MS Dhoni in BCCI: পুনৰ ভাৰতীয় ক্ৰিকেট দললৈ আহিব এম এছ ধোনী !

author img

By

Published : Nov 15, 2022, 9:52 PM IST

MS Dhoni in BCCI

পুনৰ ভাৰতীয় ক্ৰিকেট দললৈ ঘূৰি আহিব এম এছ ধোনী ! ধোনীৰ ওপৰত ন্যস্ত হ’ব পাৰে গুৰু দায়িত্ব ৷ 2022 ৰ T-20 বিশ্বকাপৰ পুনৰাবৃত্তি হ’বলৈ নিদিয়ে বিচিচিআয়ে ৷ এই মাহৰ শেষৰ ফালে আহিব পাৰে ভাল খবৰ ৷

নিউজ ডেস্ক, 15 নৱেম্বৰ: এম এছ ধোনী, যাক কোৱা হয় কেপ্টেইন ইন কুল (Captain in Cool) ৷ সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমী তথা গৰিষ্ঠ সংখ্যক ক্ৰিকেট তাৰকাই ইতিমধ্যেই এই কথা স্বীকাৰ কৰিছে যে, ষ্টাম্পৰ পিচত থাকে এখন খেল সলনি কৰি দিয়াতো কেৱল ধোনীৰ পক্ষেহে সম্ভৱ (MS Dhoni in BCCI) ৷ ইতিমধ্যে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ৷ কিন্তু শেহতীয়াকৈ প্ৰকাশিত খবৰ মতে, পুনৰ আহি আছে ধোনী৷ অচিৰেই ভাৰতীয় ক্ৰিকেট দৰ সৈতে সংযুক্ত হ’ব মহেন্দ্ৰ সিং ধোনী (Mahendra Singh Dhoni) ৷

উল্লেখ্য যে, সদ্য সমাপ্ত T-20 বিশ্বকাপত আৰম্ভণিৰ পৰা সুন্দৰভাৱে খেলি ছেমি ফাইনেলত ভাৰতীয় দলটো পৰাস্ত হোৱা বিষয়টোক সহজভাৱে ল’ব পৰা নাই বিচিচিআয়ে (ICC T20 WC 2022) ৷ যাৰ বাবে দলটোত ব্যাপক পৰিৱৰ্তন ঘটোৱাৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড ৷ তাৰ পৰিপ্ৰেক্ষিততে ধোনী পুনৰ ভাৰতীয় দলৰ সৈতে সংযুক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷

পুনৰ ভাৰতীয় ক্ৰিকেট দললৈ আহিব এম এছ ধোনী !

বৰ্তমান ভাৰতীয় দলৰ প্ৰসিক্ষক হিচাপে থকা দ্য ৱাল খ্যাত ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ বাবে ক্ৰিকেটৰ টেষ্ট, এদিনীয়া আৰু টি-20 তিনিওটা ফৰ্মেট চম্ভালাতো কঠিন হৈ পৰিছে ৷

যাৰ বাবে কামৰ বোজা কিছু হ্ৰাস কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে টি-20 স্পেচিয়েলিষ্ট এম এছ ধোনীক 2024 ৰ টি-20 বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে দায়িত্ব অপৰ্ন কৰিব পাৰে ৷ অৱশ্যে বৰ্তমানলৈকে এই সন্দৰ্বত সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰা নাই বিচিচিআয়ে ৷ তথ্য অনুসৰি, চলিত মাহৰ শেহৰ ফালে অনুষ্ঠিত হ’ব লগীয়া ব’ৰ্ডৰ এপেক্স কাউঞ্চিলৰ বৈঠকত ইয়াৰ সিদ্ধান্ত লোৱা হ’ব পাৰে ৷

লগতে পঢ়ক: ICC player of month: বিৰাট কোহলীলৈ আইচিচিৰ প্লেয়াৰ অৱ দ্য মান্থ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.