সুস্থ হৈ পুনৰ ভাৰতীয় দললৈ উভতিল টি নটৰাজন

author img

By

Published : Mar 19, 2021, 7:45 PM IST

সুস্থ হৈ পুনৰ ভাৰতীয় দললৈ উভতিল টি নটৰাজন

সকলো ফৰমেটত আত্মপ্ৰকাশ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শনেৰে সকলোকে প্ৰভাৱিত কৰা নটৰাজনে কান্ধত আৰু আঁঠুৰ আঘাতৰ বাবে ভাৰত-ইংলেণ্ডৰ টি-২০ শৃংখলাৰ প্ৰথম দুখন খেলৰ পৰা বাহিৰত আছিল ।

স্পৰ্টছ ডেস্ক,১৯ মাৰ্চ: ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ শৃংখলা চলি থকাৰ লগতে সন্মুখত টি-২০ বিশ্বকাপ তাৰ মাজতে ভাৰতীয় দলটোৰ বাবে এক ভাল খবৰ । দললৈ উভতি আহিল য়ৰ্কাৰ ষ্পেচিয়েলিষ্ট থাংগাৰাছু নটৰাজন । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত আঘাতপ্ৰাপ্ত হৈছিল পেছ বলাৰজন যাৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা বাহিৰত আছিল খেলুৱৈ গৰাকী ।

অৱশেষত স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে আহমেদাবাদলৈ ঘূৰি আহে খেলুৱৈগৰাকী । অৱশ্যে ক'ভিড প্ৰট'ক'লৰ বাবে কোৱাৰেন্টাইনত আছিল খেলুৱৈগৰাকী আৰু চতুৰ্থ টি-২০ ৰ সময়ত দলটোত যোগদান কৰে বলাৰজনে ।

উল্লেখ্য যে ২৯ বছৰীয়া নটৰাজনে সকলো ফৰমেটত আত্মপ্ৰকাশ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিজৰ প্ৰদৰ্শনেৰে সকলোকে প্ৰভাৱিত কৰিছিল । নটৰাজনে য়োয়ো আৰু ২ কি:মি: ৰাণকে ধৰি সকলো বাধ্যতামূলক স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কথা স্পষ্ট কৰে বিচিচিআইৰ এগৰাকী শীৰ্ষ বিষয়াই ।

ইফালে তেওঁৰ পুনৰ আগমনৰ পিছতে পৰৱৰ্তী খেল আৰু ৫০ অ'ভাৰৰ শৃংখলাৰ বাবে ভাৰতীয় দলৰ খেলুৱৈৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভূক্ত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:অন্তিম অ'ভাৰত যাদু দেখুৱালে শ্বাৰদুল ঠাকুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.