হাৰ্দিক আৰু বৰুণক লৈ সমস্যাত ভাৰতীয় দল:সকলোৰে দৃষ্টি ধোনীৰ ওপৰত

author img

By

Published : Oct 9, 2021, 5:23 PM IST

T20 World Cup

টি-২০ বিশ্বকাপৰ ১১ জনীয়া দলটোত কোনে পাব স্থান ? হাৰ্দিক নে বৰুণ চক্ৰৱৰ্তী ? দুয়োগৰাকীক লৈ দল এতিয়া বিবুদ্ধিত পৰিছে । অৱশ্যে প্ৰাক্তন অধিনায়ক তথা বিশ্বকাপৰ ভাৰতীয় দলটোৰ পৰামৰ্শদাতা ধোনীৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি থাকিব ।

স্পৰ্টছ ডেস্ক,৯ অক্টোবৰ : আহি থকা টি-২০ বিশ্বকাপক লৈ এতিয়া প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰতিটো দলে । ইয়াৰ মাজতে বিশ্বকাপৰ ভাৰতীয় দলটোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । ইয়াৰ মাজতে শুকুৰবাৰে আইপিএলত চানৰাইজাৰ্ছ হায়দৰাবাদৰ (SRH) বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ (MI) খেলখনত সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষাণৰ প্ৰদৰ্শনে দলৰ পৰিচালকসকলক যথেষ্ট আনন্দিত কৰিছে ।

অৱশ্যে হাৰ্দিক পাণ্ডিয়াই বলিং কৰিব নোৱাৰা আৰু স্পিনাৰ বৰুণ চক্ৰৱৰ্তীৰ ফিটনেছক লৈ এতিয়াও ডাঙৰ চিন্তাৰ কাৰণ হৈছে দলটোৰ বাবে । অৱশ্যে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অধিনায়ক বিৰাট কোহলী আৰু দলৰ পৰামৰ্শদাতা (Mentor) এম এছ ধোনী পুনৰ বিবুদ্ধিত পৰিব নেকি ? অৱশ্যে টীম এঘাৰত কোনে স্থান পাই সেয়া তেওঁলোকৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব ।

এক সূত্ৰই জনোৱা মতে, বৰুণৰ ফিটনেছ কোনো ডাঙৰ চিন্তাৰ বিষয় নহয় । কিয়নো তেওঁ কেৱল চাৰি অভাৰ বল কৰিব লাগিব । অৱশ্যে হাৰ্দিক পাণ্ডিয়াৰ স্থিতিক লৈ কোহলী, ৰোহিত শৰ্মা আৰু মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ সৈতে পুনৰ এম এছ ধোনী বহিবলগীয়া হ'ব পাৰে ।

উল্লেখ্য যে ধোনীয়ে যিধৰণে দলৰ খেলুৱৈৰ পৰিস্থিতিক লৈ সমস্যাৰ সন্মুখীন হৈছিল, বিৰাট কোহলীও বৰুণ চক্ৰৱৰ্তীৰ ফিটনেছক লৈ একে সমস্যাৰ সন্মুখীন হৈছে । অৱশ্যে যেতিয়া এগৰাকী খেলুৱৈ খেলখনৰ বিজেতা হ'ব পাৰে তেতিয়া বিকল্পৰ চিন্তা কৰাটো কিছু কঠিন হ'ব । বৰুণৰ চাৰি অভাৰ নিশ্চিতভাৱে খেলখনৰ নিৰ্ণায়ক হ'ব পাৰে । সেয়ে সূত্ৰটোৱে আশা কৰা মতে ধোনীৰ পূৰ্বৰ অভিজ্ঞতাই এই ক্ষেত্ৰত কোহলীক যথেষ্ট পৰিমাণে সহায় কৰিব ।

আনহাতে বলিং আৰু বেটিঙৰ ক্ষেত্ৰত হাৰ্দিক এগৰাকী প্ৰভাৱশালী খেলুৱৈ । হাৰ্দিক আৰু ৰবীন্দ্ৰ জাদেজাৰ দৰে খেলুৱৈ হৈছে মেচ উইনাৰ অলৰাউণ্ডাৰ । কিন্তু হাৰ্দিকে যদি বলিং কৰিব নোৱাৰে তেনেহ'লে দল গঠনৰ ক্ষেত্ৰত বহু অসুবিধা আহিব পাৰে বুলি সন্দেহ কৰিছে সূত্ৰটোৱে । সেয়ে সূত্ৰটোৱে উল্লেখ কৰা মতে, সম্ভৱত প্লেয়িং ইলেভেনৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ বাবে অধিনায়ক বিৰাট কোহলী, ধোনী, ৰোহিত শৰ্মা বা ৰবি শাস্ত্ৰী আলোচনাত বহিব পাৰে ।

সূত্ৰটোৱে উল্লেখ কৰা মতে ফিনিচাৰ (Finisher) হিচাপে হাৰ্দিকৰ বিশেষ অৱদান আছে । কিন্তু তেওঁক দলটোত ফিনিচাৰ হিচাপে ল'ব নে নিম্ন ক্ৰমৰ বেটছমেন হিচাপে ল'ব সেয়াও গুৰুত্বপূৰ্ণ বিষয় হ'ব । ধোনীয়ে হাৰ্দিকৰ খেল দেখিছে সেয়ে এই ক্ষেত্ৰত ধোনীৰ ইনপুট যথেষ্ট মহত্বপূৰ্ণ হ'ব । আনহাতে মধ্য ক্ৰমৰ স্থানত সূৰ্যকুমাৰ আৰু ঈশান কিষানৰ প্ৰদৰ্শন ভাল ।

কিন্তু টি-২০ বিশ্বকাপ তেওঁলোকে খেলা নাই । এই ক্ষেত্ৰত হাৰ্দিকৰ অভিজ্ঞতা বেছি আছে । গতিকে সকলো ফালৰ পৰা লক্ষ্য কৰিলে এতিয়াও টীম ইলেভেনত হাৰ্দিকে স্থান লাভ কৰাক লৈ নিশ্চিত হোৱা নাই দলটো । এই ক্ষেত্ৰত ভাৰতীয় ফিজিঅ'ৰ পৰামৰ্শও গুৰুত্বপূৰ্ণ হ'ব ।

লগতে পঢ়ক :IPL 2021: পইন্ট বৃদ্ধিৰ লক্ষ্যৰে পঞ্জাৱৰ বিৰুদ্ধে নামিছে চেন্নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.