আফগানিস্তান সংকট: বাতিল হ’ল পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া শৃংখলা

author img

By

Published : Aug 24, 2021, 1:57 PM IST

Pak vs Afg

বাতিল কৰা হ’ল পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া শৃংখলা ৷ পাকিস্তান ক্ৰিকেট ব'ৰ্ডে জনোৱা মতে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বাবে দুয়োটা দলৰ মাজত হ'বলগীয়া এদিনীয়া শৃংখলা বাতিল কৰা হৈছে ।

স্পৰ্টছ ডেস্ক,২৪ আগষ্ট : তালিবানৰ (Taliban) আফগানিস্তান দখলে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সমান্তৰালকৈ বহু ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰাও দেখা গৈছে । ক্ৰীড়া ক্ষেত্ৰতো ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে ।

আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বাবে আফগানিস্তান আৰু পাকিস্তানৰ মাজত হ'বলগীয়া ক্ৰিকেট শৃংখলাও পিছুৱাই দিয়া হৈছে । অহা মাহত দুয়োখন দেশৰ পুৰুষৰ ক্ৰিকেট দলৰ তিনিদিনীয়াকৈ এদিনীয়া শৃংখলা অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু কাবুলত বিমান পৰিচালনা ব্যাহত হোৱাৰ বাবে ২০২২ লৈ এই শৃংখলা পিছুৱাই দিয়া হয় ।

পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (PCB) এই কথা নিশ্চিত কৰিছে । দুয়োখন ব'ৰ্ডৰ সন্মতিক্ৰমে এই শৃংখলা পুনৰ ২০২২ ত আয়োজন কৰা হ'ব ।

পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (Pakistan Cricket Board) এক বিবৃতিযোগে জনোৱা মতে কাবুলত বিমান পৰিচালনা ব্যাহত, শ্ৰীলংকাত ক'ভিড (Covid) সংক্ৰমণৰ সংখ্যা বৃদ্ধি, খেলুৱৈসকলৰ মানসিক অৱস্থা, সম্প্ৰচাৰ সঁজুলি উপলব্ধ নোহোৱা আদি কেইবাটাও বিষয় উত্থাপন কৰি আফগানিস্তান ক্ৰিকেট ব'ৰ্ডে (Afghanistan Cricket Board) পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ সৈতে যোগাযোগ কৰিছিল ।

পিচিবিৰ সঞ্চালক জাকিৰ খানে জনোৱা মতে এই শৃংখলা সম্পন্ন কৰাৰ বাবে দুয়োখন দেশে ঘনিষ্ঠভাৱে কাম কৰি আছিল । কিন্তু আফগানিস্তানৰ শেহতীয়া প্ৰত্যাহ্বানৰ কথা বুজি পাই ২০২২ লৈ শৃংখলাটো পিছুৱাই দিয়া হৈছে । তেওঁ লগতে কয় যে, এই শৃংখলা খেলাৰ বাবে পিচিবিয়ে যথেষ্ট চেষ্টা চলাব । কিয়নো আইচিচি বিশ্বকাপ ২০২৩ৰ যোগ্যতা অৰ্জনৰ ক্ষেত্ৰত দুয়োটা দলৰ বাবে এই শৃংখলা অতি গুৰুত্বপূৰ্ণ ।

ইয়াৰ মাজতে আজিজুল্লাহ ফজলীক (Azizullah Fazli) পুনৰ আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । ফজলীয়ে ইতিমধ্যে এচিবিৰ অধ্যক্ষ হিচাপে এটা কাৰ্যকাল সম্পূৰ্ণ কৰিছিল । আতিফ মাশালৰ (Atif Mashal) পদত্যাগৰ পাছত ২০১৮ চনৰ ছেপ্টেম্বৰৰ পৰা ২০১৯ৰ জুলাইলৈকে তেওঁ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক :ভাৰতীয় খেলুৱৈ প্ৰিয়া মোহনৰ প্ৰদৰ্শনকলৈ আনন্দিত হিমা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.