IPL 2023 MI vs SRH: গ্ৰীণৰ শতকেৰে মুম্বাইৰ জয়লাভ; এতিয়াও হোৱা নাই শংকামুক্ত

author img

By

Published : May 21, 2023, 8:37 PM IST

Updated : May 21, 2023, 8:43 PM IST

IPL 2023 MI vs SRH match

ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ কৰিলেও এতিয়াও শংকামুক্ত নহয় মুম্বাই ইণ্ডিয়ানছ ৷ দেওবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ কৰে মুম্বাই ইণ্ডিয়ানছে (IPL 2023 MI vs SRH match) ৷

নিউজ ডেস্ক, 21 মে’: ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ কৰি এতিয়াও আই পি এল 2023ৰ প্লে’ অফ পৰ্যায়লৈ যোৱাৰ আশা ধৰি ৰাখিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ ৷ দেওবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত মুম্বাই ইণ্ডিয়ানছে কেমেৰুণ গ্ৰীণৰ শতক আৰু অধিনায়ক ৰোহিত শৰ্মাৰ অৰ্ধশতকৰ সহায়ত 8 উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয় (IPL 2023 MI vs SRH match) ৷

অৱশ্যে এতিয়াও প্লে’ অফত অন্তৰ্ভুক্ত হোৱা নাই মুম্বাই ইণ্ডিয়ানছ ৷ দেওবাৰে হ’বলগীয়া আই পি এল 2023ৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলৰ ওপৰত নিৰ্ভৰ কৰিব সকলো ৷ ইতিমধ্যেই প্লে’ অফত প্ৰৱেশ কৰা গুজৰাট টাইটানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব লগীয়া খেলখনে নিৰ্ভৰ কৰিব বেংগালুৰু আৰু মুম্বাইৰ ভৱিষ্যৎ (TATA IPL 2023) ৷

যদি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক পৰাস্ত কৰিব পাৰে, তেন্তে মুম্বাইৰ যাত্ৰা ইমানতে অন্ত পৰিব আৰু বেংগালুৰুৱে প্লে’ অফত প্ৰৱেশ কৰিব ৷ কিন্তু যদি গুজৰাট টাইটানছ জয়ী হয়, তেন্তে মুম্বাই অন্তৰ্ভুক্ত হ’ব আৰু বাহিৰ হ’ব লাগিব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (MI Won Against SRH) ৷

মুম্বাই আৰু হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা খেলখনত টচত জিকি বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই ৷হায়দৰাবাদৰ দুই অপেনাৰ বিভ্ৰান্ত শৰ্মা আৰু মায়ংক আগৰৱালে দলৰ হৈ শক্তিশালী আৰম্ভণি কৰে (MI vs SRH 2023) ৷

বিভ্ৰান্তে 47 টা বলত 9 টা চাৰি আৰু 2 টা ছিক্সাৰ কোবাই মুঠ 69 ৰাণ কৰে ৷ মায়াংক আগৰৱালে 46 টা বলত 8 টা চাৰি আৰু 4 টা ছিক্সাৰ কোবাই মুঠ 83 ৰাণ সংগ্ৰহ কৰে ৷ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই হায়দৰাবাদে 200 ৰাণ কৰে আৰু মুম্বাইক জয়ৰ বাবে 201 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ মুম্বাই ইণ্ডিয়ানছৰ আকাশ মাধৱালে 4 টা উইকেট দখল কৰে (MI in IPL points table) ৷

ইফালে মুম্বাইৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই 56 ৰাণ আৰু কেমেৰুণ গ্ৰীণে অপৰাজিত 100 ৰাণেৰে দলক জয়ী কৰে ৷ এতিয়া ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ খেলখনৰ ওপৰত নিৰ্ভৰ কৰিব মুম্বাই ইণ্ডিয়ানছৰ আই পি এলৰ পৰৱৰ্তী যাত্ৰা (MI Beat SRH in IPL 2023) ৷

লগতে পঢ়ক: Nitish Kumar Meets Kejriwal : নিৰ্বাচনী ৰণনীতি ! কেজৰিৱালক সাক্ষাৎ নীতিশ কুমাৰৰ

Last Updated :May 21, 2023, 8:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.