গ্ৰেপ্তাৰ কৰা হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং !

author img

By

Published : Oct 17, 2021, 10:26 PM IST

cricketer-yuvraj-singh-arrested-for-casteist-remarks

অনুসূচীত জাতিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং ৷ সবিশেষ জানো আহক ৷

নেশ্বনেল ডেস্ক, 17 অক্টোবৰ : হাৰিয়ানা আৰক্ষীয়ে দেওবাৰে সন্ধিয়া ক্ৰিকেটাৰ যুৱৰাজ সিঙক অনুসূচীত জাতিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ এক গোচৰত গ্ৰেপ্তাৰ কৰে । অভিযোগ অনুসৰি যুৱৰাজে তেওঁৰ সতীৰ্থ ৰোহিত শৰ্মাৰ সৈতে অংশ লোৱা এটা ভিডিঅ' সাক্ষাৎকাৰৰ সময়ত দলিত সম্প্ৰদায়ৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল ৷

শৰ্মাৰ সৈতে এটা ইনষ্টাগ্ৰাম লাইভ চেছনৰ সময়ত সিঙে ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ বিষয়ে এটা আপত্তিজনক মন্তব্য কৰিছিল । ২০২০ চনত আইপিচি আৰু এছচি/এছটি আইনৰ ধাৰাৰ অধীনত অধিবক্তা ৰজত কালচানে হান্সি আৰক্ষী থানাত ক্ৰিকেটাৰজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল । কালচানে অভিযোগ কৰিছিল যে সিঙৰ মন্তব্যই দলিত সম্প্ৰদায়ৰ অনুভূতিক আঘাত কৰিছে ৷ তেওঁ কয় যে, বহু সংখ্যক লোকে ছ'চিয়েল মিডিয়াত ভিডিঅ'টো চাইছিল ।

সিঙৰ বিৰুদ্ধে অনুসূচীত জাতি/জনজাতি আইনৰ অধীনত ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষা আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছিল । অৱশ্যে, তেওঁ এই মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল আৰু কৈছিল যে তেওঁ 'অনিচ্ছাকৃতভাৱে' জনসাধাৰণৰ আৱেগক আঘাত কৰিছে উল্লেখযোগ্য যে, তাৰকা ক্ৰিকেটাৰজনে তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল ।

লগতে পঢ়ক : আলফাৰে শান্তি আলোচনা : পৰেশ বৰুৱাৰ অপেক্ষাত আৰু কিমান দিন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.