IPL 2021: এটা দলৰ বিৰুদ্ধে এহাজাৰৰো অধিক ৰান সংগ্ৰহ কৰি অভিলেখ ৰোহিত শৰ্মাৰ

author img

By

Published : Sep 24, 2021, 12:01 PM IST

Rohit Sharma

IPLত এটা দলৰ বিৰুদ্ধে ১ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰা প্ৰথম বেটাৰ হিচাপে পৰিগণিত হ'ল ৰোহিত শৰ্মা(Rohit Sharma) । বৃহস্পতিবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল ৰোহিত শৰ্মাই । এই খেলখনতে ১ হাজাৰৰো অধিক ৰান সংগ্ৰহৰ অভিলেখ গঢ়ে ৰোহিতে । IPLত এতিয়ালৈকে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ১ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে ৰোহিত শৰ্মাই ।

স্পৰ্টছ ডেস্ক, ২৪ ছেপ্টেম্বৰ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(Indian Premier League)ত অভিলেখ ৰচিলে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই । IPLত এটা দলৰ বিৰুদ্ধে ১ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰা প্ৰথম বেটাৰ হিচাপে পৰিচিত হ'ল ৰোহিত শৰ্মা । আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত বৃহস্পতিবাৰে কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আৰু মুম্বাই ইণ্ডিয়ানছ (MI)ৰ মাজত খেল অনুষ্ঠিত হৈছিল ।

এই খেলখনতে তৃতীয় অভাৰত স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে বলিং কৰি থকা সময়তে ৰোহিত শৰ্মাৰ ৰান সংগ্ৰহৰ অভিলেখ সম্পূৰ্ণ হয় । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (IPL) এতিয়ালৈকে কলকাতা নাইট ৰাইডাৰ্ছ(Kolkata Knight Riders)ৰ বিৰুদ্ধে খেলি ১ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে ৰোহিত শৰ্মাই । দেওবাৰে চেন্নাই চুপাৰ কিংছৰ(Chennai Super Kings) বিৰুদ্ধে খেলি মুম্বাই ইণ্ডিয়ানছ পৰাজিত হৈছিল ।

ইয়ন মৰ্গেনৰ নেতৃত্বত কলকাতা নাইট ৰাইডাৰ্ছে টছত জয়ী হৈ খেলপথাৰত নামে । মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে, দলটোৰ খেলৰ সন্দৰ্ভত কেতবোৰ বিষয়ৰ শুধৰণি কৰাৰ প্ৰয়োজন আছে । এই বিষয়ে তেওঁ আলোচনা কৰিছে বুলিও জানিবলৈ দিয়ে ।

মুম্বাই ইণ্ডিয়ানছে ইয়াৰ পূৰ্বে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে অন্তিমখন খেলত পৰাজিত হৈছিল । আনহাতে, কে কে আৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলি জয়ী হৈছিল । ৰোহিতৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে আৰু কে কে আৰ ষষ্ঠ স্থানত আছে ।

লগতে পঢ়ক:টি-২০ ক্ৰিকেটত ৪ হাজাৰ ৰাণ সম্পূৰ্ণ শ্ৰেয়াছ আয়াৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.