Ind vs NZ Test : টছত জিকি বেটিঙৰ সিদ্ধান্ত টীম ইণ্ডিয়াৰ

author img

By

Published : Nov 25, 2021, 11:16 AM IST

ind vs nz test

ভাৰত আৰু নিউজিলেণ্ড(India vs New Zealand)ৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচ(Test Match)ত টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত টীম ইণ্ডিয়া(Team India)ৰ ৷ বিৰাট কোহলী(Virat Kohli)ৰ অনুপস্থিতিত দলটোক নেতৃত্ব দিছে আজিংক্য ৰাহানে(Ajinkya Rahane)ই ৷ এই মেচৰ জৰিয়তে টেষ্ট মেচত আত্মপ্ৰকাশ ঘটিছে শ্ৰেয়াছ আয়াৰ(Shreyas Iyer)ৰ ৷

স্প’ৰ্টছ ডেস্ক, 25 নৱেম্বৰ : বৃহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে ভাৰত আৰু নিউজিলেণ্ড(India vs New Zealand)ৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচ(Test Match) ৷ পুৱা 9.30 বজাত আৰম্ভ হৈছে প্ৰথমখন টেষ্ট মেচ শৃংখলাৰ প্ৰথমটো দিনৰ খেল ৷ কাণপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়াম(Green Park Stadium)ত অনুষ্ঠিত হোৱা এই মেচত টীম ইণ্ডিয়া(Team India) প্ৰথমে টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

এই মেচত বিৰাট কোহলী(Virat Kohli)ৰ অনুপস্থিতিত দলটোক নেতৃত্ব দিছে আজিংক্য ৰাহানে(Ajinkya Rahane)ই ৷ আনহাতে মিডল অৰ্ডাৰ(Middle-Order) বেটিঙত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ৰাহানে আৰু চেতেশ্বৰ পূজাৰা(Cheteshwar Pujara)ই ৷ টছ সন্দৰ্ভত ৰাহানে কয়, "আমি প্ৰথমে বেটিং কৰিব বিচাৰিছো । পিটছখন বেটিং উপযোগী । আমি সকলোৱে নতুন প্ৰশিক্ষক আৰু খেলুৱৈৰ সৈতে খেলিবলৈ উৎসাহিত । মই ব্যক্তিগতভাৱে ৰাহুল দ্ৰাবিড়(New Team Coach rahul Dravid)ৰ তত্বাৱধানত খেলি ভালপাও" ৷

উল্লেখ্য যে, আজিৰ এই মেচৰ জৰিয়তে টেষ্ট মেচত ভৰি দিছে শ্ৰেয়াছ আয়াৰে(Shreyas Iyer) ৷ গতিকে এই টেষ্ট মেচক লৈ নিশ্চয়কৈ উৎসাহিত খেলুৱৈ, প্ৰশিক্ষকৰ লগতে ক্ৰিকেটপ্ৰেমীসকল ৷

টীম ইণ্ডিয়া : শুভমন গীল, মায়ংক আগৰৱালা, চেতেশ্বৰ পূজাৰা, আজিংক্য ৰাহানে(c), শ্ৰেয়াছ আয়াৰ, ঋদ্ধিমান সাহা(wk), ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, ৰবিচন্দ্ৰন অশ্বিন, ঈশান্ত শৰ্মা আৰু উমেশ যাদৱ ৷

টীম নিউজিলেণ্ড : কেন উইলিয়ামছন(c), টম ব্লান্দেল, কাইন জেমিছন, টম লাথাম, হেনৰী নিকোলছ, আজাজ পেটেল, ৰাচিন ৰবীন্দ্ৰ, উইল সোমাৰভাইল, টীম চাউথী, ৰছ টেইলৰ আৰু উইল ইয়ং ৷

লগতে পঢ়ক : ISIS threats Gautam Gambhir : প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি ISIS ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.