IPL 2021: পইন্ট বৃদ্ধিৰ লক্ষ্যৰে পঞ্জাৱৰ বিৰুদ্ধে নামিছে চেন্নাই

author img

By

Published : Oct 7, 2021, 5:38 PM IST

elect to field against CSK

আৰম্ভ হৈছে পাঞ্জাৱ আৰু চেন্নাইৰ গুৰুত্বপূৰ্ণ খেল । ইতিমধ্যে টছত জয়ী হৈছে পাঞ্জাৱ কিংছ । ইফালে প্লে অফত স্থান লাভ কৰিলেও এই খেলখনত জয়ী হৈ নিজৰ পইণ্ট বৃদ্ধিৰ চেষ্টা চলাব চেন্নাই দলটোৱে ।

স্পৰ্টছ ডেস্ক,৭ অক্টোবৰ : ইতিমধ্যে আইপিএলৰ প্লে অফত (Playoff) স্থান লাভ কৰিছে চেন্নাই চুপাৰ কিংছে (CSK) । বৃহস্পতিবাৰে পুনৰ দলটো পাঞ্জাৱ কিংছৰ সৈতে মুখামুখি হৈছে । ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখনত টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত লৈছে পাঞ্জাৱ কিংছে (PBKS) । প্লে অফত স্থান লাভ কৰিলেও এই খেলখনত জয়ী হৈ নিজৰ পইণ্ট বৃদ্ধিৰ চেষ্টা চলাব চেন্নাই দলটোৱে আনহাতে পাঞ্জাৱেও খেলখনত জয়ী হোৱাৰ সম্পূৰ্ণ চেষ্টা চলাব ।

ইতিমধ্যে পঞ্জাৱক 135 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে চেন্নাইয়ে । অন চাইডত ৬০ মিটাৰৰ ছুটী বাউণ্ডেৰী আছে আনহাতে অফত ৭৩ মিটাৰৰ বাউণ্ডেৰী । ইয়াৰ পূৰ্বে এই পিটছখনত কেইবাটাও বৃহৎ স্ক'ৰ হৈছে ।

টছৰ মূহুৰ্তত চিএছকেৰ অধিনায়ক ধোনীয়ে কয় যে ফিটনেছ চম্ভালি ৰখাটো কঠিন হ'ব । আইপিএল স্থগিত ৰখাৰ অৰ্থ হৈছে কম সময়ৰ ভিতৰত অধিক খেল হ'ব । পূৰ্বৰ খেলৰ দৰে একেখিনি খেলুৱৈৰ সৈতে এই খেলখনত অৱতীৰ্ণ হ'ব দলটো ।

ধোনীৰ মতে চিএছকে টছত জয়ী হ'লেও প্ৰথমে বেটিঙৰ সিদ্ধান্তই ল'লেহেতেন । লগতে ধোনীয়ে কয় যে তেওঁ পৰৱৰ্তী ছিজনত হালধীয়া ৰঙতে দেখিব, কিন্তু তেওঁ চিএচকেৰ হৈ খেলিব নে নাই সেইটো তেওঁ নিজেও নাজানে । আনহাতে দুটা নতুন দল আহি আছে সেয়ে সকলো একে থাকিব নে নাই সেয়া কোনেও নাজানে ।

পাঞ্জাৱ দলটোৰ অধিনায়ক কে এল ৰাহুলে কয় যে প্ৰথমে বলিং কৰিলে লক্ষ্যটো গম পোৱা যায় । দলটোৰ মিডল অৰ্ডাৰ বেটছমেন সকলে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰিছে কিন্তু ধাৰাবাহিকভাৱে সফলতা অৰ্জনত বিফল হৈছে । কে এল ৰাহুলৰ মতে মিডল অৰ্ডাৰৰ খেলুৱৈসকল প্ৰতিভাশালী । দলত কিছু পৰিৱৰ্তনৰ কথা উল্লেখ কৰি তেওঁ কয় যে খেলখনত ক্ৰিছ জৰ্ডানে পুৰাণৰ স্থান লৈছে ।

Chennai Super Kings: ৰুতুৰাজ গায়কৱাড়, ফাফ ডু প্লেচিছ, ৰবিন উথাপ্পা, মইন আলী, অম্বাতি ৰায়ডু, এম এছ ধোনী (w/c), ৰবীন্দ্ৰ জাদেজা, ডুৱাইন ব্ৰাভো, শাৰ্দুল ঠাকুৰ, দীপক চাহাৰ, জছ হেজলউড।

Punjab Kings: কে এল ৰাহুল (w/c), মায়াংক আগৰৱাল, এডেন মাৰ্ক্ৰাম, চৰফৰাজ খান, শ্বাহৰুখ খান, মইচেছ হেনৰিক্স, ক্ৰিছ জৰ্ডান, হৰপ্ৰীত ব্ৰাৰ, মহম্মদ ছামী, ৰবি বিষ্ণৈ, আৰ্শদীপ সিং।

লগতে পঢ়ক :বিশ্বকাপৰ কোৱালিফায়াৰত অংশ ল'বলৈ মেছি সম্পূৰ্ণ সুস্থ নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.