টীম অসমৰ দায়িত্ব কান্ধত ল’বলৈ সাজু ৰিয়ান পৰাগ !

author img

By

Published : Oct 12, 2021, 6:13 PM IST

riyan-parag-will-lead-assam-in-mushaq-ali-t20-cricket

আগন্তুক মুছাক আলী টি-২০ ক্ৰিকেটত অসমক নেতৃত্ব দিব ৰিয়ান পৰাগে ৷ শেহতীয়াকৈ, আইপিএলত নিজৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল উদীয়মান খেলুৱৈ গৰাকী ৷

গুৱাহাটী, 12 অক্টোবৰ : ৪ নৱেম্বৰৰ পৰা দিল্লীত অনুষ্ঠিত হ'বলগীয়া আগন্তুক মুছাক আলী টি-২০ ক্ৰিকেটত টপ অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগে অসমক নেতৃত্ব দিব । ঘোষণা হোৱা দলটোৰ আন সদস্যসকল হৈছে, পল্লৱ কুমাৰ দাস, ঋষভ দাস, ডেনিশ দাস, অমিত সিনহা, চাহিল জৈন, আকাশ সেনগুপ্তা, ৰাজ্জাক উদ্দিন আহমেদ, ৰাহুল সিং, ৰোশন আলম, অম্লান জ্যোতি দাস, জিতুমনি কলিতা, কুনাল শইকীয়া, অভিষেক ঠাকুৰী, মোখতাৰ হুছেইন, প্ৰীতম দাস আৰু ধৰণী ৰাভা । মুখ্য প্ৰশিক্ষক - অজয় ৰাত্ৰা, প্ৰশিক্ষক - ষ্টুৱাৰ্ট বিনি আৰু সলিল সিনহা, মেনেজাৰ - প্ৰতিম হাজৰিকা ।

লক্ষণীয় যে, আই পি এল ২০২১ ত তেওঁৰ দুৰ্বল ফৰ্মৰ বাবে উদীয়মান খেলুৱৈ ৰিয়ানে বৰ্তমান যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে । ৰাজস্থান ৰয়েলছৰ হৈ 11 খন খেলত, তেওঁ মাত্ৰ 93 ৰাণ সংগ্ৰহ কৰিছে । আনকি ৰিয়ানে তেওঁৰ পাৰ্ট টাইম স্পিন বলিঙৰ দ্বাৰা এই ছিজনটোত মাত্ৰ এটা উইকেট দখল কৰিছে ।

অৱশ্যে ডুবাইত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (আৰচিবি) বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ (আৰআৰ) শেহতীয়া পৰাজয়ৰ সময়ত তেওঁৰ শক্তিশালী ফিল্ডিং দক্ষতা প্ৰদৰ্শন কৰি ৰিয়ানে যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । ১৯ বছৰীয়া যুৱ খেলুৱৈজনে বুধবাৰে বিৰাট কোহলীক এটা সুন্দৰ ৰাণ আউট কৰি পেভিলিয়নলৈ ঘূৰাই পঠিয়াইছিল । ঘটনাটো সপ্তম অভাৰত সংঘটিত হৈছিল, যেতিয়া আৰচিবিয়ে 150 ৰাণৰ লক্ষ্য অনুসৰণ কৰি আছিল ।

আৰচিবিৰ অধিনায়কজনে এটা ৰাণ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল যেতিয়া বলটো এটা ডাইভিঙৰ জৰিয়তে পৰাগৰ দখললৈ গৈছিল । অলৰাউণ্ডাৰজনে এক ছেকেণ্ডৰ ভিতৰতে উঠি বলটো নন-ষ্ট্ৰাইকাৰ এণ্ডলৈ দলিয়াই দিয়ে আৰু ষ্টাম্পত পোনপটীয়াকৈ আঘাত কৰে । ফলত ৰাণ আউট হয় কোহলী ৷

লগতে পঢ়ক : RCB ৰ অধিনায়ক পদ ত্যাগ বিৰাট কোহলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.