বিশ্বকাপৰ ফাইনেল: ষ্টেডিয়ামৰ ওপৰত বায়ুসেনাৰ দৰ্শনীয় ষ্টাণ্ট
Published: Nov 19, 2023, 8:20 PM

বিশ্বকাপৰ ফাইনেল: ষ্টেডিয়ামৰ ওপৰত বায়ুসেনাৰ দৰ্শনীয় ষ্টাণ্ট
Published: Nov 19, 2023, 8:20 PM
বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেল আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় বায়ুসেনাই দৰ্শনীয় প্ৰদৰ্শন কৰে। খেলৰ পূৰ্বে এনে এক শ্ব’ দেখি দৰ্শক ৰোমাঞ্চিত হৈ পৰিছিল। এই খেলৰ সময়ত আৰু অধিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ : আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হৈছে বিশ্বকাপ 2023 ৰ ফাইনেল মেচ ৷ ভাৰতীয় দলৰ মনোবল বৃদ্ধিৰ লগতে চূড়ান্ত খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামত 1.5 লাখৰো অধিক দৰ্শক উপস্থিত আছে ষ্টেডিয়ামত ৷ এই পৰিস্থিতিত বি চি চি আই আৰু ভাৰতীয় বায়ুসেনাও দৰ্শকক মনোৰঞ্জন দিয়াৰ ক্ষেত্ৰত পিছ পৰি থকা নাই ৷ ভাৰতীয় বায়ুসেনাই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টছৰ পিছত এক এয়াৰ শ্ব’ প্ৰদৰ্শন কৰে ৷ 15 মিনিট ধৰি চলে এই এয়াৰ শ্ব’ ৷
-
An absolute spectacle at the Narendra Modi Stadium! 🏟️#TeamIndia | #CWC23 | #MenInBlue | #Final | #INDvAUS pic.twitter.com/OMchf6BSni
— BCCI (@BCCI) November 19, 2023
সূৰ্য কিৰণ এৰোবেটিক দল হৈছে বায়ুসেনাৰ সেই দল, যিয়ে আকাশত দৰ্শনীয় ষ্টাণ্ট দেখুৱাইছে ৷ বায়ুসেনাই যেতিয়া আকাশত ষ্টাণ্ট কৰিছিল তেতিয়া ষ্টেডিয়ামত বহি থকা সকলোৱে এই দৃশ্য উপভোগ কৰিছিল ৷ এই অনুষ্ঠানটো দেখি সকলো দৰ্শক ৰোমাঞ্চিত হৈ পৰিছিল ৷ এই শ্ব'টোত 9 খন জাহাজে সূৰ্যৰ ৰশ্মি বনোৱাৰ এক্ৰ'বেটিকছ প্ৰদৰ্শন কৰে ৷ ভাৰতীয় বায়ুসেনাই ষ্টাণ্ট কৰাৰ সময়ত খেলপথাৰৰ ওপৰত ত্ৰিৰংগ পতাকাও সৃষ্টি কৰিছিল ৷
বায়ু সেনাৰ অনুষ্ঠানটোৰ শব্দ ইমান বেছি আছিল যে খেলপথাৰত তেওঁলোকৰ কামত ব্যস্ত ভাৰতীয় খেলুৱৈসকলও স্তম্ভিত হৈ গৈছিল, আৰু তেওঁলোকৰ মনোযোগ আকাশৰ ফালে আকৰ্ষিত হৈছিল ৷ যিটো তেওঁলোকে দীৰ্ঘ সময় ধৰি প্ৰশংসা কৰি আছিল ৷ ফাইনেলত প্ৰথমবাৰৰ বাবে এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে যে এখন দেশৰ সেনাই এনে ধৰণৰ এয়াৰ শ্ব' কৰিছে ৷
-
#WATCH | ICC World Cup Final: Indian Air Force's Surya Kiran Aerobatic Team performs air show over Narendra Modi Stadium in Ahmedabad, Gujarat#ICCWorldCup2023 #INDvsAUSfinal pic.twitter.com/An7wHKWGb7
— ANI (@ANI) November 19, 2023
ড্ৰিংকছ ব্ৰেকৰ সময়ত আদিত্য গাধৱীয়ে নিজৰ কণ্ঠেৰে দৰ্শকক মুগ্ধ কৰে ৷ বিশ্বকাপৰ ফাইনেল অনুষ্ঠানত ইনিংছ বিৰতিৰ সময়ত 500 গায়কৰ দলৰ সৈতে থিম পাৰ্টিত কণ্ঠদান কৰে জনপ্ৰিয় সংগীত পৰিচালক তথা কন্ঠশিল্পী প্ৰীতমে ৷ তেওঁলোকৰ উপৰিও ইনিংছ বিৰতিৰ সময়ত জ‘নিতা গান্ধী, অমিত মিশ্ৰ, আকাছা সিং আৰু তুষাৰ যোশীয়েও নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে ৷ ইয়াৰ পূৰ্বে কেতিয়াও ক’তো ফাইনেলত ইমান ডাঙৰ ইভেণ্ট অনুষ্ঠিত হোৱা নাছিল ৷
ভাৰতীয় দলৰ ক্ৰিকেটাৰ সকলক লৈ ভাৰতীয় অনুৰাগীৰ বহু আশা ৷ সমগ্ৰ দেশতে ক্ৰিকেটৰ উত্তেজনা তুংগত আছে কাৰণ আজি ভাৰতে আই চি চি বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হৈছে ৷ সমগ্ৰ দেশৰ আশা ভাৰতীয় জয়ৰ ওপৰত নিবদ্ধ হৈ আছে ৷
