টি-২০ ক্ৰিকেটত ৪ হাজাৰ ৰাণ সম্পূৰ্ণ শ্ৰেয়াছ আয়াৰৰ

author img

By

Published : Sep 23, 2021, 2:16 PM IST

T20 cricket

চলিত আইপিএলত দিল্লী কেপিটেলছ আৰু চানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হোৱা খেলখনত দুটাকৈ অভিলেখ সৃষ্টি কৰিলে ভাৰতীয় দুগৰাকী বেটছমেনে । এগৰাকী দিল্লী কেপিটেলছৰ শ্ৰেয়াছ আয়াৰ আৰু আন এগৰাকী চানৰাইজাৰ্ছ হায়দৰাবাদৰ ৰিধিমান ছাহা ।

স্পৰ্টছ ডেস্ক,২৩ ছেপ্টেম্বৰ : টি-২০ (T20) ফৰ্মেটত ৪ হাজাৰ ৰাণ সম্পূৰ্ণ কৰিলে শ্ৰেয়াছ আয়াৰে । আঘাতৰ পাছত শক্তিশালী ৰূপত দেখা গৈছে খেলুৱৈ গৰাকীক । সম্প্ৰতি চলি থকা আইপিএলত (IPL) দিল্লী কেপিটেলছৰ (Delhi Capitals) হৈ সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰে (Shreyas Iyer) । চলিত আইপিএলৰ মাজতে এই কৃতিত্ব অৰ্জন কৰে খেলুৱৈগৰাকীয়ে ।

খেলুৱৈ গৰাকী এই ৪ হাজাৰ ৰাণ তেওঁৰ সকলো আন্ত:ৰাষ্ট্ৰীয় আৰু অন্য টি-২০ সন্নিৱিষ্ট আছে । চলিত আইপিএলত চানৰাইজাৰ্ছ হায়দৰাবাদৰ (Sunrisers Hyderabad) বিৰুদ্ধে হোৱা খেলত ১৫০ তম টি-২০ মেচত ৪ হাজাৰ ৰাণ সম্পূৰ্ণ কৰে শ্ৰেয়াছ আয়াৰে । খেলখনত ২৫ ৰাণ সংগ্ৰহ কৰিছে শ্ৰেয়াছ আয়াৰে ।

খেলখনৰ পূৰ্বে টি-২০ ক্ৰিকেটত খেলুৱৈগৰাকীৰ মুঠ ৰাণ আছিল ৩,৯৭৫ । শ্ৰেয়াছ আয়াৰৰ টি-২০ ক্ৰিকেটত দুটা শতক আৰু ২৫ টা অৰ্ধশতক আছে । ১৪৭ ৰাণ তেওঁৰ টি-২০ ক্ৰিকেটত সৰ্বোচ্চ ৰাণ ।

IPLত আয়াৰৰ খেল উন্নত মানদণ্ডৰ আছিল । আয়াৰে প্ৰতিযোগিতাখনত মুঠ ৮০ খন খেলত ২,০০০ ৰো অধিক ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ নামত ১৬ টা অৰ্ধশতক আছে ।

ইফালে আয়াৰে আই পি এলত সৰ্বাধিক ৯৬ ৰাণ সংগ্ৰহ কৰিছে । অনুৰাগীসকলে এতিয়া তেওঁৰ পৰা শতকৰ আশা কৰি আছে । আই পি এলত তেওঁৰ ষ্ট্ৰাইক ৰেট (Strike rate) প্ৰায় ১২৬ ।

চলিত আই পি এলৰ বুধবাৰৰ দিল্লী কেপিটেলছ আৰু চানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত খেলখনত শ্ৰেয়াছ আয়াৰৰ লগতে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হয় আন এজন ভাৰতীয়ই । চানৰাইজাৰ্ছ হায়দৰাবাদৰ উইকেটকীপাৰ বেটছমেন ৰিধিমান ছাহাই আই পি এলত ২ হাজাৰ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :IPL 2021 : আজি RCB ৰ মুখামুখি হ’ব KKR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.