IPL 2022 FINAL : গুজৰাট নে ৰাজস্থান, কোনে মাৰিব শেষ হাঁহি..?

author img

By

Published : May 29, 2022, 11:02 AM IST

IPL 2022

আজি আই পি এল-২০২২ৰ অন্তিম খেল (IPL 2022 Final)। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ফাইনেলত অৱতীৰ্ণ হ'ব গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ । ১৪ বছৰৰ পাছত ফাইনেলত প্ৰৱেশ কৰা ৰাজস্থান সন্মুখত আন এক সুযোগ । হাৰ্দিক পাণ্ডিয়াৰ নতুন দলটোৱেও আশা এৰা নাই । পিছে এই ছিজনৰ বিজয়ী কোন হ'ব ? সেই মুহূৰ্তলৈ অপেক্ষা এতিয়া ক্ৰীড়াপ্ৰেমী ৰাইজৰ ।

স্পৰ্টছ ডেস্ক,২৯ মে' : প্ৰায় দুমাহ ধৰি ক্ৰিকেটপ্ৰেমীক মনোৰঞ্জন দি অহা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL)২০২২ ৰ অন্তিম মুহূৰ্ত । তীব্ৰ কৌতূহলৰ মাজত ২৯ মে' অৰ্থাৎ আজি অনুষ্ঠিত হ'ব IPL-২০২২ৰ চূড়ান্ত খেল (IPL 2022 final)। নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আইপিএল খিতাপৰ বাবে যুঁজ দিব গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছে (IPL 2022 final between RR and GT)।

গুজৰাটে (GT) তেওঁলোকৰ প্ৰথম ছিজনত ঘৰুৱা খেলপথাৰত আইপিএল খিতাপ অৰ্জন কৰিবলৈ যথেষ্ট গুৰুত্ব দিব । আনহাতে ২০০৮ চনত IPL খিতাপ অৰ্জন কৰা ৰাজস্থানৰ (RR) বাবেও বিশ্ব বিখ্যাত স্পিনাৰ শ্বেন ৱাৰ্ণক শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক সোণালী সুযোগ হ'ব এই খেলখন ।

ইফালে তালিকাৰ শীৰ্ষত থকা গুজৰাট টাইটানছে IPLৰ চলিত ছিজন আৰম্ভ হোৱাৰ পূৰ্বে বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈছিল । প্ৰথমে নিলাম আৰু খেলুৱৈৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিভিন্নজনে প্ৰশ্ন কৰিছিল । তাৰ পাছত হাৰ্ডিক পাণ্ডিয়াৰ অধিনায়ক সন্দৰ্ভতো বহুতে প্ৰশ্ন কৰিছিল । পাণ্ডিয়াই ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পৰা দুৰ্বল ফৰ্ম আৰু আঘাতৰ বাবে খেল উন্নত প্ৰদৰ্শন কৰিব পৰা নাছিল ।

তেনেস্থলত গুজৰাট টাইটানছৰ নতুন খেলুৱৈসকলক তেওঁ কেনেদৰে নেতৃত্ব দিব, তাকলৈও বহুতে প্ৰশ্ন কৰিছিল । নতুন দলটোৰ নিৰ্বাচকসকলে ইংলেণ্ডৰ অপেনাৰ জেচন ৰয়ক দলটোৰ বাবে নিলামত ক্ৰয় কৰিছিল যদিও খেল আৰম্ভ হোৱাৰ পূৰ্বেই আইপিএল খেলিব নোৱাৰিব বুলি ৰয়ে ঘোষণা কৰিছিল । এনেবোৰ চৰ্চা আৰু প্ৰত্যাহ্বান স্বত্ত্বেও গুজৰাটে ধাৰাবাহিকভাৱে প্ৰতিখন খেলত উন্নত প্ৰদৰ্শনেৰে সকলোকে আচৰিত কৰিছে ।

প্লে অফত প্ৰৱেশ কৰা আৰু অৱশেষত ফাইনেলত উপনীত হোৱা প্ৰথম দল হিচাপে পৰিগণিত হৈছে গুজৰাট টাইটানছ (Gujrat Titans in IPL final)। অৱশ্যে গুজৰাটৰ সফলতাৰ আঁৰত প্ৰতিগৰাকী খেলুৱৈৰ ভূমিকা আছে ।

দলটোৰ অন্যতম খেলুৱৈ স্পিনাৰ ৰাছিদ খানে দলটোৰ সফলতা সম্পৰ্কে কয় যে দলটোৰ প্ৰতিগৰাকী খেলুৱৈয়ে জানে যে তেওঁলোকৰ কি দায়িত্ব আছে । কেনে পৰিস্থিতিত বেটিং কৰিব লাগিব সেই কথাও তেওঁ জানে বুলি উল্লেখ কৰে খেলুৱৈয়ে । এগৰাকী মুখ্য স্পিনাৰ হিচাপে তেওঁৰ কি দায়িত্ব আছে সেই কথাও তেওঁ ভালদৰে জানে । দলটোত থকা ভাৰসাম্যৰ বাবেই দলটোৱে আজি এই স্থানত অৱতীৰ্ণ হৈছে বুলি তেওঁ উল্লেখ কৰে ।

ইফালে ৰাজস্থান ৰয়েলছৰ স্পিনাৰ যুজবেন্দ্ৰ চাহালে সুন্দৰ বলিঙৰ জৰিয়তে বলিঙৰ তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । সমান্তৰালকৈ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এইটো ছিজনত তেওঁৰ অলৰাউণ্ড ৰূপ দেখুৱাবলৈ সক্ষম হৈছে । আনহাতে ট্ৰেণ্ট ব'ল্ট, প্ৰসিদ্ধ কৃষ্ণ আৰু ওবেদ মেককয়ৰ পেচ আক্ৰমণে দলটোক বিজয়ৰ পথত অগ্ৰসৰ হোৱাত সহায় কৰিছে । আনহাতে এইবাৰ আটাইতকৈ বেছি চৰ্চাত আছে টপ-অৰ্ডাৰ বেটছমেন জছ বাটলাৰ ।

ইতিমধ্যে অৰেঞ্জ কেপৰ অধিকাৰী হোৱা বেটছমেনগৰাকীয়ে প্ৰতিযোগিতাখনত চাৰিটাকৈ শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । শুকুৰবাৰে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে কোৱালিফায়াৰ ২ত অপৰাজিত ১০৬ ৰাণৰ সৈতে অভিলেখ গঢ়িবলৈ সক্ষম হয় বাটলাৰে । ইয়াৰ উপৰিও চিমৰন হেটমেয়াৰও কেইবাখনো খেলত দলটোক বিজয় মুখ দেখুৱাবলৈ সক্ষম হৈছে ।

সামগ্ৰিকভাৱে, গুজৰাট আৰু ৰাজস্থান দুয়োটা দলে শক্তিশালী স্থিতিত আছে । যাৰ বাবে আজিৰ ফাইনেল খেলখন অতি ৰোমাঞ্চকৰ হ'ব বুলি আশা কৰা হৈছে । অৱশ্যে শেষত কোনে IPL-২০২২ৰ খিতাপ অৰ্জন কৰে সেয়া সময়েহে ক'ব ?

দুয়োটা দল এই ধৰণৰ :

গুজৰাট টাইটানছ : হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ৰাছিদ খান, শুভমান গিল, মহম্মদ ছামী, ডেভিদ মিলাৰ, ঋদ্ধিমান সাহা, মেথিউ ৱেড, ৰাহুল তেৱাটিয়া, আৰ চাই কিশোৰ, যশ দয়াল, আলজাৰি জোছেফ, ৰহমানুল্লাহ গুৰবাজ, লকী ফাৰ্গুচন, অভিনৱ মনোহৰ, নুৰ আহমেদ, ডমিনিক ড্ৰেক, জয়ন্ত যাদৱ, বিজয় শংকৰ, দৰ্শন নলকান্দে, প্ৰদীপ সংগৱান, বি চামান মান্নু, গুৰকীৰত সিং মান আৰু বৰুণ আৰন ।

ৰাজস্থান ৰয়েলছ : সঞ্জু চেমচন (অধিনায়ক), জছ বাটলাৰ, যশস্বি জয়ছোৱাল, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব'ল্ট, চিমৰন হেটমেয়াৰ, দেৱদত্ত পডিক্কাল, প্ৰসিদ্ধ কৃষ্ণ, যুজবেন্দ্ৰ চাহল, ৰিয়ান পৰাগ, কেচি কৰিয়াপ্পা, নৱদীপ চাইনি, ওবেদ মেককয়, অনুয় সিং, জেমছ নিছাম, কৰ্বিন বছ, কুলদীপ সেন, কৰুণ নায়াৰ, ৰছি ভান ডেৰ ডুছেন, ধ্ৰুৱন জুৰেল, তেজছ বাৰোক, শুভম গড়ৱাল আৰু কুলদীপ যাদৱ।

লগতে পঢ়ক :IPL 2022 : ২০০৮ৰ পুনৰাবৃত্তি বিচাৰে ৰাজস্থানে...!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.