ASIA CUP 2022 : এতিয়াও এছিয়া কাপৰ ফাইনেল খেলিব পাৰিব ভাৰতে !

author img

By

Published : Sep 7, 2022, 10:20 AM IST

ASIA CUP 2022

এছিয়া কাপৰ চুপাৰ-৪ ৰ দ্বিতীয়খন খেলতো ভাৰতৰ শোচনীয় পৰাজয় (India lose to Sri Lanka)। এছিয়া কাপৰ পৰা দলটো বাহিৰ হোৱাটো প্ৰায় নিশ্চিত যদিও এতিয়াও কিছু আশা বুকুত বান্ধি ৰাখিছে দলটোৱে । অৱশ্যে ভাৰতৰ সপোন পূৰণ কৰিবলৈ বাকী দলবোৰৰ ফলাফলবোৰ চাব লাগিব । কেনেদৰে ভাৰতে ফাইনেল খেল খেলিবলৈ সক্ষম হ'ব ?

স্পৰ্টছ ডেস্ক,৭ ছেপ্টেম্বৰ : এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাৰ বৃহৎ জয় (Sri Lanka beat India at Asia Cup)। ৬ উইকেটত চুপাৰ ৪ৰ গুৰুত্বপূৰ্ণ খেলখনত শ্ৰীলংকাৰ হাতত ভাৰত পৰাস্ত হয় । একপ্ৰকাৰ এছিয়া কাপৰ পৰা বাহিৰ হ'ল ভাৰতীয় দলটো । অৱশ্যে বাকী দলবোৰৰ ফলাফলে ভাৰতক এছিয়া কাপৰ ফাইনেললৈ যোৱাৰ সপোন পূৰণ কৰিব পাৰিব ! যাৰ বাবে এতিয়া ভাৰতীয় দলটো আৰু দেশবাসীৰ দৃষ্টি বাকী দলবোৰৰ ফলাফলৰ ওপৰত থাকিব ।

উল্লেখ্য যে মঙলবাৰৰ খেলখনত দ্বিতীয় ইনিংছত শ্ৰীলংকাক ২ অভাৰত ২১ ৰাণৰ প্ৰয়োজন আছিল (Asia Cup 2022 IND vs SL)। ভুৱনেশ্বৰ কুমাৰে ১৯ নম্বৰ অভাৰত ১৪ ৰাণ দিয়াৰ লগে লগে খেলখন শ্ৰীলংকাৰ হাতলৈ যায় । অৱশেষত ১ টা বল বাকী থকা অৱস্থাত ১৭৪ ৰাণৰ লক্ষ্যত উপনীত হয় শ্ৰীলংকা দলটো । খেলখনত ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই ৪১ টা বলত ৭২ ৰাণ সংগ্ৰহ কৰিছিল যদিও দলটোৰ পৰাজয়ে নিৰাশ কৰিছে ক্ৰিকেট প্ৰেমীক । ইয়াৰ বিপৰীতে বিৰাট কোহলীৰ প্ৰদৰ্শনেও ভাৰতীয় ক্ৰিকেট প্ৰেমীক নিৰাশ কৰিছে । কিয়নো শ্ৰীলংকাৰ বিৰুদ্ধে ১ ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে কোহলীয়ে ।

ভাৰতীয়সকল নিৰাশ হ'লেও এছিয়া কাপৰ পৰা দলটো বাহিৰ হোৱা বুলি এতিয়াও ক'ব নোৱাৰি । কাৰণ বাকী দলকেইটাৰ পৰৱৰ্তী খেলৰ প্ৰদৰ্শনৰ ওপৰত সকলো নিৰ্ভৰ কৰিব । এতিয়াও ভাৰতে ফাইনেল খেলিবলৈ সক্ষম হ'ব পাৰিব (India chance to play Asia cup final)।

ভাৰতে ফাইনেল খেলিবলৈ হ'লে -

  • ভাৰতে চুপাৰ-৪ৰ অন্তিম খেলত আফগানিস্তানক পৰাস্ত কৰিব লাগিব ।
  • শ্ৰীলংকাই পৰৱৰ্তী খেলত পাকিস্তানক পৰাস্ত কৰিব লাগিব ।
  • আফগানিস্তানৰ দলেও পাকিস্তানক পৰাস্ত কৰিব লাগিব ।
  • এইখিনি হোৱাৰ পাছত ৬ পইণ্টৰ সৈতে শ্ৰীলংকা তালিকাৰ ১ নম্বৰ স্থানত থাকিব । ভাৰত, পাকিস্তান আৰু আফগানিস্তানৰ ২ পইণ্টকৈ থাকিব । এই তিনিওটা দলৰ ভিতৰত ভাৰতৰ নেট ৰাণ ৰেট সকলোতকৈ ভাল হ'ব লাগিব ।

উল্লেখ্য যে মঙলবাৰৰ খেলখনত শ্ৰীলংকাৰ হৈ কুশল মেণ্ডিছে ৩৭ বলত ৫৭ ৰাণ সংগ্ৰহ কৰে । সমান্তৰালকৈ পাথুম নিচাঙ্কাইও ৫২ ৰাণ সংগ্ৰহ কৰে । আনহাতে অধিনায়ক ডাচুন শনাকাই অন্তিম পৰ্যায়লৈ খেলি মাত্ৰ ১৮ টা বলত ৩৩ ৰাণ সংগ্ৰহ কৰি দলটোক বিজয়ৰ মুখ দেখুৱাই ।

লগতে পঢ়ক :আৰ্শদীপে কেচ মিছ কৰাত অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.