চলি থকা এদিনীয়াত কিয় হাৰ্দিকে বলিং কৰা নাই !

author img

By

Published : Mar 27, 2021, 6:38 PM IST

চলি থকা এদিনীয়াত কিয় হাৰ্দিকে বলিং কৰা নাই..!

ভাৰত বনাম ইংলেণ্ডৰ এদিনীয়া শৃংখলাত ভাৰতৰ অন্যতম অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বলিং নকৰাক লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে । ইয়াৰ পিছতে হাৰ্দিকক বলিং কৰিবলৈ নিদিয়া বিষয়কলৈ প্ৰথমবাৰলৈ মুখ খুলিলে অধিনায়ক বিৰাট কোহলীয়ে ।

স্পৰ্টছ ডেস্ক,২৭ মাৰ্চ: ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা চলি আছে । ইতিমধ্যে তিনিদিনীয়া শৃংখলাটোত ভাৰত আৰু ইংলেণ্ড উভয় দলে এখনকৈ খেলত বিজয় সাব্যস্ত কৰিছে । কিন্তু এদিনীয়া শৃংখলাটোত ভাৰতৰ অন্যতম অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বলিং নকৰাকলৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে ।

আইপিএল আৰু টি-২০ত বলিঙেৰে সুন্দৰ প্ৰদৰ্শন কৰা হাৰ্দিক পাণ্ডিয়াক এই শৃংখলাত বলিং কৰিবলৈ নিদিয়াকলৈ বহুতে সমালোচনা কৰাও দেখা গৈছে ভাৰতীয় দলটোক । ইয়াৰ মাজতে এই বিষয়কলৈ মুখ খুলিলে অধিনায়ক বিৰাট কোহলীয়ে । কোহলীয়ে খেলৰ পিছৰ এক সংবাদমেলত কয় যে হাৰ্দিকক বলিং কৰিবলৈ দিয়া বিষয়টো দলৰ মেনেজমেন্টে পৰিচালনা কৰি আছে । তেওঁৰ শৰীৰৰ ওপৰত চাপৰ কথা চিন্তা কৰা হৈছে । যাতে তেওঁৰ ওপৰত অধিক চাপ নপৰে সেয়ে কোনটো পৰ্যায়ত তেওঁক বলিং কৰিবলৈ দিয়া উচিত হ'ব সেয়াও নিৰীক্ষণ কৰা হৈ আছে ।

আনহাতে বিৰাট কোহলীয়ে ইয়াকো উল্লেখ কৰে যে যিহেতু অহা আগষ্ট মাহত ইংলেণ্ডৰ সৈতে পুনৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত সেয়ে হাৰ্দিক পাণ্ডিয়া সুস্থ হৈ থকাটো অতি প্ৰয়োজন । উল্লেখ্য যে ২০১৯ চনত এক অস্ত্ৰোপচাৰৰ সন্মুখীন হৈছিল হাৰ্দিক পাণ্ডিয়া আৰু তাৰ পিছতে আইপিএলত যোগদান কৰিছিল খেলুৱৈ গৰাকীয়ে ।

লগতে পঢ়ক: ভাৰতীয় বলাৰ প্ৰসিদ্ধ কৃষ্ণৰ চৰ্চা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.