এদিনীয়াত ইংলেণ্ডৰ হৈ সৰ্বাধিক শতক অৰ্জনৰ আশা জ'নি বেয়াৰষ্টোৰ

author img

By

Published : Mar 27, 2021, 7:22 PM IST

এদিনীয়াত ইংলেণ্ডৰ হৈ সৰ্বাধিক শতক অৰ্জনৰ আশা জ'নি বেয়াৰষ্টোৰ

চৰ্চাত ইংলেণ্ডৰ বেটছমেন জ'নি বেয়াৰষ্টো । প্ৰথম এদিনীয়াত ৯৪ ৰাণৰ পিছতে দ্বিতীয় এদিনীয়াতো প্ৰভাৱশালী শতক অৰ্জন জ'নি বেয়াৰষ্টোৰ । ইয়াৰ পিছতে খেলুৱৈ গৰাকীয়ে ঘোষণা কৰে যে এদিনীয়াত ইংলেণ্ডৰ হৈ সৰ্বাধিক শতক অৰ্জনৰ আশা আছে তেওঁৰ ।

স্পৰ্টছ ডেস্ক,২৭ মাৰ্চ: ভাৰতৰ বিৰুদ্ধে আলহী দল ইংলেণ্ডে দ্বিতীয় এদিনীয়াত বিজয় সাব্যস্ত কৰাৰ লগে লগে চৰ্চাত আছে ইংলেণ্ডৰ বেটছমেন জ'নি বেয়াৰষ্টো । জ'নি বেয়াৰষ্টোৰ শতক, বেন ষ্টকছৰ ৯৯ ৰাণৰ সৈতে ভাৰতে বান্ধি দিয়া ৩৩৬ ৰাণৰ লক্ষ্য অতি সহজে অতিক্ৰম কৰিবলৈ সক্ষম হয় ইংলেণ্ডে । প্ৰথমখন এদিনীয়াত ৯৪ ৰাণ সংগ্ৰহ কৰা বেয়াৰষ্টোয়ে দ্বিতীয় এদিনীয়াত ১১ সংখ্যক শতক নিজৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পিছতে নিজৰ প্ৰদৰ্শনকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ইংলেণ্ড বেটছমেন জ'নি বেয়াৰষ্টোয়ে । ইংলেণ্ডৰ হৈ আটাইতকৈ বেছি শতক নিজৰ দখলত আনিব বিচাৰে বুলি মন্তব্য কৰে খেলুৱৈগৰাকীয়ে । নিজৰ প্ৰদৰ্শনত সন্তুষ্ট হৈ তেওঁ কয় যে, তেওঁ সংগ্ৰহ কৰা ৰাণকলৈ যথেষ্ট সুখী আৰু খেলত জয়ী নহ'লে এই বৃহৎ ৰাণৰ কোনো অৰ্থ নাথাকে বুলিও মন্তব্য কৰে বেয়াৰষ্টোয়ে ।ইফালে ইংলেণ্ড দলটোৰ কেইবাগৰাকী বেটছমেনৰ প্ৰশংসা কৰি দলটোৰ বেটিং অৰ্ডাৰৰ বিষয়ে কয় যে, সম্প্ৰতি দলটোৰ বেটছমেনৰ তালিকা অতি দীঘলীয়া আৰু শক্তিশালী ।

উল্লেখ্য যে, প্ৰথম এদিনীয়াত ভাৰতে বান্ধি দিয়া ৩১৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰা সময়তো বেয়াৰষ্টোয়ে দলটোক আকৰ্ষৰ্ণীয় আৰম্ভণি দিছিল কিন্তু মধ্যক্ৰমৰ বেটছমেনৰ বিফলতাৰ বাবে দলটোৱে ৬৬ ৰাণত পৰাজিত হৈছিল ।

লগতে পঢ়ক:নতুন জাৰ্চী মুকলি কৰিলে মুম্বাই ইণ্ডিয়ানছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.