IPL 2022 : ২০০৮ৰ পুনৰাবৃত্তি বিচাৰে ৰাজস্থানে...!

author img

By

Published : May 28, 2022, 10:23 AM IST

IPL

আইপিএল ২০২২ৰ শ্বাসৰূদ্ধকৰ কোৱালিফায়াৰ ২ত ধৰাশায়ী RCB । RCB ক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে ৰাজস্থান ৰয়েলছে (RR in IPL 2022 final)। পুনৰ এবাৰ আইপিএলৰ ট্ৰফী তুলি লোৱাৰ সপোন দেখিছে ৰাজস্থানে । দেওবাৰে ফাইনেলত গুজৰাট টাইটানছৰ মুখামুখি হ'ব দলটো ।

স্পৰ্টছ ডেস্ক,২৮ মে': আইপিএলৰ ২০২২ ছিজনত ফাইনেলত ৰাজস্থান ৰয়েলছ (RR in IPL 2022 final) । শুকুৰবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত কোৱালিফায়াৰ ২ৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুক (RCB) পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে দলটো (RR beat RCB in IPL Qualifier 2 match)। ২০০৮ চনত আইপিএলৰ খিতাপ অৰ্জনৰ পাছত বিগত ছিজন কেইটাত অতি পৰিশ্ৰম কৰা দেখা গৈছিল দলটোক । কিন্তু দলটোৰ প্ৰদৰ্শনত প্ৰতিবাৰে নিৰাশ হ'বলগা হৈছিল ৰাজস্থানৰ দৰ্শক ।

কিন্তু চলিত ছিজনত প্ৰথমৰ পৰাই আক্ৰমণাত্মক ৰূপত দেখা গৈছে দলটোৰ বলাৰ আৰু বেটছমেনসকলক । যাৰ বাবে ফাইনেললৈ অৱতীৰ্ণ হ'ল দলটো । শুকুৰবাৰে অতি শ্বাসৰূদ্ধকৰ খেলখনত বেটিং আৰু বলিং দুয়োটা ক্ষেত্ৰতে দলটোৱে উন্নত প্ৰদৰ্শন কৰে ।

IPL
বাটলাৰৰ আক্ৰমণাত্মক ৰূপ

বিশেষকৈ বলাৰৰ যাদুৱে ধৰাশায়ী কৰে RCB দলটোক । গুৰুত্বপূৰ্ণ খেলখনত ৰাজস্থানে প্ৰথমে ফিল্ডিং কৰি ১৫৭ ৰাণতে বান্ধি ৰাখে RCB ক (RR restrict RCB to 157 runs in 2nd qualifier)। প্ৰসিদ্ধ কৃষ্ণই ২২ ৰাণ দি ৩ উইকেট দখল কৰে । একেদৰে ওবেদ মেককয়ও ৩ টা উইকেট দখল কৰে ।

ট্ৰেণ্ট ব'ল্ট আৰু ৰবিচন্দ্ৰন অশ্বিনেও ১টাকৈ উইকেট দখল কৰে । ইফালে RCBৰ হৈ ৰজত পাতিদাৰে সৰ্বাধিক ৫৮ ৰাণ সংগ্ৰহ কৰে । ফাফ ডু প্লেচিছে ২৫ ৰাণ আৰু গ্লেন মেক্সৱেলে ২৪ ৰাণৰ সৈতে আইপিএল ২০২২ ছিজন শেষ কৰে ।

অতি গুৰুত্বপূৰ্ণ খেলখনত RCBৰ বাবে ১৫৭ ৰাণ সন্তোষজনক আছিল যদিও ৰাজস্থানৰ বেটিঙৰ বাবে এই স্ক'ৰ কোনো চিন্তাৰ কাৰণ নাছিল । এই বছৰৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা জছ বাটলাৰৰ আক্ৰমণাত্মক ৰূপ এইখন খেলতো দেখা গ'ল । খেলখনত ১০৬ ৰাণ সংগ্ৰহ কৰাৰ লগতে আইপিএল খিতাপ দখল কৰাৰ বাবে ৰাজস্থানক আৰু এখোজ আগবঢ়ালে বাটলাৰে । অন্তিম পৰ্যায়লৈ ফিল্ডত কেৱল যাদু দেখুৱালে জছ বাটলাৰে ।

IPL
ফাইনেলত প্ৰৱেশ কৰিলে ৰাজস্থান ৰয়েলছে

জছ বাটলাৰৰ এই প্ৰদৰ্শনে পুনৰ এবাৰ নিৰাশ কৰিলে RCBৰ দৰ্শকক । অধিনায়ক ছেমচন আৰু জয়চৱালেও ক্ৰমে ২৩ আৰু ২১ ৰাণ সংগ্ৰহ কৰে । ৰাজস্থানে ফাইনেল পোৱাৰ লগে লগে এতিয়া বিশেষকৈ ৰাজস্থানৰ দৰ্শকৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । সকলোৱে কামনা কৰিছে যাতে ২০০৮ চনৰ পুনৰাবৃত্তি হয় ।

কিন্তু ৰাজস্থানৰ বাবে ফাইনেলত জয়ী হোৱাটো ইমান সহজ নহ'ব । কাৰণ সন্মুখত থাকিব হাৰ্দিক পান্দিয়াৰ গুজৰাট টাইটানছ বাহিনী (IPL Final RR vs GT)। ইয়াৰ পূৰ্বে কোৱালিফায়াৰ ১ত ৰাজস্থানক পৰাস্ত কৰি ফাইনেলত স্থান কৰিছিল গুজৰাট টাইটানছে । চলিত ছিজনত গুজৰাটৰ প্ৰদৰ্শনে সকলো দৰ্শককে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । অৱশ্যে দেওবাৰেহে দেখা যাব কোন হ'ব IPL-2022ৰ বিজয়ী ।

লগতে পঢ়ক :হায়দৰাবাদ বিমান বন্দৰত তেলেংগানাৰ জীয়ৰী নিখাতক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.