IPL 2021 Final:কোন হ'ব এইবাৰৰ চেম্পিয়ন ?

author img

By

Published : Oct 15, 2021, 1:30 PM IST

IPL 2021 Final

অন্তিম খেল আই পি এল ২০২১ৰ । চতুৰ্দশ ছিজনৰ ফাইনেলত তিনিবাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ আৰু দুবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি হ'ব । দুয়োটা দলে এই খেলখনত খিতাপৰ বাবে অধিক শক্তি দেখুৱাব । খেলখন সন্ধিয়া ৭:৩০ বজাৰ পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

স্পৰ্টছ ডেস্ক, ১৫ অক্টোবৰ : আই পি এল ২০২১ৰ অন্তিম খন খেলত মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ (CSK) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (KKR) । শুকুৰবাৰে দুয়োটা দলে IPLৰ খিতাপৰ বাবে যুঁজ দিব । উল্লেখ্য যে, দিল্লী কেপিটেলছক (DC) পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল চেন্নাই দলটো | আনহাতে, ৰয়েল চেলঞ্জাৰ্ছক (RCB) এলিমিনেটৰ ৰাউণ্ডত পৰাস্ত কৰি আৰু কোৱালিফায়াৰ-২ত দিল্লী কেপিটেলছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে কলকাতা দলটো । এই ফাইনেল খেলখন উপভোগ কৰিবলৈ সকলো ক্ৰিকেট প্ৰেমী এতিয়া অপেক্ষাৰত ।

উল্লেখ্য যে, চলিত ছিজনত দুখন খেলত চেন্নাই আৰু কলকাতা মুখামুখি হৈছে । ইফালে, চেন্নাইয়ে দুয়োখন খেলতে জয়লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতত খেলা প্ৰথমটো অংশত CSK দলটোৱে KKRক ১৮ ৰাণত পৰাস্ত কৰিছিল আৰু UAE সংস্কৰণত এখন খেলত ২ উইকেটত পৰাস্ত কৰিছে । দুয়োটা দলৰ মাজত মুঠ ২৬ খন আই পি এল খেলতো আধিপত্য বিস্তাৰ কৰিছে চেন্নাই দলটোৱে ।

চেন্নাই দলটোৱে ১৬ খন খেলত জয়ী হোৱাৰ বিপৰীতে কলকাতাই ৯ খনত জয় লাভ কৰিছে । গতিকে এই দিশৰ পৰা যদি চোৱা হয় চেন্নাই দলটো শক্তিশালী স্থিতিত আছে । অৱশ্যে কলকাতা দলটোক দুৰ্বল বুলি ক'ব নোৱাৰি । কিয়নো যোৱা দুখন খেলত উন্নত প্ৰদৰ্শন কৰিছে দলটোৱে ।

ইফালে ফাইনেলত প্ৰৱেশৰ পূৰ্বে চেন্নাই চুপাৰ কিংছে কোৱালিফায়াৰত দিল্লীক চাৰি উইকেটত পৰাস্ত কৰিছিল । খেলখনত চেন্নাইৰ সন্মুখত ১৭৩ ৰাণৰ লক্ষ্য আছিল যদিও বেটিঙৰ সুন্দৰ প্ৰদৰ্শনে এই বৃহৎ লক্ষ্য দলটোৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল । কোৱালিফায়াৰ-১ত ৰবীন উথাপ্পাৰ সুন্দৰ অৰ্ধ শতকৰ পাছত সুৰেশ ৰাইনাৰ ফিটনেছক লৈ বেছি চিন্তিত নহ'ব চেন্নাই দলটো । কিয়নো ৰাইনা যোৱা কেইবাখনো খেলৰ পৰা বাহিৰ হৈ আহিছে ।

দিল্লীৰ বিৰুদ্ধে খেলখনত ফাফ ডু প্লেচিছ প্ৰথম অভাৰতে আউট হৈছিল । উথাপ্পাই তেতিয়া পাৱাৰপ্লেত ভাল বেটিং কৰিছিল আৰু দলটোক ফাইনেললৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ইফালে ফাইনেলৰ বাবে চেন্নাইৰ দলটোৰ কোনো সালসলনিৰ সম্ভাৱনা নাই ।

চেন্নাই চুপাৰ কিংছৰ সম্ভাব্য ১১ জনীয়া ফাইনেলৰ দলটো :

এম এছ ধোনী (c/w), ৰুতুৰাজ গায়কৱাড, ফাফ ডু প্লেচিছ (Faf Du Plessis), মোইন আলী, ৰবীন উথাপ্পা, অম্বাতি ৰায়াডু, ৰবীন্দ্ৰ জাদেজা, ডোৱেন ব্ৰাভো, শাৰ্দুল ঠাকুৰ, দীপক চাহাৰ আৰু জছ হেজলউড ।

কলকাতা নাইট ৰাইডাৰ্ছৰ সম্ভাব্য ১১ জনীয়া ফাইনেলৰ দলটো :

ইয়ন মৰ্গান (c), শুভমান গিল, ভেঙ্কটেশ আয়াৰ (venktesh iyer), ৰাহুল ত্ৰিপাঠী, নীতিশ ৰাণা, দিনেশ কাৰ্তিক (w), সুনীল নাৰিন (sunil narine), চাকিব আল হাছান/আন্দ্ৰে ৰাছেল, লাকী ফাৰ্গুচন, শিৱম মাভি আৰু বৰুণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক:দিল্লীক হৰুৱাই IPL ৰ ফাইনেলত প্ৰৱেশ কলকাতা নাইট ৰাইডাৰ্ছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.