70 শতাংশ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব T20 World Cup

author img

By

Published : Oct 4, 2021, 1:08 PM IST

T20 World Cup venues to operate at 70 per cent fan capacity

চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’ব টি20 বিশ্বকাপ ৷ এই উৎসুকতাৰ মাজতে ক্ৰিকেট অনুৰাগীসকলৰ বাবে আহিছে আন এক সু-খবৰ ৷ 70 শতাংশ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ’ব টি20 বিশ্বকাপৰ খেলসমূহ ৷

স্পৰ্টচ ডেস্ক, 4 অক্টোবৰ : চলিত মাহৰ শেষৰ পিনে UAE আৰু ওমানত অনুষ্ঠিত হ’ব টি20 বিশ্বকাপ ৷ বিশ্বকাপক লৈ ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে ৷ টি20 বিশ্বকাপ শৃংখলাখন প্ৰায় সাধাৰণভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে উদ্যোক্তাই ৷ ইয়াৰ মাজতে ক্ৰীড়াপ্ৰেমী সকলৰ বাবে আহিছে আন এক সু-খবৰ ৷ 70 শতাংশ দৰ্শকৰ উপস্থিত অনুস্থিত হ’ব টি20 বিশ্বকাপ ৷ ICCয়ে সদৰি কৰিছে এই কথা ৷

UAEত প্ৰতিটো ষ্টেডিয়ামতে মুঠ দৰ্শকৰ ক্ষমতাৰ 70 শতাংশ দৰ্শক উপস্থিত হ’ব পাৰিব ৷ আবু ধাবিয়ে তেওঁলোকৰ পূৱ আৰু পশ্চিম ঘাঁহৰ টিলাত সৰ্বাধিক চাৰিজন দৰ্শকৰ নতুন সামাজিক ভাৱে দূৰত্বৰ 'পড' প্ৰৱৰ্তন কৰিছে ৷ ইয়াৰ উপৰিও ওমান ক্ৰিকেট একাডেমীয়ে প্ৰায় 3000 অনুৰাগীক আদৰিবলৈ অস্থায়ীভাৱে আধাৰশিলা স্থাপন কৰিছে ৷

ICC আৰু অনুষ্ঠানৰ আয়োজক বি চি চি আইয়ে একত্ৰিতভাৱে অনুৰাগীসকলক সুৰক্ষিত এক পৰিৱেশত আদৰিবলৈ সুক্ষ্মভাৱে কাম আৰম্ভ কৰিছ ৷ প্ৰতিটো স্থানত ক’ভিড 19ৰ সকলো নীতি-নিয়ম সম্পূৰ্ণৰূপে মানি চলা হ’ব ৷

শৃংখলাৰ ৰাউণ্ড 1ৰ মেছখন মাস্কাতত ওমান আৰু পাপুৱা নিউ গিনিয়াৰ মাজত অনুষ্ঠিত হ’ব ৷ 23 অক্টোবৰত আবু ধাবিত চুপাৰ 12ৰ প্ৰথমখন মেছত মুখামুখী হ’ব অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা ৷ একেটা দিনতে আন এখন মেছত মুখামুখী হ’ব 2016ৰ টি20 বিশ্বকাপৰ দুয়োটা ফাইনেলিষ্ট দল ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ ৷

24 অক্টোবৰত ডুবাইত পাকিস্তানৰ বিপৰীতে খেলপথাৰত অৱতীৰ্ণ হ’ব ভাৰত ৷ ICCয়ে জানিবলৈ দিয়া অনুসৰি খেলৰ টিকটসমূহ অমান আৰু UAEত 10 OMR আৰু 30 AEDৰ মাজত উপলব্ধ হ’ব ৷

লগতে পঢ়ক : ডুবাইৰ পিট্ছত স্পিনাৰসকলক হিট কৰিবলৈ কঠিন: সুভম গীল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.