IPL 2021: প্লে-অফত স্থান নিশ্চিতৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

author img

By

Published : Oct 6, 2021, 9:19 PM IST

RCB win toss, elect to field against SRH

প্লে-অফত স্থান নিশ্চিত কৰিবলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে যুঁজ দিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ আইপিএলৰ 12 খন খেলৰ পৰা 16 পইণ্টৰ অৰ্জন কৰি তৃতীয় স্থানত আছে আৰচিবি(RCB) ৷

নিউজ ডেস্ক, 6 অক্টোবৰ : প্লে-অফত স্থান নিশ্চিত কৰিবলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে যুঁজ দিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ আইপিএলৰ 12 খন খেলৰ পৰা 16 পইণ্টৰ অৰ্জন কৰি তৃতীয় স্থানত আছে আৰচিবি(RCB) ৷ আজিৰ খেলখনত যদি ছানৰাইজাৰ্ছ হায়দৰাবাদ হৰুৱাব পাৰে তেন্তে ছেমি ফাইনেলৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰোৰ ৷

আইপিএলৰ পইন্ট তালিকাৰ একেবাৰে শীৰ্ষ দুটা স্থানত আছে চেন্নাই চুপাৰ কিংছ আৰু দিল্লী কেপিটেলছ ৷ দিল্লী কেপিটেলছ 20 পইন্ট অৰ্জন কৰি আইপিএল তালিকাৰ শীৰ্ষ স্থানত থকাৰ বিপৰীতে 18 পইন্ট অৰ্জন কৰি দ্বিতীয় স্থানত চেন্নাই চুপাৰ কিংছ ৷

ইফালে, ছানৰাইজাৰ্ছ হায়দৰাবাদ ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে ৷ 12 খন খেলৰ ভিতৰত মাত্ৰত 2 খন খেলত জয়ী হ'বলৈ সক্ষম হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ আইপিএলৰ পইন্ট তালিকাৰ একাবাৰে অন্তিম স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আজিৰ খেলখন অনুষ্ঠিত হৈছে শ্বেখ জায়েদ ষ্টেডিয়ামত ৷

লগতে পঢ়ক:70 শতাংশ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব T20 World Cup

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.