Asia Cup 2023 : IPLৰ ফাইনেলৰ পাচতে লোৱা হ'ব এছিয়া কাপৰ স্থানৰ ওপৰত চূড়ান্ত সিদ্ধান্ত
Published: May 25, 2023, 10:28 PM


Asia Cup 2023 : IPLৰ ফাইনেলৰ পাচতে লোৱা হ'ব এছিয়া কাপৰ স্থানৰ ওপৰত চূড়ান্ত সিদ্ধান্ত
Published: May 25, 2023, 10:28 PM
এই বছৰ এছিয়া কাপৰ আয়োজক হৈছে পাকিস্তান (Pakistan to host Asia Cup 2023)। কিন্তু ভাৰতীয় ক্ৰিকেট দলে চুবুৰীয়া দেশখনলৈ ভ্ৰমণ নকৰে । পিচিবিয়ে 'হাইব্ৰিড মডেল'ৰ প্ৰস্তাৱ দিছে । জয় শ্বাহৰ মতে আইপিএলৰ ফাইনেলৰ পাছতে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব ।
স্পৰ্টছ ডেস্ক, ২৫ মে': এছিয়া কাপৰ স্থানক লৈ বিতৰ্ক অব্যাহত আছে (Asia Cup controversy)। ইয়াৰ মাজতে বিচিচিআইৰ সচিব জয় শ্বাহৰ গুৰুত্বপূৰ্ণ মন্তব্য । বৃহস্পতিবাৰে বিচিচিআইৰ সচিব জয় শ্বাহে কয় যে, এছিয়া কাপ আয়োজন কৰা দেশ বা দেশসমূহৰ ওপৰত চূড়ান্ত সিদ্ধান্ত চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ সময়ত লোৱা হ'ব । য'ত এছিয়ান ক্ৰিকেট পৰিষদৰ (এচিচি) শীৰ্ষ পদবীত থকা ব্যক্তিসকলে অংশগ্ৰহণ কৰিব (Jay Shah on Asia cup venue)।
জয় শ্বাহে সংবাদ মাধ্যমক জনোৱা মতে এতিয়ালৈকে এছিয়া কাপ আয়োজন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই । তেওঁ জনোৱা মতে আই পি এলৰ ফাইনেল চাবলৈ শ্ৰীলংকা ক্ৰিকেট (এছএলচি), বাংলাদেশ আৰু আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ শীৰ্ষ পদবীৰ লোকসকল আহিব । তাত আলোচনা কৰা হ'ব আৰু যথা সময়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি জয় শ্বাহে উল্লেখ কৰে (Asia Cup venue decision after IPL final)।
উল্লেখ্য যে, এই বছৰ এছিয়া কাপৰ আয়োজক হৈছে পাকিস্তান । কিন্তু ভাৰতীয় ক্ৰিকেট দলে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে চুবুৰীয়া দেশখনলৈ ভ্ৰমণ নকৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ মাজতে পিচিবিৰ অধ্যক্ষ নজম শেঠীয়ে এটা 'হাইব্ৰিড মডেল'ৰ (Hybrid model for Asia Cup) প্ৰস্তাৱ দিছিল য'ত তেওঁলোকৰ দেশত ৪ খন খেল আয়োজন কৰাৰ কথা আছে ।
এচিচি সূত্ৰৰ মতে শেঠীৰ প্ৰস্তাৱিত হাইব্ৰিড মডেল অনুসৰি শ্ৰীলংকা, বাংলাদেশ, নেপাল আৰু আফগানিস্তানে পাকিস্তানত ৪ খন মেচ খেলিব আৰু ভাৰতে নিৰপেক্ষ স্থানত সকলো খেল খেলিব । অৱশ্যে এচিচিয়ে এতিয়ালৈ কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই ।
ভাৰত-পাকিস্তানৰ দুখন খেল শ্ৰীলংকাত অনুষ্ঠিত হ'ব বুলি কোৱা হৈছে । অৱশ্যে পিচিবিয়ে সেই খেল ডুবাইত হোৱাটো বিচাৰিছে । জানিব পৰা মতে জয় শ্বাহে এখন কাৰ্যবাহী সংস্থাৰ বৈঠক আহ্বান কৰিব য'ত আনুষ্ঠানিক ঘোষণা কৰা হ'ব । পিচিবিয়ে নিৰপেক্ষ স্থানত ভাৰতৰ সৈতে খেলিবলৈ আপত্তি কৰা নাই । পিচিবিয়ে উল্লেখ কৰা মতে ভাৰতে যদি এছিয়া কাপৰ বাবে পাকিস্তান লৈ নাযায় তেনেহ'লে আগন্তুক বিশ্বকাপৰ বাবে পাকিস্তানেও ভাৰত ভ্ৰমণ নকৰে ।
