CSK qualifies for finals for record 10th time: চেন্নাই চুপাৰ কিংছৰ হাতত ধৰাশায়ী গুজৰাট টাইটানছ

author img

By

Published : May 24, 2023, 12:38 PM IST

CSK qualifies for finals for record 10th time

আইপিএল ২০২৩ৰ ফাইনেলত চেন্নাই চুপাৰ কিংছ ৷ দশমবাৰৰ বাবে আই পি এলৰ ফাইনেলত যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত চেন্নাই চুপাৰ কিংছ ৷ গুজৰাট টাইটানছক ১৫ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে চেন্নাই চুপাৰ কিংছে (CSK beat GT in IPL) ৷

স্পৰ্টছ ডেস্ক, ২৪ মে’: চেন্নাই চুপাৰ কিংছে মঙলবাৰে গুজৰাট টাইটানছক ১৫ ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে (CSK qualify for Final in IPL 2023)৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম দলৰ লগতে আই পি এলৰ ইতিহাসত ফাইনেলত অভিলেখ সংখ্যক দশমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত হয় চেন্নাই চুপাৰ কিংছ (CSK qualifies for finals for record 10th time) ।

টাটা আই পি এল ২০২৩ৰ কোৱালিফায়াৰ-১ খেলখনত চেন্নাই চুপাৰ কিংছে প্ৰথমে বেটিং কৰি ৭ উইকেট হেৰুৱাই গুজৰাট টাইটানছক ১৭৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে(CSK beat GT in IPL) ৷ চেন্নাই চুপাৰ কিংছৰ হৈ অপেনাৰ ঋতুৰাজ গায়কোৱাডে ৪৪ টা বলত ৬০ ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে তেওঁৰ সংগী ডেভন কনৱেই ৩৪ টা বলত ৪০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

কিন্তু গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৫৭ ৰাণত অল আউট হয় আৰু মেচখনত ১৫ ৰাণত পৰাজিত হয় । উল্লেখ্য যে গুজৰাট টাইটানছৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংছৰ এইটো প্ৰথম জয় ৷ ইয়াৰ পূৰ্বে গুজৰাটৰ বিৰুদ্ধে খেলা তিনিওখন মেচত চেন্নাই চুপাৰ কিংছ পৰাস্ত হৈছিল (CSK VS GT IPL 2023) ।

চেন্নাই চুপাৰ কিংছৰ দ্ৰুত বলাৰ দীপক চাহাৰে দলটোৰ হৈ আটাইতকৈ গুৰুত্বপূৰ্ণ উইকেট সংগ্ৰহ কৰে ৷ চাহাৰে ১৩ অভাৰৰ প্ৰথমটো বলত শুভমান গিলক ডেভন কনৱেৰ হতুৱাই কেচ আউট কৰাই ৷ অৱশ্যে গুজৰাট টাইটানছৰ ওচৰত এতিয়াও ফাইনেলত উপনীত হোৱাৰ সুযোগ আছে । ইয়াৰ বাবে গুজৰাটে লক্ষ্ণৌ আৰু মুম্বাইৰ মাজত বুধবাৰে হ’বলগীয়া এলিমিনেটৰ মেচৰ বিজয়ীক কোৱালিফায়াৰ-২ খেলখনত পৰাস্ত কৰিব লাগিব ।

উল্লেখ্য যে, মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছে ৪ বাৰ আই পি এল খিতাপ অৰ্জন কৰিছে আৰু ৫ বাৰ ফাইনেলত পৰাজিত হৈছে ।

লগতে পঢ়ক: CSK VS DC IPL 2023 : দিল্লীক পৰাজিত কৰি প্লে-অফত স্থান চেন্নাই চুপাৰ কিংছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.