ভাৰত বনাম ইংলেণ্ড: এদিনীয়া শৃংখলাত অন্য এক নিদৰ্শন ৰোহিত-ধৱনৰ

author img

By

Published : Mar 28, 2021, 7:15 PM IST

IND vs ENG

ভাৰত আৰু ইংলেণ্ডৰ মাজত হোৱা এদিনীয়া শৃংখলাত ভাৰতীয় দলৰ অ’পেনাৰ ৰোহিত শৰ্মা আৰু শিখৰ ধৱনে দেখুৱাইছে উৎকৃষ্ট প্ৰদৰ্শন ৷ দুয়োগৰাকীৰ প্ৰচেষ্টাত 14 অ’ভাৰত 100 ৰাণ সংগ্ৰহ কৰে ভাৰতে ৷ ইতিমধ্যে অৰ্ধশতক ৰাণ সংগ্ৰহ কৰিছে ধৱনে ৷

স্পৰ্টছ ডেস্ক,28 মাৰ্চ : দেওবাৰে ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাত এক উৎকৃষ্ট প্ৰদৰ্শনেৰে অংশীদাৰিত্বত 5000 ৰাণ সংগ্ৰহ কৰি দ্বিতীয় ভাৰতীয় অংশীদাৰ যুঁটি হিচাপে স্বীকৃতি লাভ কৰিছে অ’পেনাৰ ৰোহিত শৰ্মা আৰু শিখৰ ধৱনে ৷

মহাৰাষ্ট্ৰ ক্ৰিকেট এচ’ছিয়েশ্যন ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয় এদিনীয়া খেলৰ সময়ত ৰোহিত আৰু ধৱনে অন্য এক মাইলৰ খুঁটি অৰ্জন কৰে । অংশীদাৰ যুঁটিত প্ৰথম ভাৰতীয় যুঁটি হিচাপে নাম আছে প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীৰ ।

আইপিএলৰ দল মুম্বাই ইণ্ডিয়ানছে টুইটযোগে সদৰি কৰা মতে, ৰোহিত আৰু ধৱনে এদিনীয়া শৃংখলাত অংশীদাৰিত্বত 5000 ৰাণ সংগ্ৰহ কৰিছে । শচীন-গাংগুলীৰ পাচত এই কৃতিত্ব অৰ্জন কৰা ৰোহিত-ধৱন দ্বিতীয় ভাৰতীয় যুঁটি হিচাপে পৰিগণিত হৈছে ৷

ৰোহিত-ধৱনে উৎকৃষ্টভাৱে শৃংখলাৰ আৰম্ভণি কৰি 18 অ’ভাৰত 100 ৰাণলৈ লৈ যায় দলটোক ৷ ইফালে ধৱনেও তেওঁৰ অৰ্ধশতক ৰাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ৷

অৱশেষত 15 অ’ভাৰত ৰোহিন-ধৱনৰ যুঁটি ভাঙি দিয়ে ইংলেণ্ডৰ বলাৰ আদিল হুছেইনে ৷ 38 ৰাণত ৰোহিতক আউট কৰে আদিলে ৷ ভাৰতে 15 অ’ভাৰত এটা উইকেট হেৰুৱাই 110 ৰাণত বৰ্তি থাকে ৷

লগতে পঢ়ক : নতুন জাৰ্চী মুকলি কৰিলে মুম্বাই ইণ্ডিয়ানছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.