WTC: ভাৰতীয় দললৈ পৰামৰ্শ প্ৰাক্তন উইকেট কিপাৰ ফাৰুখ ইঞ্জিনীয়াৰৰ

author img

By

Published : Jun 18, 2021, 8:33 PM IST

ভাৰতীয় দললৈ পৰামৰ্শ প্ৰাক্তন উইকেট কিপাৰ বেটচমেন ফাৰুখ ইঞ্জিনীয়াৰৰ

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (world test championship) ৰ ফাইনেলৰ প্ৰাক্ মূহুৰ্তত ভাৰতীয় দললৈ কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ ভাৰতীয় দলৰ প্ৰাক্তন কিংবদন্তী উইকেট কিপাৰ বেটচমেন ফাৰুখ ইঞ্জিনীয়াৰ (farook Engineer)ৰ ৷ ভাৰতীয় বেটচমেনক সম্পূৰ্ণ হাফ ভোলী ( half volley) বলবোৰহে খেলিবলৈ পৰামৰ্শ দিছে প্ৰাক্তন ভাৰতীয় খেলুৱৈ গৰাকীয়ে ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ(WTC) জয়লাভ কৰিব পাৰিলে বিৰাট কোহলীৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ সফলতা হ’ব বুলি মন্তব্য কৰে কিংবদন্তী উইকেট কিপাৰ বেটচমেনগৰাকীয়ে ৷

স্পোৰ্টচ ডেক্স, 18 জুন : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ৰ প্ৰাক্ মূহুৰ্তত ভাৰতীয় দললৈ কেইটামান গুৰুত্বপূৰ্ণ কেইটামান পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় দলৰ প্ৰাক্তন কিংবদন্তী উইকেট কিপাৰ বেটচমেন ফাৰুখ ইঞ্জিনীয়াৰে (farook Engineer) ৷ ভাৰতীয় বেটচমেনক সম্পূৰ্ণ হাফ ভোলী ( half volley) বলবোৰহে খেলিবলৈ পৰামৰ্শ দিছে প্ৰাক্তন ভাৰতীয় খেলুৱৈ গৰাকীয়ে ৷ ভাৰতীয় উইকেটত হাফ ভোলী ( half volley) বলবোৰ খেলিবলৈ সহজ কিন্তু ইংলেণ্ডৰ উইকেট সম্পূৰ্ণ ব্যতিক্ৰম ৷ ইংলেণ্ডৰ পৰিৱেশত নিউজিলেণ্ডৰ বলাৰ টেন্ট বোল্ট (Trent Boult) আৰু টিম ছাউদি (Tim Southee) য়ে পলমকৈ ছুইং কৰিব পাৰে যাৰ পৰিপেক্ষিতত বলাৰ দুগৰাকীয়ে দুৰ্দান্ত ৰূপ ধাৰণ কৰিব পাৰে বুলি মন্তব্য কৰে ৷

নিউজিলেণ্ড(New Zealand)ৰ বলাৰ সকলে ভাৰতীয় বেটচমেনসকলক লেট ছুয়িং (late swing) কৰি শ্লিপ(slip) আৰু গালি(gully) ত আউট কৰাৰ প্ৰয়াস কৰিব পাৰে ৷ বলৰ আচৰণৰ ওপৰত লক্ষ্য কৰি খেলিবলৈ পৰামৰ্শ দি ভাৰতীয় উইকেটৰ দৰে উইকেট ভাবি বলবোৰ নেখেলিবলৈ পৰামৰ্শ দিয়ে ভাৰতৰ প্ৰাক্তন উইকেট কিপাৰ বেটচমেন গৰাকীয়ে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত জনোৱা মতে, শেষতীয়াকৈ অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় খেলুৱৈ শুভমন গিল(shubman Gill), ঋষভ পন্ট(Rishab pant), পুজাৰাই(Pujara) ভাল প্ৰদৰ্শন কৰাত প্ৰৱল আত্মবিশ্বাসী হৈ আছে বুলি মন্তব্য কৰে ৷

প্ৰথমটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ(WTC) জয়লাভ কৰিবলৈ ভাৰতীয় দলটোৰ বাবে ৰোহিত শৰ্মা (Rohit Sharma) আৰু শুভমন গিল(Shubman Gil)ৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰিব যদিও সম্পূৰ্ণ টিমৰ প্ৰদৰ্শন যথেষ্ট নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন খেলুৱৈ গৰাকীয়ে ৷ যদিও ৰোহিত শৰ্মা (Rohit Sharma) আৰু বিৰাট কোহলী(Virat Kohli) ক অতি সাৱধানে বেটিং কৰিবলৈ বিশেষভাৱে পৰামৰ্শ প্ৰদান কৰা পৰিলক্ষিত হয় ৷

ৰোহিত শৰ্মা (Rohit Sharma) আৰু গিল (Shubman Gil) যথেষ্ট আক্ৰমণাত্মক খেলুৱৈ ৷ তেওঁলোকে খেলপথাৰৰ চাৰিওফালে খেলাত যথেষ্ট পাৰ্গত কিন্তু বলটো নতুন অৱস্থাত থাকিলে লেচ ছুয়িঙ( Late swing) ৰ সময়ত যথেষ্ট সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য আগবঢ়ায় ৷ নিউজিলেণ্ডৰ বলাৰৰ শক্তিশালী দিশ হৈছে হাফ ভোলী( half volley) গতিকে ভাৰতীয় বেটচমেন অভি সাৱধান হোৱাৰ প্ৰয়োজন বুলি মন্তব্য কৰে ফাৰুখ ইঞ্জিনীয়াৰে (farook Engineer) ৷

অধিয়ানক হৈ বিৰাট কোহলী (Virat kohli) য়ে এতিয়ালৈকে উল্লেখযোগ্য প্ৰাপ্তি লাভ কৰিব পৰা নাই যদিও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ(WTC) জয়লাভ কৰিব পাৰিলে এয়া এক গুৰুত্বপূৰ্ণ সফলতা হ’ব বুলি মন্তব্য কৰে কিংবদন্তী উইকেট কিপাৰ বেটচমেন ফাৰুখ ইঞ্জিনীয়াৰে ৷

লগতে পঢ়ক :গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.