বেন ৱাৰ্ণ আৰু ৰ'ড মাৰ্শ্বৰো হৃদৰোগত মৃত্যু হৈছিল সেয়ে তেওঁ ইয়াক গুৰুত্ব সহকাৰে লৈছিল । পণ্টিঙে উল্লেখ কৰা মতে যোৱা ১২-১৮ মাহত তেওঁ একাংশ সহকৰ্মীৰ সৈতে সংঘটিত ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বাবেও শুকুৰবাৰৰ দিনটো এক শিক্ষা লোৱাৰ দিন আছিল ।

তাৰকা ক্ৰিকেটাৰ ৰিকি পণ্টিঙক পুনৰ আগৰ অৱস্থাত দেখি আনন্দিত তেওঁৰ অনুৰাগীসকল । কিয়নো ধাৰা বিৱৰণি দি থকাৰ সময়তে তেওঁ অসুস্থ হোৱাৰ লগে লগে ক্ৰিকেটপ্ৰেমীৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছিল ।

লগতে পঢ়ক :Ricky Ponting suffers health scare : প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ৰিকি পণ্টিং অসুস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.