আজিৰ দিনটোতে 6 বলত ছয়টা ছিক্সৰে অভিলেখ গঢ়িছিল যুৱৰাজ সিঙে

author img

By

Published : Sep 19, 2021, 2:00 PM IST

19 september on this day yuvraj singh smashed 6 sixes in an over in 2007 t20 world cup

ক্ৰিকেটৰ ইতিহাসত আজিৰ দিনটো এক স্মৰণীয় দিন ৷ 2007 চনত আজিৰ দিনটোতে ইংলেণ্ডৰ বিৰুদ্ধে টী20 বিশ্বকাপৰ মেচত যুৱৰাজ সিঙে ছয়টা বলত ছয়টা ‘ছিক্স’ কোবাইছিল ৷

স্প’ৰ্টছ ডেস্ক, 19 ছেপ্তেম্বৰ : ভাৰতীয় ক্ৰিকেটৰ এনে এগৰাকী খেলুৱৈ যাক ‘চিক্সাৰ কিং’ বুলি জনা যায়, তেওঁ হ’ল যুৱৰাজ সিং ৷ আজিৰ দিনটোতে যুৱৰাজ সিঙে দুৰ্দান্ত প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰিছিল, যি আজিও অপ্ৰতিৰোধ্য হৈ আছে ৷ 2007 চনৰ 19 ছেপ্তেম্বৰ ৷ এই দিনটোতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত টী20 ক্ৰিকেট বিশ্বকাপত ভাৰত বনাম ইংলেণ্ড খেলখনত ছয়টা বলত ছয়টা ছিক্স কোবাবলৈ সক্ষম হৈছিল যুৱৰাজ সিঙে ৷

এই খেলখনত এণ্ড্ৰিউ প্লিণ্টাফৰ সৈতে মতানৈক্য হোৱাৰ পিছতে যুৱৰাজ সিঙে ষ্টুৱাৰ্ড ব্ৰেডক নিজৰ লক্ষ্য কৰি লয় ৷ যুৱৰাজে ব্ৰেডৰ এই অভাৰটোত এটাৰ পিছত আনটোকৈ ছয়টা ‘ছিক্স’ কোবাই নিজৰ খং শান্ত কৰে ৷ যুৱৰাজৰ এই প্ৰদৰ্শনত ষ্টেডিয়ামত উপস্থিত সকলো দৰ্শকেই যুৱৰাজ-যুৱৰাজ ধ্বনিৰে মুখৰিত তোলে ৷ সেই খেলখনত যুৱৰাজে 12 টা বলত অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ এই ৰেকৰ্ড আজিও অপ্ৰতিৰোধ্য হৈ আছে ৷

যুৱৰাজে ষ্টুৱাৰ্ড ব্ৰেডৰ প্ৰথমটো বল কাই কৰ্ণাৰৰ ওপৰেৰে মাৰি পঠিয়ায় ৷ বলটো ষ্টেডিয়ামৰ বাহিৰলৈ যায় ৷ অভাৰৰ প্ৰম’টো ‘ছিক্স’ 111 মিটাৰ উচ্চতালৈ গৈছিল ৷

লগতে পঢ়ক : ক্ৰমাৎ সুস্থ হৈ উঠিছে কিংবদন্তী খেলুৱৈ পেলে

দ্বিতীয়টো বল ষ্টুৱাৰ্ডে যুৱৰাজৰ ভৰিলৈ মাৰি পঠিয়ায় কিন্তু যুৱৰাজে ফ্লিক শ্বট খেলে ৷ তাৰপিছতে বল বেকৱৰ্ড স্কোৱেৰ লেগৰ ওপৰেৰে যায় আৰু অভাৰৰ দ্বিতীয়টো 6 হয় ৷ ব্ৰেডে তৃতীয়টো বল লোৱাৰ ফুলটচ দিয়ে ৷ যুৱৰাজে ষ্টাম্পৰ লাইনত অহা বলটো ঠাই উলিয়াই অতিৰিক্ত কভাৰৰ ওপৰৰে খেলে ৷ এনেদৰে তেওঁ অভাৰৰ তৃতীয়টো ‘ছিক্স’ স্কোৰ কৰে ৷

চতুৰ্থটো বলত ষ্টুৱাৰ্ডে পুনৰবাৰ ৰাউণ্ড দ্য উইকেট বলিং কৰাৰ সিদ্ধান্ত লয়, যি তেওঁ প্ৰথমটো বলত কৰিছিল ৷ যুৱৰাজে সেইটো বেকৱৰ্ড পইণ্টৰ ওপৰেৰে খেলে আৰু চতুৰ্থটো 6 কোবায় ৷ পঞ্চমটো বলত ব্ৰেডে পুনৰবাৰ অভাৰ দ্য উইকেট বলিং কৰাৰ সিদ্ধান্ত লয় ৷ যুৱৰাজে এইবাৰ নিজৰ আঁঠু মাটিত লগাই বলটো মিড উইকেটৰ ওপৰেৰে খেলে ৷ পঞ্চমটো ছিক্সৰ পিছত ষ্টেডিয়ামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷

অভাৰৰ শেষৰটো বল ব্ৰেডে দীঘলীয়াকৈ মাৰি পঠিয়ায় ৷ যুৱৰাজে এইবাৰ মিড অনৰ ওপৰেৰে খেলে আৰু ছয়টা বলত 6 টা ছিক্স অৰ্জন কৰে ৷ এনেদৰেই যুৱৰাজে 12 বলত নিজৰ 50 ৰাণ সম্পূৰ্ণ কৰে ৷ টী20 আন্তঃৰাষ্ট্ৰীয়ৰ ইতিহাসত ই আটাইতকৈ শীঘ্ৰে অৰ্জন কৰা অৰ্ধশতক ৷ এই খেলখনত যুৱৰাজে মুঠ 16 বলত 58 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : ৰবি শাস্ত্ৰীৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব অনিল কুম্বলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.