IPL 2023 updates: পুনৰ এবাৰ আশাহত আৰ চি বি; কপাল ফুলিল মুম্বাই ইণ্ডিয়ানছৰ
Published: May 22, 2023, 1:16 AM


IPL 2023 updates: পুনৰ এবাৰ আশাহত আৰ চি বি; কপাল ফুলিল মুম্বাই ইণ্ডিয়ানছৰ
Published: May 22, 2023, 1:16 AM
আই পি এল 2023 ৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচত আৰ চি বিৰ পৰাজয়ে দলটোক পুনৰ এবাৰ আই পি এলৰ খিতাপ দখলৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছক প্লে অফত প্ৰবেশৰ বাবে ভাগ্য মুকলি কৰিলে । গুজৰাট টাইটানছৰ হাতত 6 উইকেটত পৰাস্ত বেংগালুৰু (RCB eliminates from IPL 2023) ।
নিউজ ডেস্ক, 22 মে': পুনৰ এবাৰ আই পি এল জয়ৰ আশা আধাতে সামৰিব লগীয়া হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে । গুজৰাট টাইটানছৰ হাতত আই পি এল 2023 ৰ অন্তিমখন লীগ মেচত 6 উইকেটত পৰাস্ত হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । এই খেলখন ভাগ্য নিৰ্ণায়ক আছিল মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েলছ চেলেঞ্জাৰ্ছৰ বেংগালুৰু এই দুয়োটা দলৰ বাবে । দেওবাৰে বিয়লি অনুষ্ঠিত খেলখনত মুম্বাই ইণ্ডিয়ানছে ছান ৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে যদিও, প্লে' অফত প্ৰবেশৰ বাবে বাট চাব লগীয়া হৈছিল বেংগালুৰু আৰু গুজৰাটৰ মাজত অনুষ্ঠিত খেলখনৰ বাবে (MI qualified for playoff) ।
এই খেলখনত জয়ী হ'লে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে পোনে পোনে প্লে' অফত প্ৰৱেশৰ সুবিধা লাভ কৰিলে হেতেন । কিন্তু গুজৰাটৰ হাতত পৰাস্ত হোৱাত পুনৰ এবাৰ আই পি এলৰ ইতিহাসত বিমুখ হ'ব লগীয়া হয় আৰ চি বি আৰু প্লে' অফত প্ৰবেশ কৰে মুম্বাই ইণ্ডিয়ানছে (RCB eliminates from IPL 2023) ।
বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত টচত জয়ী হৈ বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ বেটিং কৰিবলৈ আহে বিৰাট কোহলী আৰু ফাফ ডু প্লেছিছ । দুয়োগৰাকী বেটছমেনে সুন্দৰ আৰম্ভণি কৰে (RCB vs GT IPL match updates) ।
ফাফ ডু প্লেছিছে 28 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে আই পি এল 2023 ত নিজৰ দ্বিতীয়টো শতক সম্পূৰ্ণ কৰে বিৰাট কোহলীয়ে । 61 টা বলত 13 টা চাৰি আৰু 1 টা ছিক্সাৰ কোবাই 101 ৰাণ কৰি নট আউট হৈ থাকে কোহলী । ব্ৰেচৱেলে 26 আৰু অনুজ ৰাৱাটে 26 ৰাণৰ বৰঙণি যোগায় । 20 অভাৰত 5 উইকেট হেৰুৱাই মুঠ 197 ৰাণ সংগ্ৰহ কৰে আৰ চি বিয়ে (RCB lost against GT) ।
198 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা গুজৰাট টাইটানছে 25 ৰাণতে ঋদ্ধিমান সাহাৰ (12) উইকেট হেৰুৱাই যদিও শুভমন গিল আৰু বিজয় শংকৰে বিস্ফোৰক বেটিঙেৰে দলৰ স্কৰ আগুৱাই নিয়ে । বিজয় শংকৰে 35 বলত 53 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে শুভমন গিলে 52 টা বলত 104 ৰাণ কৰি অপৰাজিত হৈ থাকে । 19.1 বলত ছিক্সাৰ কোবাই গিলে গুজৰাটক জয়ৰ সোৱাদ দিয়ে (IPL 2023 playoff matches) ।
আৰ চি বিৰ পৰাজয়ৰ বাবে প্লে' অফত অন্তৰ্ভুক্ত হয় মুম্বাই ইণ্ডিয়ানছ । মঙলবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্লে' অফ পৰ্যায়ৰ প্ৰখন খেল অনুষ্ঠিত হ'ব । একেখন ষ্টেডিয়ামতে বুধবাৰে মুখামুখি হ'ব লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু মুম্বাই ইণ্ডিয়ানছ ।
লগতে পঢ়ক: IPL 2023 MI vs SRH: গ্ৰীণৰ শতকেৰে মুম্বাইৰ জয়লাভ; এতিয়াও হোৱা নাই শংকামুক্ত
